Logo
image

তলা মাৰি চকীদাৰ গ’লগৈ!গভীৰ নিশা জনতা ভৱনৰ পৰা উদ্ধাৰ শীৰ্ষ আমোলাক

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ ডিচেম্বৰঃ ৰাজ্য প্ৰশাশনৰ এজন শীৰ্ষ আমোলা এগৰাকী যুৱতীৰ সৈতে দীৰ্ঘ সময়ধৰি নিজৰ কাৰ্যালয় কক্ষত আবদ্ধ হৈ থাকিব লগীয়া হোৱাটো দিছপুৰত সৰব চৰ্চাৰ বিষয় হৈ পৰিছে৷ ঘটনাৰ স্থান ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড স্বৰূপ জনতাভৱনৰ এটা ব্লক৷ সময় তেতিয়া সন্ধিয়া ৮.৩০ বাজি গৈছে৷ শীৰ্ষ আমোলাজন নিজৰ কাৰ্যালয়কক্ষৰ পৰা ওলাই আহি দেখে যে মূল প্ৰৱেশ দুৱাৰ বাহিৰৰ পৰা বন্ধ৷ তেওঁৰ লগত সেই সময়ত এগৰাকী যুৱতীও আছিল৷ বহু সময় চেষ্টা কৰিও যেতিয়া প্ৰৱেশ পথৰ দুৱাৰখন খুলিব নোৱাৰিলে তেতিয়া তেওঁ নিশ্চিত হ’ল যে কাৰ্যালয়ৰ সময় শেষ হোৱাৰ বাবে বাহিৰৰ পৰা দুৱাৰখন তলা মাৰি দিয়া হৈছে৷ ইয়াৰ পিছতে জনতাভৱনত আকস্মিকভাৱে জৰুৰীকালীন সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়৷ বিষয়া-কৰ্মচাৰীৰ মাজত হুৱাদুৱা লাগে৷ শীৰ্ষ আমোলাজনৰ নিৰ্দেশত আৰম্ভ হয় মূল প্ৰৱেশদ্বাৰত তলা মৰা লোকজনৰ সন্ধানত অভিযান৷ সময় অতিক্ৰম কৰাৰ লগে লগে এই অভিযান অধিক তীব্ৰতৰ হৈ পৰে৷ উল্লেখ্য যে, চতুৰ্থ বৰ্গৰ যিজন কৰ্মচাৰীৰ ওচৰত তলা মৰাৰ দায়িত্ব আছিল তেওঁ নিজৰ কৰ্তব্য শেষ কৰি স্বগৃহলৈ উভতি যায়৷ অৱশেষত বহু বিচাৰ খোচাৰ কৰাৰ অন্ততঃ সেই লোকজনৰ সন্ধান উলিওৱা হয় আৰু আমোলাজনৰ চৰকাৰী গাড়ী প্ৰেৰণ কৰি তেওঁক জনতা ভৱনলৈ লৈ অনা হয় দুৱাৰৰ তলা খোলাৰ বাবে৷ যেতিয়া শীৰ্ষ আমোলাজন যুৱতীগৰাকীৰ সৈতে জনতা ভৱনৰ পৰা ওলাই যায় তেতিয়া গভীৰ নিশা৷ ইতিমধ্যে বনজুইৰ দৰে বিয়পি পৰে এই ঘটনা৷ ঘটনাৰ সবিশেষ মতে সেই দিনা ৰাজ্য প্ৰশাসনৰ শীৰ্ষ আমোলাজন সন্ধিয়া পৰ্যন্ত নিজৰ কাৰ্যালয়ৰ কক্ষত ব্যস্ত আছিল ফাইলৰ কামত৷ হঠাৎ আমোলাজনৰ কোঠালৈ সোমাই আহে সাংস্কৃতিক জগতৰ সৈতে জড়িত এগৰাকী যুৱতী৷ যুৱতীগৰাকীৰ সৈতে কিছু সময় নিজৰ কোঠাতে কথা পতাৰ পাছত আমোলাজনে এটা সময়ত তেওঁৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলক দিনটোৰ বাবে ছুটি দি ঘৰলৈ যাবলৈ দিয়ে৷ ব্যক্তিগত সহায়ক আদিকে ধৰি কাৰ্যালয়ৰ কৰ্মচাৰী সকল গুচি যোৱাৰ পিছতো তেওঁ নিজৰ কোঠাতে যুৱকীগৰাকীৰ সৈতে বহু সময় কটায়৷ নিশা বহু দেৰিলৈ কাৰ্যালয়ত থকাৰ পিছত যেতিয়া দুয়োজন ওলাই আহে তেতিয়া সন্মুখীন হয় অথন্তৰৰ৷ সচিবালয়ৰ বিষয়া-কৰ্মচাৰীৰ মুখে মুখে গভীৰ নিশা শীৰ্ষ আমোলাক উদ্ধাৰৰ এই ঘটনা এতিয়া এক ৰসাল আলোচনাৰ বিষয়বস্তু হৈ পৰিছে৷