Logo
image

বছৰটোত ভাৰতীয় ক্ৰীড়াক্ষেত্ৰৰ কেইটামান ভাল খবৰ

২০২৩ বৰ্ষটো ভাৰতীয় ক্ৰীড়াৰ বাবে উল্লেখযোগ্য বৰ্ষ হিচাপে চিহ্নিত  হ’ব৷ বছৰটোত দেশখনৰ ক্ৰীড়াক্ষেত্ৰখনলৈ  আহিল কেইবাটাও ভাল খবৰ৷ নিঃসন্দেহে এই সাফল্যই খেলুৱৈৰ লগতে খেলৰ সৈতে জড়িতসকলক যথেষ্ট উৎসাহিত কৰিছে৷ বছৰটোত আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত ভাৰতৰ সফলতাৰ কথা উল্লেখ কৰিলে প্ৰথমেই নাম ল’ব লাগিব চীনৰ হেংঝাউত অনুষ্ঠিত এছিয়ান গেমছৰ৷ এছিয়ান গেমছৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰতৰ পদকৰ সংখ্যা বৃদ্ধি পাইছিল এশৰ অধিকলৈ৷ হেংঝাউ এছিয়ান গেমছত ভাৰতে লাভ কৰিছিল মুঠতে ১০৭টা পদক, য’ত আছিল ২৮টা স্বৰ্ণপদক, ৩১টা ৰূপ আৰু ৪১টা ব্ৰঞ্জৰ পদক৷ চীন, জাপান আৰু কোৰিয়া গণৰাজ্যৰ পাছত পদক তালিকাত ভাৰতৰ স্থান আছিল চতুৰ্থ৷ তাৰ বিপৰীতে ২০১৮ চনৰ জাকাৰ্টা এছিয়ান গেমছত ভাৰতে পাইছিল ১৬টা স্বৰ্ণ, ২৩টা ৰূপ আৰু ৩১টা ব্ৰঞ্জৰ পদক৷ এছিয়ান গেমছত ভাৰতৰ এই প্ৰদৰ্শনৰ পাছত ২০২৪ বৰ্ষত হ’বলগীয়া পেৰিছ অলিম্পিকতো ভাৰতৰ অধিক উন্নত প্ৰদৰ্শন আশা কৰা হৈছে৷ উল্লেখ্য, ২০২০ চনৰ টকিঅ’ অলিম্পিকত ভাৰতে পাইছিল এটা স্বৰ্ণপদক, দুটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জৰ পদক৷ বছৰটোৰ অক্টোবৰ-নৱেম্বৰত ভাৰতত অনুষ্ঠিত হৈছিল ৫০ অ’ভাৰৰ বিশ্বকাপ ক্ৰিকেট৷ ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলটো এখন খেলতো পৰাস্ত নোহোৱাকৈ ফাইনেলত উপনীত হৈছিল৷ কিন্তু অন্তিম যুঁজত টীম ইণ্ডিয়া পৰাস্ত হৈছিল অষ্ট্ৰেলিয়াৰ হাতত৷ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ আৰু এদিনীয়া বিশ্বকাপৰ ফাইনেলত পৰাস্ত হ’লেও ২০২৩ বছৰটো ভাৰতীয় ক্ৰিকেটৰ বাবে আছিল সফলতাৰ এটা বছৰ৷ বছৰটোত ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে [টেষ্ট, এদিনীয়া আৰু টুৱেণ্টী২০] বিশ্ব ৰেংকিঙৰ শীৰ্ষস্থানত উপনীত হৈছিল টীম ইণ্ডিয়া৷

