Logo
image

‘গুৰুত্বহীন’ মণিপুৰত মৃতদেহৰ পাহাৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২১ ডিচেম্বৰঃ শোকাৱহ ঘটনাৰ ইয়াতকৈ কৰুণ পৰিণতি কি হ’ব পাৰে, আজি যি মণিপুৰত সংঘটিত হ’ল! বিগত ৩ মে’ৰ পৰা ৬ মাহ সমান হাৰত আৰু এতিয়াও ছেগাচেৰোকাকৈ চলি থকা গোষ্ঠীসংঘৰ্ষত নিহত ৮৭জন কুকি জনগোষ্ঠীৰ নিহত দুৰ্ভগীয়াক বুধবাৰে গণকবৰ দিয়া হ’ল অধিক ক্ষতিগ্ৰস্ত চূড়াচান্দপুৰ জিলাত৷ প্ৰশাসনৰ উদ্যোগত, কঠোৰ নিৰাপত্তাৰ মাজত, ১৪৪ ধাৰা জাৰি কৰি আৰু পুনৰ ইণ্টাৰনেট সংযোগ বন্ধ কৰি গণকবৰৰ ব্যৱস্থা কৰাৰ ঘটনাই মণিপুৰত বিগত সময়ছোৱাত কি ভয়ংকৰ ঘটনা সংঘটিত হৈছিল, সেয়া উদঙাই দিছে৷ তথাপি মণিপুৰ এতিয়াও গুৰুত্বহীন৷ অন্ততঃ বিজেপিশাসিত ৰাজ্যখনৰ প্ৰতি নূ্যনতম সহাঁৰিও নাই বিজেপি নেতৃত্বাধীন মোদী চৰকাৰৰ৷ উচ্ছতম ন্যায়ালয়ে কঠোৰ পদক্ষেপ লৈ ৰাজ্যখনৰ পৰিস্থিতি নিয়ন্ত্ৰণ আৰু তদন্তৰ বাবে পৰ্যৱেক্ষক নিয়োগ কৰি চিবিআই তথা বিশেষ তদন্তকাৰী গোটক নিয়োজিত নকৰা হ’লে ক্ষতিগ্ৰস্তই সুবিচাৰ নাপালেহেঁতেন আৰু এতিয়াও কুকিনিধন যজ্ঞ অব্যাহত থাকিলহেঁতেন৷ অভিযোগ উঠিছিল, সংখ্যালঘু খ্ৰীষ্টান ধৰ্মাৱলম্বী কুকি জনগোষ্ঠীক সম্পূৰ্ণৰূপে নিঃশেষ কৰি দিয়াৰ পৰিকল্পনাৰে মেইটেই জনগোষ্ঠীয়ে গণসংহাৰ চলাই স্বত্ত্বেও কেন্দ্ৰীয় চৰকাৰে চকু মুদি আছিল৷ তাৎপৰ্যপূৰ্ণ এয়াই যে, বুধবাৰে গণকবৰ দিয়া প্ৰত্যেকজন নিহত কুকি-জো সম্প্ৰদায়ৰ৷ ৰাজ্যখনৰ সংখ্যালঘূ কুকি-জো সম্প্ৰদায় অধিক ক্ষতিগ্ৰস্ত হৈছিল সংখ্যাগৰিষ্ঠ মেইটেইৰ হাতত৷ গণকবৰ দিয়া নিহতসকলৰ অধিকাংশৰে পৰিয়ালৰ কোনো জীৱিত নাই৷ আনহাতে একাংশ মৃতদেহ পৰিয়ালৰ জীৱিত সদস্যই দাবী কৰিলেও পৰিস্থিতি অৱনতি ঘটাৰ আশংকাত প্ৰশাসনে অনুমতি দিয়া নাছিল৷ এই ৮৭  কুকি-জো লোকৰ মৃতদেহ ৰখা হৈছিল হাস্পতালৰ মৰ্গত৷ পূৰ্বে প্ৰশাসনে একাধিকবাৰ গণকবৰ দিয়াৰ প্ৰস্তুতি চলায়ো পৰিস্থিতি বাৰম্বাৰ অগ্নিগৰ্ভ হোৱাত বন্ধ ৰাখিবলগীয়া হৈছিল৷ শেহতীয়াকৈ প্ৰশাসনে স্থানীয় সংগঠনৰ সৈতে আলোচনা কৰি এই ব্যৱস্থা গ্ৰহণ কৰে৷