Logo
image

কোষ্ঠকাঠিন্য কিয় হয় কেনেদৰে সকাহ পাব

দৈনন্দিন জীৱনত তৈলাক্ত খাদ্য, পৰিশোধিত কাৰ্ব-হাইড্ৰেট, দুগ্ধজাত খাদ্য তথা ৰঙা মাংসই হজম প্ৰক্ৰিয়াক দুৰ্বল কৰি পেলায়৷ তদুপৰি কম ফাইবাৰ সমৃদ্ধ খাদ্য নিতৌ খালে বিপাক ক্ৰিয়া কমি আহে আৰু কোষ্ঠকাঠিন্যৰ লগতে বদহজম হয়৷ কোষ্ঠকাঠিন্য হোৱাৰ আন এক কাৰণ হৈছে ডি-হাইড্ৰেচন৷ শীতকালত তৃষ্ণা কম অনুভৱ কৰাৰ বাবে এই সমস্যা অধিক হয়৷ একেদৰে বগা চাউল, বগা পাষ্টা আৰু বগা আটাৰ ৰুটি খালেও কোষ্ঠকাঠিন্য হোৱাৰ আশংকা বাঢ়ে৷ যিসকলে গৰুৰ গাখীৰৰ পৰা পোৱা প্ৰ’টিনসমৃদ্ধ খাদ্য বেছিকৈ খায় তেওঁলোকৰ এই সমস্যা বেছি হয়৷ একেদৰে ছাগলীৰ মাংস বা ৰঙা মাংস জাতীয় খাদ্য বেছিকৈ খালেও কোষ্ঠকাঠিন্য হ’ব পাৰে৷ এনে অৱস্থাত খাদ্য তালিকাত ফাইবাৰসমৃদ্ধ খোৱা বস্তু ৰখা কৰক৷ ভজা খাদ্য বা ফাষ্টফুড জাতীয় খাদ্য খালেও কোষ্ঠকাঠিন্য হ’ব পাৰে৷ গতিকে কোষ্ঠকাঠিন্য সমস্যাৰ পৰা সকাহ পাবলৈ হ’লে পৰ্যাপ্ত পৰিমাণে পানীৰ লগতে ফাইবাৰসমৃদ্ধ খাদ্য খাওক৷