Logo
image

দুই ম’হৰ যুঁজ আৰু বিৰিণাৰ ভৱিষ্যৎ

বিগত কেইটামান সপ্তাহত অসমৰ সংবাদ মাধ্যমত বহুলভাৱে প্ৰচাৰিত এটা স্পৰ্শকাতৰ বিষয় হৈছে সংযুক্ত মুক্তি বাহিনী, অসম ওৰফে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা আৰু অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙৰ মাজত চলা কথাৰ কটাকটি৷ উজনি অসমত গ্ৰেনেড ফুটাই সন্ত্ৰাসৰ এক বাৰ্তা দিয়া আলফাক সাধাৰণ নাগৰিকৰ মাজত হত্যা-হিংসাৰ পৰিৱেশ সৃষ্টি কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাই আৰক্ষী সঞ্চালকপ্ৰধানজনে এখোপ আগুৱাই গৈ তেওঁকেই আক্ৰমণৰ লক্ষ্য কৰি ল’বলৈ কৰা আহ্বানে যেন জ্বলা জুইত ঘিউ ঢলাৰ দৰে প্ৰতিক্ৰিয়া কৰিলে৷ আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই আনকি সঞ্চালকজনক বিনা অসমীয়া দেহৰক্ষী লৈ এসপ্তাহ গুৱাহাটী মহানগৰত ভ্ৰমণ কৰাৰ আহ্বানেৰে আলফাৰ স্থিতি ব্যক্ত কৰিছে৷ ২০২১ বৰ্ষৰ পৰা ক্ষমতাৰ বাঘজৰীডাল ধৰি থকা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ লগত সঘনে কথা-বতৰা পাতি থকা আৰু চৰকাৰ-আলফাৰ শান্তি প্ৰক্ৰিয়াৰ এক সফল পৰিসমাপ্তিৰ আশাৰ বতৰা সংবাদ মাধ্যমত দি আহিছিল৷ যি সময়ত স্বয়ং মুখ্যমন্ত্ৰীজনে আলফাৰ মুৰব্বীজনৰ সৈতে এক সংযোগ ৰক্ষা কৰি আহিছে, তেনে সময়ত পৰেশ বৰুৱা আৰু জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙৰ মাজত কাজিয়াৰ প্ৰয়োজনেইবা ক’ত?

অসমৰ নাগৰিকক ভালপোৱা কোনো নাগৰিকেই বৰ্তমান কামনা নকৰে হত্যা-হিংসাৰ পৰিৱেশ৷ চৰকাৰ আৰু আলফাৰ সংঘাতত ইতিমধ্যে দুয়োপক্ষৰ লগতে সাধাৰণ নাগৰিকৰ কিমান ক্ষতি হ’ল তাৰ ব্যাখ্যাৰ নাই কোনো সীমা৷ অসমক স্বাধীন কৰোৱাৰ সপোনত হাতত বন্দুক লৈ আপোনজনৰ পৰা আঁতৰি থকা বহুতো যুৱকৰ মৃত্যুৰ বাতৰিটোৰ বাদে পৰিয়ালে নাপালে সম্ভেদ৷ সেইদৰে দেশৰ লগতে ৰাজ্যখনক সুৰক্ষিত কৰাৰ লক্ষ্যৰে নিজ দায়িত্ব পালন কৰিবলৈ যোৱা বহুতো আৰক্ষী জোৱানৰ মাতৃৰ বুকু সুদা হৈছিল আলফাৰে সংঘৰ্ষত৷ আজিও অসমত দুয়োটা পক্ষৰ বহুতো পৰিয়াল আছে যিসকলৰ বাসগৃহত মৃতকৰ ফটোকেইখনৰ বাদে নাই একো নতুনত্ব৷ যেতিয়াই অসমৰ কোনোবা স্থানত বোমা বিস্ফোৰণ হয় বা সেনা-আৰক্ষীৰ অভিযানত সংগঠনটোৰ কোনোবা সদস্যৰ মৃত্যু হয়, তেতিয়াই শুকাব ধৰা ঘা টুকুৰাই উকমুকাবলৈ ধৰে হৃদয়ৰ মাজত৷ বজাৰ কৰিবলৈ গৈ বোমা বিস্ফোৰণত আহত হোৱা নিমাখিত বহু নাগৰিকে আজি পংগু শৰীৰেৰে পাৰ কৰিছে নিজৰ জীৱন৷ সংগঠনৰ লগত থকা সম্পৰ্কৰ সন্দেহত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা বা অজ্ঞাত বন্দুকধাৰীৰ গুলীত প্ৰাণ হেৰুওৱা ব্যক্তিৰ পৰিয়ালবোৰ আজি কেনেকৈ আছে তাৰ সম্ভেদ লোৱাৰ অৱকাশ যেন নাই আজিৰ নাগৰিকৰ৷

