Logo
image

ছুইডেনফেৰৎ গুৱাহাটীৰ যুৱতীৰ দেহত ক’ভিড! আতংক

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২২ ডিচেম্বৰঃ দেশত এতিয়া পুনৰ ক’ভিডৰ আতংক আৰম্ভ হৈছে৷ ক’ভিডৰ উপ-প্ৰজাতি অৰ্থাৎ ছাব ভেৰিয়েণ্ট জে এন.১-এ কেৰালাকে ধৰি কেইবাখনো ৰাজ্যত ঘাটক ৰূপ লোৱাত চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়৷ ক’ভিডৰ নতুন ভেৰিয়েণ্ট জে এন.ৰ ক লৈ স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰতিখন ৰাজ্যলৈ সতৰ্কতা জাৰি কৰাৰ লগতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে নিজেই প্ৰতিখন ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীৰ সৈতেও ভিডিঅ’ কনফাৰেন্সযোগে বৈঠকত মিলিত হৈছে৷ ক’ভিডক লৈ দেশজুৰি আতংকৰ মাজতে অসমতো এগৰাকী যুৱতীৰ দেহত ধৰা পৰিছে ক’ভিড পজিটিভ৷ ছুইডেনফেৰৎ যুৱতীগৰাকীৰ বৃহস্পতিবাৰে জি এম চি এইচত ক’ভিড পৰীক্ষাত পজিটিভ ধৰা পৰে৷ পজিটিভ ধৰা পৰা গুৱাহাটীৰ বেহৰবাৰী অঞ্চলৰ জনৈক গগৈ উপাধিৰ ২৮ বছৰীয়া যুৱতীগৰাকী দুদিন পূৰ্বে ছুইডেনৰ পৰা আহি গুৱাহাটীত উপস্থিত হৈছিল৷ ঘৰত উপস্থিত হোৱাৰ পাছতেই ক’ভিডৰ লক্ষণে দেখা দিয়াত বৃহস্পতিবাৰে জি এম চি এইচত নমুনা পৰীক্ষা কৰাত পজিটিভ ধৰা পৰে৷ বৰ্তমান ৰোগীগৰাকী নিজৰ ঘৰত আইছ’লেশ্বনত আছে৷ যুৱতীগৰাকী ক’ভিডৰ কোনবিধ ভেৰিয়েণ্টতত আক্ৰান্ত হৈছে তাক নিশ্চিত কৰাৰ বাবে নমুনা জিন’ম ছিকুৱেন্সিঙৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে৷ শেহতীয়া ক’ভিডৰ অসমত প্ৰথমগৰাকী ৰোগী চিনাক্ত হোৱাত স্বাস্থ্য বিভাগো  সষ্টম হৈ পৰিছে৷ লক্ষণীয়ভাৱে বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ ৫৯৪ জন লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে৷ ভাৰতত বৰ্তমানলৈ ২১ জন লোকৰ দেহত ক’ভিডৰ নতুন ছাব ভেৰিয়েণ্ট জে এন.ৰ ধৰা পৰিছে৷ ইয়াৰে ১৯ জন ৰোগী গোৱাৰ বুলি প্ৰকাশ কৰিছে৷ কেৰালা আৰু মহাৰাষ্ট্ৰৰ এজনকৈ ৰোগীৰ দেহতো জে এন.ৰ ভেৰিয়েণ্ট ধৰা পৰিছে৷ ভাৰতৰ কনচটিয়াম ফৰ ক’ভিড ১৯ জিন’ম ছিকুৱেন্সিঙৰ তথ্য অনুসৰি যোৱা ২ সপ্তাহত ছাৰ্চ ক’ভি-২১ সকলো নমুনা নতুন জে এন.১৷ ভেৰিয়েণ্টৰ বুলি ধৰা পৰিছে৷  বিগত ২৪ ঘণ্টাত সৰ্বাধিক দ্ৰুত গতিত কেৰালা, কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু গুজৰাটত আক্ৰান্ত হৈছে৷ মধ্যপ্ৰদেশ আৰু ৰাজস্থানতো আক্ৰান্ত হৈছে ক’ভিড ১৯ত৷ এই নতুন ভেৰিয়েণ্টত কোনো নিৰ্দিষ্ট লক্ষণ দেখা পোৱা নাই এতিয়াও৷ ইয়াৰ উপৰিও জ্বৰ, কাহ, ভাগৰুৱা লগা, নাক বন্ধ হোৱা, ডিঙিৰ বিষ, বমি আৰু ডায়েৰিয়া আৰু মাইগ্ৰেইনৰ দৰে মূৰৰ বিষ হয় বুলি জানিবলৈ দিছে৷ বিশেষজ্ঞসকলে আগন্তুক বৰদিন, নৱবৰ্ষ আৰু অন্যান্য উৎসৱৰ সময়ত মানুহে ভিৰ কৰা ঠাইলৈ যোৱাৰ পৰা বিৰত থাকি লগতে মাস্ক ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে বিশেষজ্ঞসকলে৷