Logo
image

ধূমপায়ীৰ ওচৰত থকাটো ধূমপানতকৈও বেছি ক্ষতিকাৰক

ধূমপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷ ধূমপান কৰিলে ধঁপাতৰ ধোঁৱা পোনে পোনে দেহত প্ৰৱেশ কৰে৷ যিটো অত্যন্ত ক্ষতিকাৰক৷ কিন্তু ধূমপান কৰোঁতে যদি কোনো এজন কাষত থাকে, তেন্তে তেওঁৰ অজানিতেই সেই ধোঁৱা কাষত থকাজনৰো দেহত প্ৰৱেশ কৰে৷ অকল ধঁপাতৰ ধোঁৱাই নহয়, ইয়াত আৰু প্ৰায় সাত হাজাৰ বিষাক্ত পদাৰ্থ থাকে, যিবোৰে কেন্সাৰৰ দৰে গুৰুতৰ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বৃদ্ধি কৰে৷

গতিকে এনে ধৰণৰ পৰোক্ষ ধূমপান প্ৰত্যক্ষ ধূমপানতকৈও বেছি ক্ষতিকাৰক বুলি প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে৷ উল্লেখ কৰা হ’ল এই ধৰণৰ পৰোক্ষ ধূমপানৰ ফলত হ’ব পৰা ক্ষতিসমূহ–

১৷ পৰোক্ষ ধূমপানে চাইনাচাইটিছ আৰু বুকুত সংক্ৰমণৰ দৰে সমস্যা বঢ়ায়৷

২৷ শিশুসকলৰ ক্ষেত্ৰত লিম্ফমা বৃদ্ধি পায়৷ তদুপৰি লিউকিমিয়া আৰু মস্তিষ্কৰ কেন্সাৰত আক্ৰান্ত হোৱাৰ আশংকা বঢ়ায়৷

৩৷ পৰোক্ষ ধূমপানে হূদৰোগৰ আশংকা ২৫১ পৰা ৩০ শতাংশ বৃদ্ধি কৰে৷ একেদৰে ষ্ট্ৰ’কৰ আশংকাও বঢ়ায়৷

৪৷ অন্তঃসত্ত্বা নাৰীৰ ক্ষেত্ৰত পৰোক্ষ ধূমপান ভ্ৰূণৰ আকস্মিক মৃত্যুৰ কাৰণ হ’ব পাৰে৷ তদুপৰি অনিচ্ছাকৃত গৰ্ভপাতৰ দৰে ঘটনাও ঘটাব পাৰে৷

৫৷ যিসকলে নিজে ধূমপান নকৰে, তেওঁলোকৰ ক্ষেত্ৰত এনেধৰণৰ পৰোক্ষ ধূমপানে হাওঁফাওঁত কেন্সাৰৰ আশংকা বৃদ্ধি কৰিব পাৰে৷ তদুপৰি পৰোক্ষ ধূমপানে ডিঙি আৰু পেটৰ কেন্সাৰত আক্ৰান্ত হোৱাৰ আশংকা বঢ়ায়৷