সন্ত্ৰাসবাদ বা ৰাষ্ট্ৰবিৰোধৰ সংঘাতৰ এটা পৰিসমাপ্তি থাকে৷ দৰিদ্ৰতাৰ বোকোচাত থাকি জন্ম লোৱা আফ্ৰিকা মহাদেশৰ বহুতো স্বাধীন ৰাষ্ট্ৰ যেনে– চুমালিয়া, মালি, নাইজেৰিয়া, কেমেৰুন, কেনিয়া আদিত ৰাষ্ট্ৰযন্ত্ৰ আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষত লক্ষ লক্ষজনে প্ৰাণ হেৰুৱাইছে আৰু বিশ্বৰ ধনী ৰাষ্ট্ৰসমূহেও মৃত্যুৰ তেনে যজ্ঞবোৰ চাই তৃপ্তি লাভ কৰিছে৷ হত্যা-হিংসাৰ জৰিয়তে ক্ষমতা লাভ কৰা আফগানিস্তান, নাইজেৰিয়া, ছিৰিয়া, চোমালিয়া, য়েমেন আদি ৰাষ্ট্ৰৰ প্ৰতি অসহযোগ কৰিছে বিশ্বৰ বাকী ৰাষ্ট্ৰসমূহে৷ সেইদৰে ইতিহাসৰ পাতত বহুতো উদাহৰণ আছে য’ত শান্তিৰ কলমে সমাপ্তি ঘটাইছিল বহু সংগ্ৰামক৷ অসমৰ নাগৰিকে যে আজিৰ সময়ত শান্তি বিচাৰে তাৰ জ্বলন্ত উদাহৰণ পৰেশ বৰুৱা আৰু জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙৰ মুখেদি ওলোৱা বিবৃতিবোৰ৷ দুয়োজনৰ কথাতে এটা কথাই স্থান লাভ কৰিছে যে থলুৱা অসমীয়াক আঁতৰত ৰাখিব ভাবুকিৰ মাজৰ পৰা৷

বৰ্তমান অসমৰ অৰ্থনৈতিক উন্নয়নৰ স্বাৰ্থত হত্যা-হিংসাৰ পৰা আঁতৰি আহি শান্তি চুক্তিৰ খচৰাখনক প্ৰস্তুত কৰক চৰকাৰ আৰু আলফাই৷ ৭ এপ্ৰিল, ১৯৭৯ চনত ৰংঘৰৰ বাকৰিত জন্ম লোৱা আলফাৰ সংগ্ৰামৰ সন্মানজনক সমাপ্তিৰ লক্ষ্যৰে একেলগে এদিন বহক মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা৷ দুজন অসমীয়াৰ মাজত আলোচনা কৰিবলৈ অনা-অসমীয়া মধ্যস্থতাকাৰীৰ প্ৰয়োজনেইবা ক’ত? যি ৰংঘৰৰ বাকৰিত আলফাৰ প্ৰতিষ্ঠা হৈছিল, সেই ৰংঘৰৰ বাকৰিলৈ যাওক দুয়োজন নেতা৷ মুখামুখিকৈ বহি আলোচনা কৰক, এৰা-ধৰা কৰক আৰু ৰোমন্থন কৰক অতীতৰ ভুল-শুদ্ধবোৰ৷ নৱপ্ৰজন্মৰ স্বাৰ্থত হিংসাবৰ্জিত পৰিৱেশৰ এখন অসম গঢ় দিয়াত ‘ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু পৰেশ বৰুৱা’ৰ মাজৰ আলোচনা ‘জ্ঞানেন্দ্ৰ প্ৰতাপ সিং আৰু পৰেশ বৰুৱা’ৰ মাজৰ বাকযুদ্ধতকৈ গুৰুত্বপূৰ্ণ বুলি অনুভৱ কৰোঁ৷