Logo
image

হাওঁফাওঁ সুস্থ কৰি ৰাখিবলৈ এইবিধ সামগ্ৰীত ভৰসা ৰাখক

পাকঘৰত ক’লাজীৰা বা কালজীৰা ৰখাটো অতি আৱশ্যকীয়৷ ইলিছ মাছৰ মূৰ দি কচু শাকৰ আঞ্জাই হওক বা মচুৰ দাইলত ক’লাজীৰা যদি ব্যৱহাৰ কৰা নহয় তাৰ সোৱাদ পোৱা নাযায়৷ কেৱল ৰন্ধনৰ সোৱাদ বৃদ্ধি কৰিবলৈ নহয়, ক’লাজীৰাৰ ঔষধি গুণ অনেক৷ চৰ্দি হ’লে ক’লাজীৰা হাতত তলুৱাত ঘহি তাৰ গোন্ধ লওক, বন্ধ নাকৰ পৰা ততালিকে সুফল পাব৷ তদুপৰি ক্ৰণিক অসুখ দূৰ কৰাৰ ক্ষেত্ৰত এইবিধ মছলা জাতীয় খাদ্য সামগ্ৰী অতি উপকাৰী৷ 

🔷ক’লাজীৰা তিয়াই ৰখা পানীয়ে উচ্চ ৰক্ত চাপৰ মাত্ৰ নিয়ন্ত্ৰণ কৰি ৰাখে৷ উচ্চ ৰক্ত চাপত ভোগা ৰোগীয়ে নিঃসন্দেহে ভৰসা ৰাখিব পাৰে ক’লাজীৰাত ওপৰত৷ একাপ পানীত আধা চামুচ ক’লাজীৰা তিয়াই ৰাখি সপ্তাহত তিনি-চাৰিদিন খালে ৰক্তচাপ নিয়ন্ত্ৰণ হয়৷ 

🔷 ওজন কমোৱাৰ ক্ষেত্ৰত ক’লাজীৰাই বিশেষভাৱে সহায় কৰে৷ ক’লাজীৰাই চৰ্বি কমায়৷ শৰীৰত অতিৰিক্ত চৰ্বি কমোৱাৰ ক্ষেত্ৰত ক’লাজীৰাই সহায় কৰে৷ 

🔷 বদহজম, গেছ, পেটৰ সমস্যা দূৰ কৰিবলৈ ক’লাজীৰা ব্যৱহাৰ কৰিবপৰে৷ 

🔷 শীতকালত হাওঁফাওঁ সংক্ৰামণৰ আশংকা অধিক থাকে৷ তাৰ লগতে যদি হাপানীৰ সমস্যায়ো থাকে তেতিয়া হাওঁফাওঁ সুস্থ কৰি ৰাখিবলৈ ক’লাজীৰাই ঔষধৰ কাম কৰে৷ 

🔷 ক’লাজীৰাই স্মৃতি শক্তি উন্নত কৰে৷ হৃদৰোগজনিত সমস্যা হ্ৰাস কৰাৰ ক্ষেত্ৰত ক’লাজীৰা ব্যৱহাৰ কৰিব পৰে৷ ত্বক ভাল ৰখাৰ ক্ষেত্ৰত ক’লাজীৰা বেচ উপকাৰী৷