Logo
image

অসমৰ পৰ্যটন উন্নয়নৰ গতি

নাগালেণ্ডত সদ্যসমাপ্ত হৰ্নবিল ফেষ্টিভেলত ডেৰ লাখতকৈ অধিক দেশী-বিদেশী পৰ্যটকৰ ভিৰ হোৱা বুুলি নাগালেণ্ড চৰকাৰৰ তথ্যত প্ৰকাশ পাইছে৷ তাৎপৰ্যপূৰ্ণ যে পূৰ্বতকৈ এইবাৰ বিদেশী পৰ্যটকৰ সংখ্যা প্ৰায় এশ শতাংশ বৃদ্ধি পাইছে; যিটোৱে ৰাজ্য চৰকাৰক যথেষ্ট উৎসাহিত কৰিছে৷ দেশৰ পৰ্যটন ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনে বিশেষ ভূমিকা আগবঢ়াব পাৰে৷ এটা কথা স্বীকাৰ্য যে ছিকিমক বাদ দি উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যকেইখন সন্দৰ্ভত বাহিৰৰ ভ্ৰমণবিলাসী লোকৰ বিশেষ ধাৰণা নাই৷ অৱশ্যে, শেহতীয়াভাৱে অৰুণাচল, মেঘালয়, নাগালেণ্ডত পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে এনে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে, যিবোৰে পৰ্যটকক আকৰ্ষণ কৰাত অৰিহণা যোগাইছে৷ পৰ্যটন বিভাগৰ তথ্য অনুসৰি দেশৰ আন ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চলতো শেহতীয়াভাৱে বিদেশী পৰ্যটকৰ সংখ্যা উৎসাহজনকভাৱে বৃদ্ধি পাইছে৷ ছিকিমৰ লগতে অসম, মেঘালয়, অৰুণাচল প্ৰদেশ আদি ৰাজ্যত প্ৰতি বছৰে বহুসংখ্যক পৰ্যটকৰ আগমন হয়৷ কিন্তু উন্নত আন্তঃগাঁথনিৰ অভাৱ বহু সময়ত উত্তৰ-পূৰ্বাঞ্চলত পৰ্যটন উন্নয়নৰ ক্ষেত্ৰত অন্তৰায় হৈ পৰে৷ শেহতীয়াভাৱে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ চহকী সাংস্কৃতিক পৰম্পৰা, উৎসৱ আৰু পৰ্যটন ক্ষেত্ৰবোৰৰ সৈতে পৰ্যটকক চিনাকি কৰাই দিয়াত ছ’চিয়েল মিডিয়াই বিশেষ ভূমিকা লৈছে৷

