কিডনী ভালে ৰাখিবলৈ এইখিনি কৰক
শৰীৰৰ বিষাক্ত পদাৰ্থবোৰ কিডনীয়ে মূত্ৰৰ জৰিয়তে বাহিৰ কৰি দিয়ে৷ কিডনীৰ ক্ষতি হোৱা খাদ্য, কিছুমান অভ্যাস এৰাই নচলিলে কেতিয়াবা কিডনী বিকল পৰ্যন্ত হ’ব পাৰে৷ সেয়েহে কিডনী ভালে ৰাখিবলৈ সু-খাদ্য গ্ৰহণৰ লগতে কিছুমান নিয়ম মানি চলিব লাগে৷
🔷পৰ্যাপ্ত পানী খোৱাৰ অভ্যাসঃ কিডনী ভালে ৰাখিবলৈ এজন প্ৰাপ্তবয়স্ক লোকে দিনটোত কমেও চাৰি লিটাৰ পানী খাব লাগে৷
🔷 শৰীৰ চৰ্চাঃ কিডনী ভালে ৰখাৰ বাবে দিনটোত অতি কমেও আধা ঘণ্টামান সময় শৰীৰ চৰ্চা কৰিব লাগে৷ শৰীৰ চৰ্চাৰ উপৰি পুৱা-গধূলি খোজ কঢ়াৰ অভ্যাস অতি উত্তম৷
🔷 পৰ্যাপ্ত টোপনিঃ কিডনী ভালে ৰখাৰ বাবে ভাল টোপনি অপৰিহাৰ্য৷ দিনটোত কমেও ৭ ৰ পৰা ৮ ঘন্টা টোপনিৰ প্ৰয়োজন৷ টোপনি ভাল হ’লে কিডনীয়ে সঠিকভাৱে কাম কৰে৷
🔷 ওজন নিয়ন্ত্ৰণঃ ওজন নিয়ন্ত্ৰণত নাথাকিলে ৰক্তচাপ, হূদৰোগ, ডায়েবেটিছজনিত সমস্যাৰ সৃষ্টি হয়৷ ইয়াৰ পৰাই কিডনীৰ যঠেষ্ট ক্ষতি হোৱাৰ আশংকা থাকে৷
🔷 কিডনী ভালে ৰখাৰ বাবে কফি, ৰেড মিট, নিমখ আদি কম পৰিমাণে খাব লাগে৷
🔷 অত্যাধিক সুৰাপানে কিডনীৰ ক্ষতি কৰাৰ আশংকা থাকে৷ সেয়েহে সুৰাপানৰ পৰা বিৰত থাকিব লাগে৷