Logo
image

নিতৌ গৰম পানী খালে এইবিলাক সুফলপাব

শৰীৰক সচল কৰি ৰখাত পানীৰ গুৰুত্ব অপৰিসীম৷ প্ৰতিদিনে তিনি-চাৰি গিলাচ পানী খোৱাৰ পৰামৰ্শ দিছে চিকিৎসকসকলে৷ যদি প্ৰতিদিনে গৰম পানী খোৱা হয় তেতিয়াহ’লে অধিক সুফল পোৱা যায়৷

ত্বকৰ স্বাস্থ্যৰ উন্নতিঃ গোটেই দিনধৰি অলপ অলপকৈ গৰম পানী খাই থাকিলে শৰীৰৰ ভিতৰত পানীৰ নাটনি দূৰ হয়৷ তদুপৰি শৰীৰৰ ভিতৰত নানান ধৰণৰ পৰিৱৰ্তন হয়৷ যাৰ বাবে ড্ৰাই স্কীণৰ সমস্যা দূৰ দূৰ৷ তদুপৰি ত্বকৰ ভিতৰত তেজ চলাচলৰ মাত্ৰা বৃদ্ধি পায়৷ সেইদৰে ত্বকৰ স্বাস্থ্যৰ উন্নতি হয়৷ ফলত সৌন্দৰ্য বৃদ্ধি পায়৷

চুলিৰ সৌন্দৰ্য বৃদ্ধি পায়ঃ গৱেষণাৰ দ্বাৰা দেখা গৈছে যে গৰম পানী খোৱাৰ ফলত চুলিৰ চেলৰ কাৰ্যক্ষমতা বৃদ্ধি পায়৷ ফলত চুলি সৰা বন্ধ হোৱাৰ লগতে চুলিৰ সৌন্দৰ্য বৃদ্ধি পায়৷

ব্ৰণৰ দৰে ত্বকৰ ৰোগৰ সমস্যা কমেঃ গৰম পানী খোৱাৰ ফলত শৰীৰৰ ভিতৰত ময়লা জমা হোৱাত হ্ৰাস পায়৷ তাৰ লগে লগে ত্বকত দেখা দিয়া ব্ৰণৰ সমস্যাও হ্ৰাস পায়৷ গৰম পানী টক্সিনৰ বিৰোধী৷ ব্ৰণৰ প্ৰকোপ কমাবলৈ পুৱা-গধূলি গৰম পানী পান কৰিব পাৰে৷ দেখিব কমদিনৰ ভিতৰতে ব্ৰণ তথা পিম্পলৰ মাত্ৰা কমি যায়৷

দেহৰ ওজন নিয়ন্ত্ৰণত চলেঃ গৰম পানী খোৱাটো অভ্যাস কৰিলে অতিৰিক্ত ওজনৰ পৰা ৰেহাই পাব৷ কাৰণ গৰম পানীয়ে হজম ক্ষমতা উন্নতি কৰে৷ অলপ শৰীৰত অতিৰিক্ত চৰ্বি জমা হোৱাৰ সুযোগ নাথাকে৷ গৰম পানীয়ে এডিপোছ টিচু বা ফুটেডেৰ ভাঙি ওজন হ্ৰাস কৰাত সহায় কৰে৷

বয়সৰ চাপৰ পৰা ৰক্ষা পায়ঃ গৰম পানীয়ে ত্বকৰ স্বাস্থ্যৰ উন্নতি ঘটায়৷ যাৰ ফলত বয়সৰ চাপ ত্বকৰ ওপৰত পৰাত ৰেহাই পায়৷ গৰম পানীয়ে ঠাণ্ডা লগাৰ পৰা আৰু ডিঙিৰ অস্বস্তি কমোৱাত বিশেষভাৱে সহায় কৰে৷ গৱেষণাৰ দ্বাৰা দেখা গৈছে যে খাদ্য খোৱাৰ পাছত গৰম পানী খালে পাকস্থলীৰ কাৰ্যক্ষমতা বৃদ্ধি পায়৷ বদ্‌হজম বা গেছৰ সমস্যাৰ পৰাও ৰেহাই পায় গৰম পানী ব্যৱহাৰ কৰাৰ ফলত৷