বিশ্ব এথলেটিকছত শেহতীয়াকৈ এক সুকীয়া স্থান দখল কৰিছে ভাৰতীয় জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই৷ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণপদক দখল কৰি ভাৰতীয় এথলেটিকছলৈ আনিছিল অসাধাৰণ সাফল্য৷ বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণপদক অৰ্জন কৰা তেওঁ হৈছে প্ৰথমজন ভাৰতীয় এথলীট৷ বছৰটোত ভাৰতীয় ক্ৰীড়াক্ষেত্ৰত চমকৰ সৃষ্টি কৰা আন এজন খেলুৱৈ হৈছে ১৮ বছৰীয়া গ্ৰেণ্ডমাষ্টাৰ ৰমেশবাবু প্ৰজ্ঞানন্দা৷ দবাক কোৱা হয় মগজুৰ খেল বুলি আৰু এই মগজুৰ খেলত অসাধাৰণ দক্ষতাৰ পৰিচয় দি ফেবিয়ানো কাৰুৱানাক পৰাস্ত কৰি ফাইনেলত উপনীত হৈছিল প্ৰজ্ঞানন্দা৷ বিশ্ববিখ্যাত মেগনাছ কাৰ্লছেনৰ বিৰুদ্ধে অন্তিম যুঁজত জয়ী হ’ব নোৱাৰিেও বিশ্ব দবাৰ ফাইনেলত উপনীত হোৱা সৰ্বকনিষ্ঠ দবাৰুৰ সন্মান লাভ কৰে ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰজনে৷ ২০২৩ বছৰটো ভাৰতীয় বেডমিণ্টনৰ বাবেও আছিল বিশেষভাৱে উল্লেখযোগ্য৷ বিশ্বৰ  আগশাৰীৰ টুৰ্নামেণ্ট ইণ্ডোনেছিয়া অ’পেনৰ খিতাপ জয় কৰা ভাৰতৰ প্ৰথমটো ডাবল্‌ছ যুটি হিচাপে স্বীকৃত হয় সাত্বিকছাইাজ ৰেংকীৰেড্ডী আৰু চিৰাগ শেট্টী৷ শেহতীয়াভাৱে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত দেখুওৱা সফলতাৰ বাবে সাত্বিক আৰু চিৰাগক দেশৰ সৰ্বোচ্ছ ক্ৰীড়া সন্মান ‘ধ্যানচান্দ খেলৰত্ন’ৰ বাবে নিৰ্বাচন কৰা হৈছে৷

এছিয়ান চেম্পিয়নছ ট্ৰফীতো ভাৰতীয় পুৰুষ হকী দলটোৱে দেখুৱাইছিল উৎসাহজনক প্ৰদৰ্শন৷ ফাইনেলত মালয়েছিয়াৰ বিৰুদ্ধে ১-৩ গ’লত পিছপৰি ৰোৱাৰ পাছতো দুৰ্দান্ত প্ৰদৰ্শনেৰে ৪-৩ গ’লত জয়ী হৈ চতুৰ্থটো খিতাপ দখল কৰিছিল৷ বছৰটোত ভাৰতীয় দৃষ্টিহীন মহিলা ক্ৰিকেট দলটোৱেও ইণ্টাৰনেচনেল ব্লাইণ্ড স্প’ৰ্টছ ফেডাৰেশ্বনৰ ৱৰ্ল্ড গেমছৰ ক্ৰিকেটত অষ্ট্ৰেলিয়াক ৯ উইকেটত পৰাস্ত কৰি স্বৰ্ণপদক অৰ্জন কৰাটো আছিল ভাৰতীয় ক্ৰীড়াৰ উল্লেখনীয় সাফল্য৷ ক্ৰিকেটেই ভাৰতৰ সবাতোকৈ জনপ্ৰিয় খেল যদিও শেহতীয়াকৈ দেখা গৈছে যে বিদায় ল’বলগীয়া বছৰটোত আন কেইবাবিধো খেলত ভাৰতীয় খেলুৱৈয়ে সফলতা লাভ কৰাটো দেশৰ ক্ৰীড়াক্ষেত্ৰখনৰ বাবে উৎসাহৰ বতৰা৷  ক্ৰিকেটেই হওক অথবা ফুটবল, হকী, আৰু আন ইভেণ্ট– খেলুৱৈৰ প্ৰদৰ্শন উন্নত কৰিবলৈ হ’লে খেলক ৰাজনীতিৰ প্ৰভাৱৰ পৰা মুক্ত ৰাখিব পাৰিব লাগিব৷ ক্ৰীড়া প্ৰশাসকসকলে আপোন স্বাৰ্থ পৰিহাৰ কৰি খেল আৰু খেলুৱৈৰ হিতৰ কথা ভাবিব পাৰিব লাগিব৷ ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্বনত শেহতীয়াকৈ যি বিতৰ্কৰ সৃষ্টি হৈছে, তাৰ দ্বাৰা খেলুৱৈসকলহে ক্ষতিগ্ৰস্ত হ’ব৷ যিসকল খেলুৱৈয়ে পৰিশ্ৰম আৰু সাধনাৰে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক অৰ্জনেৰে দেশবাসীক গৌৰৱান্বিত কৰে, তেওঁলোকৰ অভাৱ-অভিযোগৰ প্ৰতি গুৰত্ব দিব লাগিব চৰকাৰৰ লগতে ক্ৰীড়া সংগঠনবোৰে৷ তেতিয়াহে অলিম্পিক, এছিয়ান গেমছৰ দৰে বৃহৎ ক্ৰীড়া সমাৰোহবোৰত অধিক পদক বুটলিবলৈ সক্ষম হ’ব ভাৰতীয় খেলুৱৈ৷