Logo
image

১৪ জানুৱাৰীৰ পৰা ৰাহুল গান্ধীৰ ‘ভাৰত ন্যায় যাত্ৰা’;ৰাহুলৰ নতুন যাত্ৰা কেতিয়া আৰু ক'ত আৰম্ভ হ'ব?

ডিজিটেল ডেস্কঃ  ভাৰত জোড়ো যাত্ৰাৰ পিছত এইবাৰ কংগ্ৰেছে আৰম্ভ কৰিব  ভাৰত ন্যায় যাত্ৰা। দেশৰ উত্তৰ-পূব আৰু পশ্চিমৰ ৰাজ্যসমূহত কংগ্ৰেছৰ ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাহুল গান্ধীয়ে এই যাত্ৰা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে।  ভাৰত জোড়ো যাত্ৰাৰ পিছত এইবাৰ কংগ্ৰেছ দলে ১৪ জানুৱাৰিৰ পৰা ২০ মাৰ্চলৈ আয়োজন কৰিছে ‘ভাৰত ন্যায় যাত্ৰা’। মণিপুৰৰ পৰা আৰম্ভ কৰিবলগীয়া এই যাত্ৰাৰ অন্ত পৰিব মুম্বাইত। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কে চি বেনুগোপালে এই কথা প্ৰকাশ কৰে।তেওঁ লগতে কয় যে ৰাহুলে ৬৫ দিনীয়া যাত্ৰাত মুঠ ৬,২০০ কিলোমিটাৰ ভ্ৰমণ কৰিব।

কংগ্ৰেছ দলৰ তথ্য অনুসৰি ‘ভাৰত ন্যায় যাত্ৰা’ৰ সময়ত ৰাহুল গান্ধীয়ে ১৪খন ৰাজ্য আৰু ৮৫খন জিলা সামৰি ল’ব। তেওঁ যি ৰাজ্যৰ মাজেৰে পাৰ হ’ব সেই ৰাজ্যসমূহৰ ভিতৰত আছে মণিপুৰ, নাগালেণ্ড, অসম, মেঘালয়, পশ্চিম বংগ, বিহাৰ, ওড়িশা,ঝাৰখণ্ড, ছত্তীশগড়, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ৰাজস্থান, গুজৰাট আৰু মহাৰাষ্ট্ৰ। কিন্তু এইবাৰ এই যাত্ৰা আৰু ভাৰত জোড়ো যাত্ৰাৰ মাজত পাৰ্থক্য থাকিব। এইবাৰ অধিক সংখ্যক ঠাই বাছেৰে ভ্ৰমণ কৰা হ’ব আৰু কিছু কিছু ঠাইত পদযাত্ৰা কৰা হ’ব।