Logo
image

নিৰ্মলাৰ পদত্যাগ দাবী, অন্যথা ৰিজাৰ্ভ বেংকসহ ৩ বেংক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৭ ডিচেম্বৰঃ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় আৰু এইছ ডি এফ চি তথা আই চি আই চি আই বেংকসহ মুঠতে ১১ স্থানত বোমা বিস্ফোৰণ ঘটোৱাৰ ভাবুকি প্ৰদানৰ ঘটনাই মঙলবাৰে মুম্বাইত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে অবিলম্বে পদত্যাগ নকৰিলে ৰিজাৰ্ভ বেংকসহ মুঠ তিনিটা ভাৰতীয় বেংকৰ ১১টা শাখা বোমাৰে উৰুৱাই দিয়া হ’ব বুলি প্ৰচণ্ড ভাবুকি দিয়া হৈছিল৷ ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয়লৈ প্ৰেৰণ কৰা ইমেইলত এই ভাবুকি প্ৰদান কৰি কোৱা হৈছিল যে মুম্বাইৰ ১১টা পৃথক পৃথক স্থানত ইতিমধ্যে বোমা স্থাপন কৰি ৰখা হৈছে৷ ৰিজাৰ্ভ বেংকৰ মুম্বাইৰ মুখ্য কাৰ্যালয়, এইছ ডি এফ চি আৰু আই চি আই চি আই বেংকৰ মুখ্য কাৰ্যালয়ৰ লগতে মুঠতে ১১ টা স্থানত বোমা স্থাপন কৰি ৰখা হৈছে আৰু নিৰ্মলা সীতাৰমণ তথা শক্তিকান্ত দাসে পদত্যাগ নকৰিলে সেই বোমাৰ ধাৰাবাহিক বিস্ফোৰণ ঘটোৱা হ’ব৷ ইমেইলত বোমা স্থাপন কৰা স্থানো উল্লেখ কৰা হৈছিল৷ ভাৰতৰ ইতিহাসত বৃহত্তম কেলেংকাৰি সংঘটিত কৰাৰ বাবেই বিত্তমন্ত্ৰী আৰু ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰৰ পদত্যাগ দাবী কৰা হৈছিল৷ এই কেলেংকাৰিত দেশৰ বহু শীৰ্ষ বেংক বিষয়া আৰু কেন্দ্ৰীয় মন্ত্ৰী জড়িত থকা বুলি দাবী কৰা হৈছিল ইমেইলত৷ ৰিজাৰ্ভ বেংকৰ পৰা এই ভাবুকিৰ কথা জনোৱাৰ লগে লগে মুম্বাই আৰক্ষী অভিযানত নামি পৰে আৰু ইমেইলত উল্লেখ থকা প্ৰতিটো স্থান পৰীক্ষা কৰে৷ অৱশ্যে কোনো ঠাইৰ পৰাই আৰক্ষীয়ে বোমা উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল৷ দিনৰ ১.৩০ বজাত বোমাসমূহ বিস্ফোৰণ ঘটোৱা হ’ব বুলি দাবী কৰিলেও সেই দাবী ভুৱা বুলিয়েই প্ৰতিপন্ন হয়৷ অৱশ্যে এই খবৰ বিয়পি পৰাৰ লগে লগে বেংক কৰ্মচাৰীৰ মাজত আতংকৰ সৃষ্টি হয়৷ ভাবুকি আহিছিল ‘খিলাফত ডট ইণ্ডিয়া এট জিমেইল ডট কম’ৰ পৰা৷ মুম্বাই আৰক্ষীয়ে সেই মেইল আইডিৰ নামত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