Logo
image

উক্তি-বক্ৰোক্তি

🔷  ২০১৯ চনত আমি ৩০৩ খন আসন লাভ কৰিছিলো৷ এইবাৰ যদি আপোনালোকে মিছন ম’ডত কাম কৰে তেন্তে আমি যোৱাবাৰতকৈ অধিক আসন লাভ কৰিবলৈ সক্ষম হ’ম৷ মই সকলো কাৰ্যকৰ্তাকে অনুৰোধ জনাইছো, আপোনালোকে ৫০ শতাংশৰ অধিক ভোট বিজেপিৰ পক্ষে আনিবলৈ নামি পৰক৷

– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

🔷  বিৰোধী এতিয়া ধৰাশায়ী৷ কেৱল সংবাদ মাধ্যমতহে দেখা পোৱা যায় বিৰোধীক৷ তৃণমূল পৰ্যায়ত জনসাধাৰণে আৰু বিৰোধীক কেতিয়াও গ্ৰহণ নকৰে৷

– কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

🔷  স্মৃতি ইৰাণীৰ দৰে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু সংবেদনশীল মহিলাই ‘এলজিবিটিকিউআইএ’ৰ অৰ্থ কি বা তাৰ মানে কি সেয়া নজনাতো দুৰ্ভাগ্যজনক কথা৷ সমলিঙ্গৰ আন্দোলনে দেশৰ সৰ্বোচ্ছ আদালততো স্বীকৃতি লাভ কৰিছে৷ কেন্দ্ৰীয় চৰকাৰেও এই সন্দৰ্ভত নিজৰ মতামত দাখিল কৰিছে৷ তথাপি স্মৃতি ইৰাণীয়ে এই বিষয়ত অজ্ঞতা প্ৰকাশ কৰাটো আ(ৰ্যকৰ৷

– শিৱসেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদী

🔷  হীৰেন গোহাঁই ছাৰে কৈছে যে আমি বিজেপিত থাকি ‘কা’ৰ বিৰোধিতা কৰিছো৷ এয়া অদ্ভুত মিছা কথা৷ হীৰেন গোহাঁইৰ দৰে এনে সন্মানীয় শিক্ষাবিদে এনেদৰে মিছা কথা কোৱাটো শোভা নাপায়৷

– ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

🔷  বিজেপিয়ে নিজকে দেশপ্ৰেমী বুলি জাহিৰ কৰি থাকে৷ পিছে সেইদিনা সংসদত দুজন যুৱকে অনাধিকাৰভাৱে প্ৰৱেশ কৰাৰ সময়ত বিজেপিৰ সাংসদে পলাই পত্ৰং দিলে৷ তেওঁলোকৰ ধোঁৱা ওলাই গ’ল৷

– কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী

🔷  পিকনিকত আহি মদ নাখাব বুলি কোৱাটো ঠিক কথা নহ’ব৷ পিকনিকত আহি ছোৱালীয়েও মদ খোৱা মই দেখিছো৷ পিকনিকত অলপ ফূৰ্তি কৰিবলৈ আহি মদ খোৱাটো বিশৃংখলতাৰ ভিতৰত নপৰে৷ মদ খাই মাৰপিট-গুণ্ডামী, অচিনাকি মহিলাক জোকালেহে বিশৃংখল আখ্যা দিব পাৰি৷

– দিছপুৰৰ বিধায়ক অতুল বৰা

🔷  সাক্ষী মালিক বা আন যিবোৰ মল্লযোদ্ধাই অৱসৰ ঘোষণা কৰিছে তেওঁলোকে ৰাজনীতি কৰি এই পদক্ষেপ লৈছে৷ তেনে মল্লযোদ্ধাই ৰাজনীতিত যোগদান কৰাই ভাল৷ বাকীবোৰে দেশৰ হৈ খেলি যাব৷

– ৰেষ্টলিং ফেডাৰেছনৰ নতুন সভাপতি সঞ্জয় সিং

🔷  ক’ভিড আমি সৃষ্টি কৰা নাই৷ এইবাৰ ক’ভিড দুৰ্বল৷ সেয়ে এইবাৰ চিন্তাৰ কোনো কাৰণ নাই৷ বহুতেই কৈ থকাৰ দৰে নিৰ্বাচনৰ লগত ক’ভিডৰ কোনো সম্পৰ্ক নাই৷

– স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

🔷  যিখন দেশত মহিলা খেলুৱৈ দেশৰ সাংসদৰ হাতত নিৰ্যাতিত হয়, সেইখন দেশৰ চৰকাৰে প্ৰদান কৰা সন্মান মই লগত ৰাখিব নোৱাৰো৷ চৰকাৰী পক্ষৰ সাংসদে ফেডাৰেছনৰ মুৰব্বীৰ পদ অধিকাৰ কৰি তেওঁৰ ফেডাৰেছনৰ অধীনতে খেলি দেশলৈ সন্মান কঢ়িয়াই অনা মহিলা খেলুৱৈক যৌন নিৰ্যাতন কৰে৷ সেয়ে পদ্মশ্ৰী ওভতাই দিলো৷

– মল্লযোদ্ধা বজৰং পুনিয়া

🔷  কুৰুক্ষেত্ৰত আয়োজিত আন্তঃৰাষ্ট˜ীয় গীতা মহোৎসৱত ভাগ ল’বলৈ পোৱাটো মোৰ জীৱনৰ অন্যতম শ্ৰেষ্ঠ অভিজ্ঞতা৷ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰলাল খাট্টাৰজীক মই এই সুযোগ দিয়াৰ বাবে ধন্যবাদ জনাইছো৷ ইয়াত উপস্থিত হোৱা প্ৰত্যেকৰ দৰেই ময়ো আমাৰ প্ৰাচীন সভ্যতাক সুন্দৰভাৱে উপলব্ধি কৰিবলৈ সুযোগ পাইছে৷

– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা