Logo
image

অম্বিকাগিৰীৰ কন্যায়ো জনালে আমাৰ মাটি দখল হোৱা নাই

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৯ ডিচেম্বৰঃ অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ পৰিয়ালৰ ভূমি বেদখলৰ বাতৰিক এইবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিশিষ্ট কবিগৰাকীৰ কনিষ্ঠ কন্যা যুগব্ৰতা দত্তই৷ অম্বিকাগিৰী ৰায়চৌধুৰীৰ পো-নাতি ৰত্নমগিৰী ৰায়চৌধুৰীয়ে গুৱাহাটীৰ গীতানগৰ অঞ্চলত অম্বিকাগিৰী ৰায়চৌধুৰী নিজৰ পৰিয়ালৰ কোনো মাটি নাই বুলি ‘আমাৰ অসম’লৈ পত্ৰ প্ৰেৰণ কৰি অৱগত কৰাৰ পাছত এইবাৰ ৰায়চৌধুৰীৰ কনিষ্ঠ কন্যা যুগব্ৰতা দত্তয়ো প্ৰয়াত মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে নামজাৰি কৰি দিয়া শিলপুখুৰীৰ ৩ কঠা ভূমিৰ বাহিৰে দেউতাকৰ নামত গুৱাহাটীৰ আন স্থানত মাটি থকাৰ কথা অস্বীকাৰ কৰিছে৷ এই সন্দৰ্ভত অম্বিকাগিৰী ৰায়চৌধুৰীৰ কনিষ্ঠ কন্যা যুগব্ৰতা দত্তই ‘আমাৰ অসম’লৈ এখন পত্ৰ প্ৰেৰণ কৰি কয় এইদৰে– ‘বিগত ৪-৫দিন ধৰি প্ৰচাৰ মাধ্যমত এটা বাতৰি বেছিকৈ প্ৰচাৰ হৈ থকা দেখা গৈছে৷ বাতৰিৰ শিৰোনাম অম্বিকাগিৰীৰ পৰিয়ালৰ মাটি দখল অথবা অম্বিকাগিৰীৰ মাটি দখল৷ মই অম্বিকাগিৰীৰ কনিষ্ঠ কন্যা হিচাপে জানো যে অম্বিকাগিৰী ৰায়চৌধুৰীৰ চান্দমাৰীৰ আছাম ট্ৰিবিউন প্ৰেছৰ কাষত থকা ৩কঠা মাটিয়েই একমাত্ৰ সম্বল৷ পিতৃ অম্বিকাগিৰীয়ে উজান বজাৰৰ লেম্ব ৰোডত থকা অধিবক্তা যোগেন বৰুৱাৰ মাটি লীজত লৈ অৰুণা প্ৰেছ দ্বিতীয়বাৰৰ বাবে স্থাপন কৰি পৰিয়ালসহ ঘৰ-দুৱাৰ সাজি তাতেই বসবাস কৰিছিল৷ কিন্তু ১৯৫২ চনত মাটিৰ মালিকে সেই মাটিৰ পৰা অম্বিকাগিৰীৰ প্ৰেছ তথা ঘৰ সকলো উচ্ছেদ কৰিছিল৷ উপায়ন্তৰ হৈ অম্বিকাগিৰীয়ে কিছুদিন হেপীভিলাৰ এটা ঘৰত সামান্য ভাড়াৰে থকাৰ পাছত শিলপুখুৰীৰ সোণাধৰ সেনাপতি দেৱৰ পূবফালৰ চৰকাৰী মাটিত এখন চালি সাজি তাত পৰিয়ালটো সংস্থাপিত কৰিছিল৷ সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধি অম্বিকাগিৰীৰ বৰপেটা সত্ৰত একেলগে শৰণ লোৱা সখী আছিল৷ পিতায়ে বিষ্ণু মেধিক ক’লে যে– মোৰ ল’ৰা-ছোৱালী আৰু পৰিয়াল এতিয়া ৰাস্তাত থাকিব লাগিব, তুমি কিবা এটা কৰা৷ মই এই মাটিত চালি সাজি লৈছোঁ৷ এই মাটিখিনি মোৰ নামত নামজাৰী কৰি দিয়া৷ সেই মৰ্মে ১৯৫২/৫৩ চনত পিতাৰ নামত আছাম ট্ৰিবিউনৰ সন্মুখৰ চৰকাৰী মাটিৰ ৩কঠা মাটি নামজাৰী হ’ল৷ তেতিয়াৰে পৰা অম্বিকাগিৰীৰ পৰিয়াল সেই মাটিতেই আছে৷ গুৱাহাটী চহৰত অম্বিকাগিৰীৰ আন কোনো মাটি নাই৷ মই জনাত যিখিনি মাটিৰ কথা ওলাইছে, সেই মাটিখিনি অম্বিকাগিৰীৰ ৩পুৰুষৰো অধিক হোৱা এজন ভাতৃ পৰমানন্দ ৰায়চৌধুৰীৰ [তেওঁৰো ৩ পুত্ৰৰ দুজন ইতিমধ্যে স্বৰ্গগামী হৈছে] মাজু পুত্ৰ ড॰ কৌমুদী ৰায়চৌধুৰীয়ে গীতানগৰ থানাত মাটিখিনি সম্পৰ্কত যি কেছ দিছে তাত অম্বিকাগিৰীৰ পৰিয়ালৰ মাটি বুলি লিখিছে সম্ভৱ৷ সেয়ে প্ৰচাৰ মাধ্যমে কথাটোত অধিক গুৰুত্ব দি অম্বিকাগিৰীৰ মাটি বা অম্বিকাগিৰীৰ পৰিয়ালৰ মাটি বুলি প্ৰচাৰ কৰিছে৷ এয়া ভুল হৈছে৷ গুৱাহাটীৰ শিলপুখুৰী অঞ্চলত আছাম ট্ৰিবিউন প্ৰেছৰ কাষত থকা মাটিখিনিহে অম্বিকাগিৰীৰ একমাত্ৰ মাটি৷ গুৱাহাটী বা অসমৰ আন কোনো ঠাইত অম্বিকাগিৰীৰ মাটি নাই৷’ স্বাভাৱিকতেই অম্বিকাগিৰী ৰায়চৌধুৰী পো-নাতি আৰু কন্যাৰ এই স্পষ্টীকৰণে স্পষ্ট কৰিছে যে অসম কেশৰীৰ নাম লৈ আৰক্ষী-প্ৰশাসনৰ পৰা আন কোনোৱে ব্যক্তিগত মুনাফা আদায়ৰ চেষ্টা চলাইছে৷ অম্বিকাগিৰী ৰায়চৌধুৰীৰ নামত কোনো দুষ্ট চক্ৰই আৰক্ষীক ব্যৱহাৰ কৰি মাটি দখলৰ চেষ্টা চলাইছে নেকি তাক লৈয়ো এতিয়া সৰ্বত্ৰ প্ৰশ্ন উত্থাপন হোৱা দেখা গৈছে৷ কিয়নো অম্বিকাগিৰী ৰায়চৌধুৰী পৰিয়ালৰ গীতানগৰৰ ভূমি বেদখল হোৱা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযোগ লাভ কৰাৰ কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰি আৰক্ষীক তদন্তৰ নিৰ্দেশ দিছিল৷