Logo
image

এই পাঁচবিধ খাদ্যই বৃক্কৰ বাৰুকৈয়ে ক্ষতি কৰিব পাৰে

আহাৰ গ্ৰহণ প্ৰক্ৰিয়াৰ সৈতে স্বাস্থ্যৰ আছে বিশেষ সম্পৰ্ক৷ কেতিয়াবা খাদ্যগ্ৰহণত হোৱা বিসংগতিৰ বাবেই নানা ধৰণৰ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে৷ কেতিয়াবা কিছুমান খাদ্যই বৃক্কৰ কাম-কাজত বাধা প্ৰদান কৰে৷ ফলত কেতিয়াবা বৃক্ক বিকল পৰ্যন্ত হয়৷ 

🔷 অতিৰিক্ত চৰ্বিযুক্ত খাদ্যঃ অতিৰিক্ত  চেনি অথবা ছডিয়াম উপলব্ধ খাদ্যই বৃক্কৰ ক্ষতি কৰাৰ আশংকা থাকে৷ সেইবাবে ঘৰৰ বাহিৰত আহাৰ গ্ৰহণৰ পৰা বিৰত থাকিব লাগে৷ 

🔷 মেয়োনিজঃ ফাষ্টফুড জাতীয় খাদ্যৰ সৈতে মেয়োনিজ বেছিকৈ ব্যৱহাৰ কৰা হয়৷ চালাড, ছেন্দুইজ, বাৰ্গাৰ আদি প্ৰস্তুত কৰোঁতে মেয়োনিজ ব্যৱহাৰ কৰা হয়৷ এচামুচ মেয়োনিজত প্ৰায় ১০৩ কেলৰি থাকে৷ এই ধৰণৰ খাদ্য খোৱাৰ ফলত শৰীৰত চৰ্বিৰ পৰিমাণ বৃদ্ধি পায়৷ সেইবাবে ছডিয়াম আৰু চেনিৰ পৰিমাণ বেছি থকা খাদ্য এৰাই চলিব লাগে৷ 

🔷 ফ্ৰেন্স ফ্ৰাইঃ আলুৰ ফ্ৰেন্স ফ্ৰাই বা আলুৰ চিপছ বৃক্কৰ বাবে ক্ষতিকাৰক৷ যিহেতু ফ্ৰেন্স ফ্ৰাই প্ৰস্তুত কৰোতে বেছি পৰিমাণে তেল ব্যৱহাৰ কৰা হয়৷ তদুপৰি আলুত পটাছিয়ামৰ পৰিমাণ বেছি থাকে৷ যাৰ বাবে ফ্ৰেন্স ফ্ৰাই বা আলুৰ চিপছ খালে বৃক্কৰ বাবে ক্ষতিকাৰক হ’ব পাৰে৷

🔷 প্ৰক্ৰিয়াজাত মাংসঃ প্ৰক্ৰিয়াজাত মাংস খালেও বৃক্কৰ বাবে ক্ষতিকাৰক হ’ব পাৰে৷ বেকন, হটডগ, বাৰ্গাৰ, প্যাটিছ আদি সঘনাই খালে বৃক্কৰ ক্ষতি কৰিব পাৰে৷ 

🔷 বজাৰত উপলব্ধ পানীয়ঃ বজাৰত উপলব্ধ বিভিন্ন ধৰণৰ পানীয়ৰ পৰাও কেতিয়াবা বৃক্কৰ ক্ষতি হোৱাৰ আশংকা থাকে৷ এনেধৰণৰ পানীয়ত পুষ্টি গুণতকৈ অতিৰিক্ত কেলৰি পোৱা যায়৷ যিয়ে বৃক্কৰ বাবে ক্ষতিকাৰক হ’ব পাৰে৷ সেয়েহে এনেধৰণৰ খাদ্য খাওতে সাৱধান হ’ব লাগে৷