Logo
image

ফেইল কৰাৰ পাছতো জয়ন্ত-প্ৰিয়ংকাক বাছনি কৰিছিল ৰাকেশ পালে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৭ ডিচেম্বৰঃ এপিএছচিৰ নিযুক্তি কেলেংকাৰিৰ গোচৰত মঙলবাৰে চি আই ডিৰ কাৰ্যালয়ত জেৰাৰ সন্মুখীন হয় দুই কলংকিত কৰ অধীক্ষক৷ কুখ্যাত ৰাকেশ পালৰ আমোলত বাছনি লাভ কৰা কৰ পৰিদৰ্শক জয়ন্ত দলে আৰু প্ৰিয়ংকা ডেকাক দিনজোৰা জেৰা কৰে এছ আই টিয়ে৷ অৱশ্যে এপিএছচিৰ পৰীক্ষাত অনুত্তীৰ্ণ হৈয়ো ৰাকেশ পালৰ কৃপাত বাছনি লাভ কৰা অভিযুক্ত বিষয়াদ্বয়ক এছ আই টিয়ে গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে প্ৰাথমিক সোধা-পোছা কৰিয়েই যাবলৈ দিয়া পৰিলক্ষিত হয়৷ টেবুলেশ্বন শ্বীটত নম্বৰ বৃদ্ধি কৰি বাছনি হোৱা এই দুয়োজন অভিযুক্তকে ইতিমধ্যে বি কে শৰ্মাৰ ন্যায়িক আয়োগে দোষী সাব্যস্ত কৰিছে৷  বৰ্তমান কৰ অধীক্ষক পদলৈ পদোন্নতি লাভ কৰা জয়ন্ত দলেয়ে ইংৰাজী বিষয়ত লাভ কৰিছিল মাত্ৰ ৭১ নম্বৰ৷ কিন্তু পাল বাহিনীয়ে অতিৰিক্ত ১০০ নম্বৰ যোগ দি ইংৰাজীত কৰিছিল ১৭১ নম্বৰ৷ আনহাতে সাধাৰণ জ্ঞানৰ কাকতত লাভ কৰা ৭৭ নম্বৰকো বৃদ্ধি কৰি কৰিছিল ১৭৭ নম্বৰলৈ৷ তদুপৰি জয়ন্তই বুৰঞ্জীৰ প্ৰথম পেপাৰত লাভ কৰা ৮৭ নম্বৰক টেবুলেশ্বন শ্বীটত ১৫১ নম্বৰলৈ বৃদ্ধি কৰিছিল৷ একেদৰে কৰ অধীক্ষকলৈ পদোন্নতি লাভ কৰা প্ৰিয়ংকা ডেকায়ো পৰীক্ষাত ফেইল কৰিছিল৷ প্ৰিয়ংকাই আইন বিষয়ৰ প্ৰথম পেপাৰত লাভ কৰিছিল ৯৪ নম্বৰ৷ কিন্তু ৰাকেশ পালে টেবুলেশ্বন শ্বীটত ইয়াক ১১৪ নম্বৰলৈ বৃদ্ধি কৰিছিল৷ আনহাতে আইনৰ দ্বিতীয়খন কাকততো লাভ কৰা ৬২ নম্বৰক বৃদ্ধি কৰি কৰা হৈছিল ১০২ নম্বৰ৷ প্ৰিয়ংকা ডেকাই সমাজতত্ব বিষয়ত লাভ কৰা ৯৩ নম্বৰকো বৃদ্ধি কৰি ১২৩ নম্বৰ কৰিছিল ৰাকেশ পাল এণ্ড কোম্পানীয়ে৷ কিন্তু মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানে এই দুই অভিযুক্ত প্ৰাৰ্থীৰ অপৰাধক শ্ৰেণী বিভাজন কৰাৰ পৰিপ্ৰেক্ষিতত এছ আই টিয়ে গ্ৰেপ্তাৰৰ পৰা বিৰত থাকে বুলিও তদন্তকাৰী আৰক্ষীয়ে জানিবলৈ দিছে৷ আনহাতে ২৯ ডিচেম্বৰত এছ আই টিয়ে অভিযুক্ত এ চি এছ বিষয়া হিতেশ মজুমদাৰ আৰু নিয়োগ বিষয়া গীতাৰ্থ বৰুৱাক জেৰাৰ বাবে তলব কৰিছে৷