Logo
image

বন্যহস্তীৰ সুৰক্ষা

অসমৰ বনাঞ্চলত থকা বন্যপ্ৰাণীৰ ভিতৰত অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গঁড় সংৰক্ষণক লৈ সৰৱ আৰু সজাগ চৰকাৰ কিম্বা সাধাৰণ ৰাইজ৷ কাজিৰঙা বা আন উদ্যানত বাস কৰা এশিঙীয়া গঁড়ৰ সংৰক্ষণত হোৱা ব্যয়ত কৃপণালি নকৰে কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰে৷ যান-বাহনৰ লগতে বাটে-পথে স্থাপন কৰা বৃহৎ বৃহৎ হ’ৰ্ডিংবোৰত জিলিকি থাকে এশাৰী বাক্য– ‘Save Rhino–Save Assam’৷ ২০২২ বৰ্ষত চলোৱা গণনা মতে, অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাস কৰা গঁড়ৰ সংখ্যা ২,৬১৩টা আৰু ওৰাং, পবিতৰা আৰু মানাহত থকা এশিঙীয়া গঁড়ৰ সংখ্যা কমেও ২৫০টা৷ কিন্তু প্ৰশ্নটো হৈছে, অসমৰ বনাঞ্চলত বাস কৰা হাতীৰ সুৰক্ষাত আজিও কিয় সৰৱ নহ’ল অসম৷ ২০২৩ বৰ্ষৰ মাৰ্চত অসম বিধানসভাত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দিয়া তথ্যমতে, বৰ্তমান অসমত বন্যহস্তীৰ সংখ্যা ৫,৭০০টা৷ ২০০১ চনৰ পৰা ২০২২ চনলৈ অসমত অস্বাভাৱিকভাৱে মৃত্যু হোৱা হাতীৰ সংখ্যা ১,৩৩০টা৷ ২০১৩ বৰ্ষতে সৰ্বাধিক ১০৭টা হাতীৰ মৃত্যু হৈছিল৷ সেইদৰে ২০২টা হাতীক বিদ্যুতৰ দ্বাৰা, ৬৫টা হাতীক বিহ খুৱাই, ৪০টা হাতীক গুলীয়াই হত্যা কৰা হৈছিল ২০০১ চনৰ পৰা ২০২২ চনলৈ৷ প্ৰশ্নটো হৈছে, ইমান হাতীক হত্যা কৰাৰ পাছতো কিয় নীৰৱ অসমৰ নাগৰিক? অসমত থকা ২৬,৮৩৬ বৰ্গ কিঃমিঃ বনাঞ্চলত কিয় সুৰক্ষিত নহয় অসমৰ হাতী?

হাতীৰ বসতিস্থল হিচাপে সংৰক্ষণ কৰা অসমৰ পাঁচখন বনাঞ্চল হৈছে– চিৰাং-ৰিপু (কোক্‌ৰাঝাৰ, চিৰাং, বাগ্‌সা, ওদালগুৰি], শোণিতপুৰ; দিহিং-পাটকাই [ডিব্ৰুগড়, তিনিচুকীয়া); কাজিৰঙা-কাৰ্বি আংলং (শোণিতপুৰ, নগাঁও, গোলাঘাট, কাৰ্বি আংলং) আৰু ধনশিৰি-লামডিং (কাৰ্বি আংলং, নগাঁও, ডিমা হাচাও)৷ এই সংৰক্ষিত বনাঞ্চলসমূহৰ ভিতৰত সৰ্বাধিক হাতী আছে কাজিৰঙা-কাৰ্বি আংলং সংৰক্ষিত বনাঞ্চলত৷ প্ৰতিটো বৰ্ষৰ নৱেম্বৰৰ পৰা হাতীয়ে ভ্ৰমণ কৰে জনাঞ্চলসমূহত৷ প্ৰকৃততে শীতৰ আগমনৰ লগে লগে বনাঞ্চলসমূহত হ্ৰাস পোৱা খাদ্য আৰু পানীৰ সন্ধানত নাগৰিকৰ মাজত উপস্থিত হোৱা হাতীক লৈ শংকিতহৈ পৰে একাংশ নাগৰিক৷ শেহতীয়াকৈ অসমৰ একাংশ নাগৰিক আৰু সংবাদকম¹ৰ মুখত বন্যহস্তীৰ আগমনক লৈ শুনিবলৈ পোৱা যায় প্ৰতিবাদ৷ পথাৰত উপস্থিত হোৱা বন্যহস্তীক শীঘ্ৰে বনাঞ্চললৈ ঘূৰাই পঠাবলৈ দাবী কজনায় প্ৰতিবাদী নাগৰিকে৷ কাৰোবাৰ বাৰীত আশ্ৰয় লোৱা হাতীৰ দলটোক চাবলৈ উপস্থিত হোৱা শতাধিক যুৱকৰ কোলাহলত দিশহাৰা হাতীয়ে আৰম্ভ কৰে প্ৰত্যাক্ৰমণ৷ বৰ্তমান অসমৰ পথাৰবোৰত খেতিয়কে ইতিমধ্যে ধান কটাৰ কাম সমাপ্ত কৰিছে যদিও পথাৰত থকা ধানৰ নৰা খাবলৈ অহা হাতীৰ দলবোৰক শত্ৰুজ্ঞান কৰে একাংশ যুৱকে৷ বাৰীৰ এজোপা কলগছ খোৱাটোও সহ্য নকৰে একাংশ নাগৰিকে৷ নিশাৰ ভাগত ৰাইজৰ আহ্বানত বন্যহস্তী খেদিবলৈ অহা বন বিভাগৰ কম¹সকলক একাংশ সুৰাপায়ী যুৱকে কৰা অভব্য আচৰণকো মূৰ পাতি লৈ শক্তিশালী হাতীৰ দলৰ পাছত দৌৰা বনকম¹সকলৰ প্ৰতি নাথাকে কৃতজ্ঞতা৷

