Logo
image

মহৰ পৰা পৰিত্ৰাণ পোৱাৰ কেইটামান প্ৰাকৃতিক উপায়

মহে সকলোকে জ্বলা-কলা কৰে৷ গাঁৱেই হওক বা চহৰেই হওক সন্ধিয়া হোৱাৰ লগে লগে মহৰ উৎপাত বাঢ়িবলৈ ধৰে৷ মহৰ কামোৰ অতি অস্বস্তিদায়ক৷ তদুপৰি মহে মেলেৰিয়া, ডেংগু আদিকে ধৰি বিভিন্ন ৰোগ বিয়পাই ফুৰে৷ সেয়ে মহৰ উৎপাতৰ পৰা পৰিত্ৰাণ পাবলৈ আমি বিভিন্ন ৰাসায়নিক স্প্ৰে' কৰাৰ উপৰি মহ খেদা ধূপ ব্যৱহাৰ কৰো৷ কিন্তু মহ খেদিবলৈ ব্যৱহাৰ কৰা ৰাসায়নিক আৰু ধূপে মানুহৰ ক্ষতি কৰে৷ এনে অৱস্থাত বিশেষজ্ঞসকলে প্ৰাকৃতিক উপায়েৰে মহ খেদাৰ পৰামৰ্শ আগবঢ়ায়৷ উল্লেখ কৰা হ’ল মহ খেদাৰ কেইটামান প্ৰাকৃতিক উপায়– 

🔷  কপূৰ্ৰঃ কপূৰ্ৰ সাধাৰণতে পূজা-অৰ্চনাৰ কামত ব্যৱহাৰ কৰা হয়৷ কিন্তু জানি আচৰিত হ’ব যে, কপূৰ্ৰৰ সহায়ত মহ অনায়াসে  খেদিব পৰা যায়৷ কপূৰ্ৰৰ গোন্ধ মহে মুঠেই সহ্য কৰিব নোৱাৰে৷ সেয়ে মহ খেদিবলৈ কপূৰ্ৰ ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰ বাবে প্ৰথমে ঘৰৰ সমস্ত দুৱাৰ-খিৰিকি বন্ধ কৰি লওক৷ এইবাৰ এটুকুৰা কপূৰ্ৰ জ্বলাই দিয়ক৷ দেখিব কিছুসময়ৰ ভিতৰতে ঘৰখন মহমুক্ত হৈ পৰিছে৷ 

🔷  নহৰুঃ কপূৰ্ৰৰ দৰে মহে নহৰুৰ গোন্ধো সহ্য কৰিব নোৱাৰে৷ নহৰুৰে মহ খেদিবলৈ হ’লে কেইকোহমান নহৰু অলপ পৰিমাণৰ পানীৰ সৈতে ভালদৰে উতলাই লওক৷ এইবাৰ সেই পানীখিনি এটা বটলত লৈ ঘৰৰ চুকে-কোণে ছটিয়াই দিয়ক৷ দেখিব লাহে লাহে মহ নাইকিয়া হ’বলৈ ধৰিছে৷ 

🔷 লেভেণ্ডাৰ অইলঃ লেভেণ্ডাৰ তেল মানুহে যিমানেই পছন্দ কৰে মহৰ বাবে সিমানেই ই অসহ্যকৰ৷ লেভেণ্ডাৰ তেলৰ গোন্ধ মহে সহ্য কৰিব নোৱাৰে৷ সেয়ে এই তেলেৰে মহ খেদিবলৈ হ’লে এটা স্প্ৰে’ বটলত ভৰাই স্প্ৰে’ কৰক৷ দেখিব নিমিষতে মহ নাইকিয়া হৈছে৷ 

🔷 পদিনা পাতঃ মহ খেদাৰ ক্ষেত্ৰত পদিনা পাতো কাৰ্যকৰী৷ ইয়াৰ বাবে পদিনাপাতৰ তেল ঘৰতস্প্ৰে’ কৰিলেই হ’ল৷ 

🔷 নেমুঃ নেমুৰে যে মহ খেদিব পৰা যায় সেয়া বহুতেই নাজানে৷ ইয়াৰ বাবে এটা নেমু টুকুৰা কৰি লৈ ভিতৰৰ অংশত লং গুজি দিয়ক৷ মন কৰিব, নেমুৰ ভিতৰত যাতে লংখিনি সম্পূৰ্ণভাৱে সোমাই পৰে৷ এইবাৰ লংযুক্ত নেমুৰ টুকুৰাসমূহ এখন প্লেটত লৈ ঘৰৰ চুকত ৰাখি দিয়ক৷ দেখিব লাহে লাহে মহ নাইকিয়া হ’বলৈ ধৰিছে৷ এই পদ্ধতিত লং আৰু নেমু দুৱাৰ-খিৰিকিত ওলোমায়ো ৰাখিব পাৰে৷

🔷 নিমপাতঃ নিমপাতেৰেও মহ খেদিব পৰা যায়৷ ইয়াৰ বাবে সন্ধিয়া কয়লা বা কাঠ কয়লাৰ জুইত নিমপাত পুৰিলেও হ’ল৷ এই জুইৰ পৰা নিৰ্গত হোৱা ধোঁৱা মহে সহ্য কৰিব নোৱাৰে৷