Logo
image

চি আই ডিৰ কাৰ্যালয়ত এপিএছচি কেলেংকাৰিৰ অভিযুক্ত এপিএছ ৰুমী তিমুংপী হাজিৰ

ডিজিটেল ডেস্কঃ অসম লোকসেৱা আয়োগৰ কেলেংকাৰি সন্দৰ্ভত ৰাজপত্ৰিত বিষয়াক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। সোমবাৰে পুৱাই চি আই ডিৰ কাৰ্যালয়ত অভিযুক্ত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুমী তিমুংপী উপস্থিত হয়। সোমবাৰে চি আই ডিৰ কাৰ্যালয়ত এছ আই টিয়ে জেৰা চলাই ৰুমী তিমুংপীক। 

এপিএছচিৰ ২০১৩ বৰ্ষৰ পৰীক্ষাত আটাইকেইখন কাকততে নম্বৰ বৃদ্ধি কৰাৰ অভিযোগ ৰাজপত্ৰিত বিষয়া ৰুমী তিমুংপীৰ বিৰুদ্ধে। প্ৰতিখন উত্তৰ বহীত ৫০ নম্বৰকৈ মুঠ ২০০ নম্বৰ পৰ্যন্ত বৃদ্ধি কৰি বৃহৎ পৰিমাণৰ টকাৰ বিনিময়ত ৰাকেশ পালে এপিএছ পদৰ বাবে বাছনি কৰিছিল ৰুমী তিমুংপীক ।

যাৰবাবে ৰুমী তিমুংপীক চমন জাৰি কৰিছিল এছ আই টি য়ে । চমন জাৰি কৰাৰ পিচতে সোমবাৰে এছ আই টি ৰ সন্মুখত হাজিৰ হয় ৰুমী তিমুংপী । ইফালে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত হৈ থকা ৰুমী তিমুংপীক ইতিমধ্যে নিলম্বন কৰিছে গৃহ বিভাগে । 

উল্লেখ্য যে ফাইনেল পৰীক্ষাত ফেইল কৰা ৰুমী তিমুংপী মুঠ ৪ খন উত্তৰ বহীৰ বিপৰীতে ৫০ নম্বৰকৈ ২০০ নম্বৰ বৃদ্ধি কৰি বাছনি কৰা হৈছিল । বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত ৰাকেশ পালৰ পৰা ৰাজপত্ৰিত বিষয়াৰ পদ ক্ৰয় কৰিছিল ৰুমী তিমুংপী তথা পৰিয়ালে । এইগৰাকী অভিযুক্ত কলংকৃত ৰাজপত্ৰিত বিষয়াৰ ভৱিষ্যতৰ ঠিকনা কি হব সেয়া হয়টো জেৰাৰ অন্তত পোহৰলৈ আহিব।