দেশৰ আন পৰ্যটন ক্ষেত্ৰবোৰৰ লগতে পৰ্যটকক আকৰ্ষণ কৰাৰ ক্ষেত্ৰত অসমৰো বহু সমল আছে৷ ছিকিমক বাদ দি উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যকেইখন ভ্ৰমণ কৰিব বিচৰা লোকে অসম হৈয়েই নিজ লক্ষ্যত উপস্থিত হ’ব লাগে৷ তেনেক্ষেত্ৰত অসমৰ সাংস্কৃতিক ঐতিহ্য, উৎসৱ-পাৰ্বণ, লোকাচাৰ আদিৰ বিষয়ে জানিবলৈ আগ্ৰহী হয়৷ কেইবছৰমান আগলৈকে বহিঃৰাজ্য অথবা বিদেশী পৰ্যটকৰ মূলতঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, শক্তিপীঠ কামাখ্যা, উজনি অসমৰ চাহ বাগান, নদীদ্বীপ মাজুলী বুলিয়ে ধাৰণা আছিল৷ তাৰ বাহিৰেও ৰাজ্যখনত আন বহু পৰ্যটনস্থল আছে, যিবোৰৰ সঠিক প্ৰচাৰ হোৱা নাছিল৷ কিন্তু শেহতীয়াভাৱে কাজিৰঙা, মানাস অভয়াৰণ্যৰ লগতে পবিতৰা, ওৰাং, নামেৰি, ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে তেজপুৰ, মাজুলী, শিৱসাগৰৰ বিভিন্ন পৰ্যটনস্থলী উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন আঁচনি লৈছে৷ এনেধৰণৰ পদক্ষেপে পৰ্যটকক এই স্থানবোৰ ভ্ৰমণৰ বাবে আগ্ৰহী কৰিব৷ পৰ্যটন বিভাগৰ তথ্য অনুসৰি ২০২১ চনৰ তুলনাত ২০২২ বৰ্ষত অসমলৈ অহা দেশী-বিদেশী পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাটো উৎসাহৰ বিষয়৷ অসমলৈ পৰ্যটকৰ সংখ্যা অধিক বৃদ্ধি কৰিবলৈ হ’লে পৰ্যটনস্থলীবোৰ আন্তঃগাঁথনি উন্নত কৰিব লাগিব৷ পৰ্যটকৰ সুবিধাৰ বাবে সেইবোৰ অঞ্চললৈ যাতায়াত, থকা-খোৱা ব্যৱস্থা সুচল কৰিব লাগিব৷ নাগালেণ্ডৰ হৰ্নবিল ফেষ্টিভেল, অৰুণাচলৰ জিৰো ফেষ্টিভেল, টাৱাং ফেষ্টিভেল, মেঘালয়ৰ চেৰী ফেষ্টিভেলে শেহতীয়াকৈ যেনেদৰে পৰ্যটকক আকৰ্ষণ কৰিছে, তেনেদৰে অসমতো বিহুৰ সময়ত আৰু ব্ৰহ্মপুত্ৰ বীচ্ছ ফেষ্টিভেল, চানডুবি ফেষ্টিভেলৰ সময়ত পৰ্যটকৰ বাবে বিশেষ পেকেজৰ ব্যৱস্থা কৰিলে তাৰ সুফল পাব পৰা যাব৷ জল ক্ৰীড়া আৰু দুঃসাহসিক ক্ৰীড়াৰ ক্ষেত্ৰতো অসমৰ পৰ্যটকক আকৰ্ষণ কৰাৰ প্ৰচুৰ সমল আছে৷ এইক্ষেত্ৰত উল্লিখিত দুই ক্ৰীড়াৰ সৈতে জড়িত লোকসকলক উন্নত প্ৰশিক্ষণেৰে পেছাদাৰী মানসিকতাৰে কাম কৰাৰ প্ৰয়োজন৷ ৰাজ্য চৰকাৰে বাহিৰৰ ট্যুৰ অপাৰেটৰ আৰু ট্ৰেভেল এজেঞ্চীবোৰৰ সৈতেও বুজাবুজিৰে কাম কৰাৰ বিষয়ে ভাবিব পাৰে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ নাতিদূৰৈৰ কাক’চাং জলপ্ৰপাত চাবলৈ বহুসংখ্যক পৰ্যটকৰ সমাগম হয়৷ কাক’চাঙৰ দৰে পৰ্যটকক আকৰ্ষণ কৰিব পৰা অসমত আৰু কেইবাটাও জলপ্ৰপাত আছে, যিবোৰৰ সঠিক প্ৰচাৰ চলোৱাৰ লগতে আন্তঃগাঁথনি উন্নত কৰিলে পৰ্যটকৰ সংখ্যা যে বৃদ্ধি পাব তাত সন্দেহ নাই৷ মেঘালয়ৰ চেৰাপুঞ্জীৰ আশে-পাশে থকা জলপ্ৰপাতবোৰক কেন্দ্ৰ কৰি সেই ঠাইবোৰ একো একোটা পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় লৈ উঠিছে৷ ৰাজ্য চৰকাৰৰ  ফালৰ পৰা এই ঠাইবোৰৰ পৰিৱেশ সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰাৰ বাবে তাত ভালেসংখ্যক পৰ্যটকৰ ভিৰ হয়৷ অসমতো এনেধৰণৰ ব্যৱস্থা লোৱা হ’লে ৰাজ্যখনলৈ আৰু অধিক পৰ্যটকৰ আগমন ঘটিব আৰু এনেধৰণৰ পৰ্যটন ক্ষেত্ৰবোৰে দাঁতি-কাষৰীয়া অঞ্চলৰ লোকসকলৰ বাবে সংস্থাপনৰ পথো মুকলি কৰিব৷ এইদৰে ৰাজ্যৰ অৰ্থনীতিলৈও প্ৰভূত অৰিহণা আগবঢ়াব পাৰিব পৰ্যটনে৷