Logo
image

২৯ ডিচেম্বৰ চুক্তিৰ দিন নিৰ্ধাৰণ আলফা নেতৃত্ব সেই আন্ধাৰতেই

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৭ ডিচেম্বৰঃ বিদ্ৰোহী সংগঠন আলফা আৰু কেন্দ্ৰীয় চৰকাৰৰ ত্ৰিপাক্ষিক শান্তি চুক্তিলৈ মাজত আৰু তিনিটা দিন বাকী৷ স্বাধীন অসমৰ সপোন বুকুত বান্ধি তিনি দশক ধৰি সশস্ত্ৰ সংগ্ৰাম চলোৱা আলোচনাপন্থী সংযুক্ত মুক্তি বাহিনী, অসমৰ সৈতে ২৯ ডিচেম্বৰতে ঐতিহাসিক শান্তি চুক্তি স্বাক্ষৰ কৰিবলৈ দিন-বাৰ চূড়ান্ত কৰিছে নতুন দিল্লীয়ে৷ অৱশ্যে, পূৰ্বে বিদ্ৰোহী সংগঠনটোৰ সৈতে বছৰৰ অন্তিমটো দিনত অৰ্থাৎ ৩১ ডিচেম্বৰত চুক্তি স্বাক্ষৰৰ বাবে পৰিকল্পনা কৰিছিল যদিও কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰাজনৈতিক ব্যস্ততাৰ বাবে চুক্তি স্বাক্ষৰৰ সময় দুদিন আগুৱাই ২৯ ডিচেম্বৰত চূড়ান্ত কৰিছে৷ সাৰ্বভৌমত্বৰ দাবীৰে আলফাৰ বিপ্লৱী সশস্ত্ৰ সংগ্ৰামত সহস্ৰাধিক তেজাল অসমীয়া যুৱকে প্ৰাণ আহুতি দিয়াৰ লগতে নিৰপৰাধী শ শ লোকৰ মৃত্যু আৰু জীয়ৰী-বোৱাৰী সেনাৰ হাতত ধৰ্ষণৰ বলি হোৱাৰ পাছত কেন্দ্ৰীয় চৰকাৰে শান্তি চুক্তিৰ জৰিয়তে আলোচনাপন্থী বিদ্ৰোহী সংগঠনটোক অসমৰ বাবে কি উপহাৰ বা অধিকাৰ দিব সেয়া এই মুহূৰ্তলৈ অন্ধকাৰতে আছে৷ আলফা স্বাধীনৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া আৰু বৈদেশিক সচিব শশধৰ চৌধুৰীয়ে দিল্লীত সোমবাৰৰ পৰা বাহৰ পাতিছে যদিও কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে শীৰ্ষ নেতাদ্বয়কো চুক্তিৰ খচৰাৰ কোনো বিশদভাৱে অৱগত কৰা নাই বুলি জানিব পৰা গৈছে৷ সেয়েহে আলফাৰ শীৰ্ষ নেতৃত্বই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতে শেষ ভৰসাত আছে যদিও মুখ্যমন্ত্ৰীৰো সাক্ষাৎ লাভ নকৰা বুলি চৰ্চা লাভ কৰিছে৷ মুখ্যমন্ত্ৰীৰ লগত যোগাযোগৰ চেষ্টা চলাই যদিও মঙলবাৰে হিমন্ত বিশ্ব শৰ্মাই উত্তৰাখণ্ডত চৰকাৰী কাৰ্যসূচীত ব্যস্ত থকাত যোগাযোগত ব্যৰ্থ হয় আলফা নেতৃত্ব৷  বিশেষকৈ অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ আৰু বিধানসভাৰ ৮৮ শতাংশ সমষ্টি খিলঞ্জীয়া ভূমিপুত্ৰৰ নামত সংৰক্ষণেৰে ৰাজনৈতিক আৰু সাংবিধানিক অধিকাৰৰ দাবী চনদৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কোনো আশানুৰূপ সঁহাৰি নজনোৱাত চুক্তিত স্বাক্ষৰ কৰিবলৈ গৈ বিমোৰত পৰিছে আলফা নেতৃত্ব৷ যাৰ বাবে শেষৰখন ত্ৰিপাক্ষিক বৈঠকৰ পাছতেই আলফা নেতৃত্বই চৰকাৰৰ স্থিতিক লৈ মুকলিকৈ অসন্তুষ্টিয়ো ব্যক্ত কৰিছিল৷ চুক্তিত যদিহে মূলসূঁতিলৈ ঘূৰি অহা আলফা সদস্যসকলৰ একমাত্ৰ সংস্থাপনৰ বাহিৰে অসমৰ জাতি-জনগোষ্ঠীৰ সাংবিধানিক-ৰাজনৈতিক অধিকাৰৰ ক্ষেত্ৰত কোনো বিষয় অন্তৰ্ভুক্ত নহয়, তেনেহ’লে অসমবাসীৰ ওচৰত জবাবদিহি হোৱাৰ আশংকাত ভোগা বুলিও চৰ্চা চলিছে৷ এনে প্ৰেক্ষাপটত আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা আৰু সাধাৰণ সম্পাদক অনুপ চেতিয়া বাহিনীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতেই শেষ ভৰসা কৰিছে৷ উল্লেখ্য, খচৰাৰ প্ৰসংগত মঙলবাৰে আলফাৰ শীৰ্ষ নেতৃত্বৰ সৈতে গৃহ মন্ত্ৰণালয়ৰ বিষয়াই বিশেষ আলোচনাতো মিলিত হয়৷ দিল্লীত অনুষ্ঠিত এই বৈঠকৰ সমান্তৰালকৈ গুৱাহাটীতো অনুষ্ঠিত হয় আলফাৰ এখন বৈঠক৷ আলফাৰ একাংশ নেতাৰ উপস্থিতিত অনুষ্ঠিত হয় এই বৈঠকখন৷ বৈঠকত উপস্থিত থাকে মৃণাল হাজৰিকা, পল্লৱ শইকীয়া, অন্তু চাওদাং, বিজু ডেকা, প্ৰদ্যুৎ গোহাঁই, দেৰহাগ্ৰা বসুমতাৰী, ভাইটি বৰুৱাকে ধৰি প্ৰাণজিৎ শইকীয়া আৰু কেইবাজনো আলফা নেতা উপস্থিত থাকে৷ গুৱাহাটীত দ্বিতীয় পৰ্যায়ৰ এইসকল নেতাৰ বৈঠকত প্ৰকৃততে খচৰা-পত্ৰৰ সন্দৰ্ভত আলোচনা হোৱা বুলি জানিব পৰা গৈছে৷ অৱশ্যে চুক্তি স্বাক্ষৰ অনুষ্ঠানত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কেইবাজনো মন্ত্ৰী, শীৰ্ষস্তৰীয় আমোলাৰ লগতে অসমৰ বহুকেইজন বিশিষ্ট ব্যক্তিও উপস্থিত থাকিব৷ ২৯ ডিচেম্বৰৰ দিনা আবেলি প্ত বজাত স্বাক্ষৰিত হ’ব এই শান্তি চুক্তি৷ গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত নতুন দিল্লীৰ নৰ্থ ব্লকত আলফা আৰু ভাৰত চৰকাৰৰ মাজত স্বাক্ষৰিত হ’ব শান্তি চুক্তি৷ এই শান্তি চুক্তি স্বাক্ষৰ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকিব৷