Logo
image

কলডিলে হৃদৰোগৰ আশংকা কমায়

কল সকলোৰে প্ৰিয়৷ বহুতে দৈনিক খাদ্য তালিকাত কল ৰাখে৷ বহুতে আকৌ কল খায় যদিও, কলফুল খাবলৈ টান পায়৷ কিন্তু জানি আচৰিত হ’ব যে কলতকৈ কলফুল স্বাস্থ্যৰ বাবে বেছি উপকাৰী৷ গ্ৰামাঞ্চলত কলফুলৰ পাচলিৰ প্ৰচলন আটাইতকৈ বেছি৷ কলফুলত প্ৰচুৰ পৰিমাণে কাৰ্ব-হাইড্ৰেট, প্ৰ’টিন, ফেট্‌ছ, ফাইবাৰ, কেলছিয়াম, ফছফৰাচ, আইৰণ, ক’পাৰ, মেগনেছিয়াম আৰু ভিটামিন-ই থাকে৷ সেয়ে কলফুলে প্ৰাকৃতিক ঔষধৰ দৰে কাম কৰে৷

কলত যিবোৰ পুষ্টিকৰ উপাদান থাকে সেই সকলোবোৰেই কলফুলতো থাকে৷ কলফুলত শক্তিশালী এণ্টি অক্সিডেণ্ট থাকে৷ তদুপৰি থাকে ভিটামিন বি-৬, ভিটামিন-চি আৰু আঁহযুক্ত উপাদান৷ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় ভিটামিন-ই আৰু প্ৰ’টিনো পাব পৰা যায় কলফুলত৷ সেয়ে বিশেষজ্ঞসকলে কলফুলক প্ৰাকৃতিক ঔষধ বুলি বিবেচনা কৰে৷ উল্লেখ কৰা হ’ল কলফুলৰ উপকাৰিতা–

ইনফেকছন প্ৰতিৰোধ কৰেঃ কলফুলত থকা উপাদানে জীৱাণুৰ সৈতে যুঁজ দিয়াৰ শক্তি বঢ়ায়৷ ই মেলেৰিয়াৰ বেক্টেৰিয়া ধবংস কৰে৷ কলফুলে দেহত কোনো ধৰণৰ পৰজীৱী জন্ম ল’বলৈ নিদিয়ে৷ ফলত শৰীৰ সুস্থ থাকে৷

কৰ্কট ৰোগৰ আশংকা কমায়ঃ দেহত বিভিন্ন ৰোগৰ বাবে ফ্ৰী ৰেডিকেল্‌ছৰ সৃষ্টি হ’ব পাৰে৷ কলফুলৰ গোন্ধে এণ্টি অক্সিডেণ্ট হিচাপে কাম কৰে৷ কৰ্কট ৰোগৰ দৰে মাৰাত্মক ব্যাধি দূৰত ৰখাত সহায় কৰে কলফুলে৷ বয়স হ’লে ছালত দেখা দিয়া বলিৰেখা আঁতৰোৱাতো সহায় কৰে কলফুলে৷

মহিলাৰ বিভিন্ন সমস্যা আঁতৰায়ঃ কলফুলে ঋতুস্ৰাৱৰ সময়ত হোৱা বিষ কমায়৷ ৰক্তহীনতা আঁতৰ কৰাতো সহায় কৰে৷ যিসকলৰ ৰক্তহীনতাৰ সমস্যা আছে তেওঁলোকে দৈনিক কলফুলৰ পাচলি খাব পাৰে৷ কলফুলে মাতৃ দুগ্ধ বঢ়ায়৷

মধুমেহ নিয়ন্ত্ৰণ কৰেঃ মধুমেহ আৰু মহিলাসকলৰ এনিমিয়া প্ৰতিৰোধ কৰাত কলফুলৰ উপকাৰিতা অপৰিসীম৷ তেজত শৰ্কৰা কমোৱাৰ ক্ষেত্ৰতো কলফুলে কাম কৰে৷

উদ্বেগ আঁতৰায়ঃ এণ্টি ডিপ্ৰেছনৰ সমস্যা হ’লে অইন দৰৱ নাখাই কলফুল খাব পাৰে৷

পেটৰ সমস্যা দূৰ কৰেঃ কোষ্ঠকাঠিন্য, পেটফুলা ভাব নিয়ন্ত্ৰণত ৰাখে কলফুলে৷

হৃদৰোগৰ আশংকা কমায়ঃ কলফুলত থকা এণ্টি অক্সিডেণ্টে উন্মুক্ত ৰেডিকেল্‌ছৰ বিৰুদ্ধে কাম কৰে৷ ইয়াত থকা ফেনালিক এচিড আৰু অন্যান্য বায়’এক্টিভ্‌ উপাদানসমূহে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে৷ ফলত হৃদৰোগৰ আশংকা কমে৷