Logo
image

সাংসদ-কাণ্ডত ব্যৱহূত একাধিক অৰ্ধদগ্ধ মোবাইল ৰাজস্থানত উদ্ধাৰ

নতুন দিল্লী, ১৮ ডিচেম্বৰঃ লোকসভাত সংঘটিত কৰা স্ম’কবোমা কাণ্ডৰ প্ৰমাণ নষ্ট কৰিবলৈ মূল পৰিকল্পনাকাৰী ললিত ঝাই নিজৰ ম’বাইল ফোনটো দিল্লী-জয়পুৰৰ সীমান্তত পেলাই দিছিল৷ তদুুপৰি তেওঁৰ হাতত থকা আন পাঁচজন অভিযুক্তৰ ম’বাইল ফোনসমূহ ৰাজস্থানত জ্বলাই দিছিল৷ গ্ৰেপ্তাৰৰ পাছত সম্প্ৰতি ৭ দিনৰ আৰক্ষী জিম্মাত থকা ললিত ঝাই নিজৰ স্বীকাৰোক্তিত এই চাঞ্চল্যকৰ ভাষ্য প্ৰদান কৰে৷ ইয়াৰ পাছতে  আৰক্ষীয়ে ললিতক লৈ চলোৱা অভিযানত ৰাজস্থানৰ পৰা তেওঁৰ সহযোগী কেইজনৰ অৰ্ধ দগ্ধ ম’বাইল ফোনসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে বুধবাৰে লোকসভাত দৰ্শকৰ গেলাৰীৰ পৰা জঁপিয়াই জোতাৰ ভিতৰত লুকুৱাই নিয়া স্ম’কবোমাৰে সংসদৰ নিম্নসদন ধোঁৱাময় কৰিছিল ললিতৰ দুই সহযোগী মনোৰঞ্জন ডি আৰু সাগৰ শৰ্মা নামৰ যুৱক দুজনে৷ ইয়াৰ সমান্তৰালভাৱে লোকসভাৰ বাহিৰত আন দুজন সহযোগী অমল আৰু নীলমেও স্ম’ক বোমা ফুটাই চৰকাৰৰ বিৰুদ্ধে ‘স্বেচ্ছাচাৰিতা’ৰ প্ৰতিবাদ জনাইছিল৷ এই ঘটনাৰ লগে লগে সাগৰ, মনোৰঞ্জন, অমল আৰু নীলমক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যদিও ঘটনাটোৰ মূল পৰিকল্পনাকাৰী ললিত ঝাই ৰাজস্থানলৈ পলায়ন কৰে৷ ইয়াৰ পূৰ্বে ললিতে স্ম’কবোমা কাণ্ডৰ দৃশ্য ম’বাইল ফোনত আৱদ্ধ কৰি সেই ভিডিঅ’ সামাজিক মাধ্যমযোগে ভাইৰেল কৰি দিয়ে৷ পৰৱৰ্তী সময়ত বৃহস্পতিবাৰে মাজনিশা ললিত ঝাই ৰাজস্থানৰ পৰা উভতি আহি দিল্লী আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰাত আৰক্ষীয়ে লগে লগে তেওঁক গ্ৰেপ্তাৰ কৰে৷ সম্প্ৰতি জ্জ দিনৰ জিম্মাত থকা ললিতক আৰক্ষীয়ে ধাৰাবাহিক জেৰা অব্যাহত ৰাখিছে৷

ইপিনে যিজন বিজেপি সাংসদৰ পাছ লৈ মনোৰঞ্জন আৰু সাগৰ শৰ্মা নামৰ অভিযুক্তই লোকসভাৰ ভিতৰত প্ৰৱেশ কৰিছিল, সেইজন সাংসদ প্ৰতাপ সিমহাৰ বিৰুদ্ধেও আৰক্ষীয়ে পদক্ষেপ গ্ৰহণ কৰিবলৈ আগবাঢ়িছে৷ সেই অনুসৰি মহীশূৰৰ সাংসদ প্ৰতাপ সিমহাক জেৰা কৰাৰ বাবে দিল্লী আৰক্ষীয়ে লোকসভাৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ অধ্যক্ষ ওম বিৰালাই অনুমতি দিলেই দিল্লী আৰক্ষীৰ বিশেষ গোটৰ জেৰাৰ সন্মুখীন হ’ব লাগিব শাসকীয় দলৰ সাংসদজনো৷