Logo
image

গুৱাহাটীত গৰু চৰিবলৈ দিলে গৰাকীক জৰিমনা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২১ ডিচেম্বৰঃ গৰু-ছাগলী পোহ-পাল দিয়া গুৱাহাটীৰ নাগৰিকৰ বাবে এটা বেয়া খবৰ৷ পোহনীয়া গৰু বা ছাগলী যদিহে গোহালি বা গড়াল এৰি ৰাজপথলৈ আহে, তেনেহ’লে গৰু-ছাগলীৰ গৰাকীয়ে এতিয়াৰে পৰা ভৰিব লাগিব জৰিমনা৷ গৰু-ছাগলী পুহি জীৱন  নিৰ্বাহ কৰা নাগৰিকৰ বাবে এই কঠোৰ বাৰ্তা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ৷ ঘৰ তথা বাৰীৰ চৌহদৰ পৰা ৰাজপথলৈ অহা পোহনীয়া গৰু-ছাগলীক আৱদ্ধ কৰি চৰকাৰী অনুমোদিত পাউণ্ডত ৰাখিব বুলিও সকীয়াই দিছে মহানগৰ জিলা প্ৰশাসনে৷ মূলত ৰাজপথত গৰু-ছাগলীৰ বাবে সংঘটিত হোৱা দুৰ্ঘটনা প্ৰতিৰোধৰ স্বাৰ্থতেই এই নিৰ্দেশনা জাৰি কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে৷ শেহতীয়াকৈ জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কেইবাজনো ছাত্ৰৰ ৰাজপথত এটা কুকুৰৰ জাকৰ বাবে শোকাৱহ দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যু হোৱাৰ পাছতেই ৰাজপথৰ পৰা গৰু-ছাগলী তথা জীৱ-জন্তু নোহোৱা কৰাৰ বাবে এই অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে জিলা আয়ুক্তই৷ বুধবাৰে  কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ এখন বৈঠক  জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ উপস্থিতিত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়৷ বৈঠকখনত বিশেষকৈ জিলাখনত চিনাক্ত দুৰ্ঘটনাৰ ব্লেক স্পটসমূহত ল’বলগীয়া সংশোধনীমূলক পদক্ষেপৰ বিষয়ে আলোচনা কৰা হয়৷  ঘাইপথৰ মাজেৰে গৰু, ছাগলী আদি পাৰ হৈ যোৱাৰ ফলত দুৰ্ঘটনা সংঘটিত হোৱাৰ বিষয়টোত গুৰুত্ব দি জিলা আয়ুক্তই কয় যে গুৱাহাটী পৌৰ নিগম আৰু গাঁও পঞ্চায়তে এইক্ষেত্ৰত কঠোৰ পদক্ষেপ ল’ব লাগিব৷ ঘাইপথলৈ অহা গৰু, ছাগলী ধৰি পাউণ্ডত ৰাখিব আৰু গৰাকীক জৰিমনা বিহিব৷ এইক্ষেত্ৰত এখন নিৰ্দেশনা জাৰি কৰিবলৈ জিলা আয়ুক্তজনে আৰক্ষীক নিদেৰ্শ দিয়ে৷ আনহাতে দুৰ্ঘটনাপ্ৰৱন এলেকাত ঘাইপথৰ নিচেই কাষত বা পথ বিভাজকৰ ওপৰত হ’ৰ্ডিং আদি লগোৱা বা নিৰ্মাণকাৰ্য কৰাৰ পৰা বিৰত থাকিবলৈ  আয়ুক্ত ছাত্তাৱানে সকলোকে আহ্বান জনায়৷ আনহাতে ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগ হোৱা প্ৰতিটো পথত নিৰ্দিষ্ট দূৰত্বত দুটাকৈ গতিৰোধক লগাবলৈ জিলা আয়ুক্তই কতৃৰ্পক্ষক পৰামৰ্শ দিয়ে৷ ৰাষ্ট্ৰীয় ঘাইপথত পথ বিভাজকৰ মাজেৰে বা পথ বিভাজক ভাঙি অকতৃৰ্ত্বশীলভাৱে মানুহ বা যান-বাহন অহা যোৱাৰ বাবে কৰা ব্যৱস্থা তৎকালিনভাৱে বন্ধ কৰিবলৈ  ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক নিৰ্দেশ দিয়ে৷ আনহাতে নিৰ্মাণকাৰ্য চলি থকা স্থানৰ কাষেৰে মানুহ বা যান-বাহন অহা-যোৱা কৰাৰ ক্ষেত্ৰত লোৱা সুৰক্ষাজনিত ব্যৱস্থা নিশ্চিত কৰিবলৈ জিলা আয়ুক্তই লোক নিৰ্মাণ বিভাগ আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক নিৰ্দেশ দিয়া দেখা যায়৷ বৈঠকখনত অতিৰিক্ত জিলা আয়ুক্ত বিক্ৰম ছেত্ৰী, উপ আৰক্ষী আয়ুক্ত [যান বাহন শাখা] জয়ন্ত সাৰথি বৰা, সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাস, জিলা পৰিবহণ বিষয়া তথা আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী হিমাংশু কুমাৰ দাস প্ৰমুখ্যে, আবকাৰী, গুৱাহাটী পৌৰ নিগম, লোক নিৰ্মাণ, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে৷