প্ৰশ্নটো হৈছে, অসমৰ প্ৰায়বোৰ জিলাতেই বৃদ্ধি পোৱা বন্যহস্তীৰ আগমনক কেনেদৰে প্ৰতিহত কৰিব পাৰিব চৰকাৰে? হাতীৰ বসতিস্থলবোৰত মানৱে কৰা ধ্বংসলীলা কিমান দিনলৈ চাই থাকিব প্ৰকৃতিপ্ৰেমী সংগঠনসমূহে? সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ অনুমতিত চলি থকা শিলৰ কোৱাৰীবোৰ কেতিয়া বন্ধ হ’ব? বনাঞ্চলত চলি থকা গছ কটা প্ৰবৃত্তিবোৰৰ প্ৰতি শূন্য সহনশীলতা নীতি কেতিয়া গ্ৰহণ কৰিব চৰকাৰে?

বন্যহস্তীৰ সংৰক্ষণ আৰু হস্তী-মানৱৰ সংঘাত দূৰ কৰিবলৈ এক ব্যাপক জনজাগৰণ কাৰ্যসূচীৰ প্ৰয়োজনীয়তা আছে৷ মানৱৰ বন্যহস্তীৰ প্ৰতি গঢ় লোৱা শত্ৰুজ্ঞানৰ আন এক কাৰক হৈছে অসমৰ পথৰ ওপৰত চৰি ফুৰা ঘৰচীয়া হাতীকেইটা৷ প্ৰশাসনৰ চকুৰ সন্মুখতে ৰাজপথৰ ওপৰত ভিক্ষাবৃত্তিত নিয়োজিত একাংশ ঘৰচীয়া হাতীক নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজন হৈ পৰিছে৷ মালিকৰ স্বাৰ্থত ভিক্ষাবৃত্তিত নিয়োজিত একাংশ ঘৰচীয়া হাতীক পুনৰ হাবিত এৰি দিয়াৰ আঁচনি গ্ৰহণ কৰাৰ কথা চিন্তা কৰিব পাৰে ৰাজ্য চৰকাৰে৷ বন্যহস্তীৰ সুৰক্ষাৰ স্বাৰ্থত অসমৰ বন বিভাগৰ কম¹সকলৰ প্ৰশিক্ষণৰ প্ৰয়োজন আছে৷ বন বিভাগৰ বিষয়াসকলক প্ৰশিক্ষণ দিয়া পৰম্পৰাটো সলনি কৰি নিম্নবৰ্গৰ বনকম¹সকলক বন্যহস্তীৰ আচৰণ, খাদ্যাভ্যাস, গমন আৰু প্ৰতিৰোধ পন্থাৰ প্ৰশিক্ষণৰ প্ৰয়োজন আছে৷ অসম আৰক্ষীত পেটুৱা আৰক্ষীক যিদৰে চৰকাৰে সজাগ কৰিছে, ঠিক একেদৰে বনকম¹সকলৰ স্বাস্থ্যৰ পৰ্যালোচনাৰ প্ৰয়োজন আছে৷ অসমৰ চলচ্ছিত্ৰ জগতত ১৯৮৪ চনৰ পহিলা জানুৱাৰীত মুকলি হোৱা ‘ককাদেউতা নাতি আৰু হাতী’ ছবিখনত শিশু চৰিত্ৰত অভিনয় কৰা অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে কঠিন নহ’ব বন্যহস্তী সুৰক্ষা কৰা৷ যিদৰে তেওঁৰ প্ৰচেষ্টাত আজি অসমত সুৰক্ষিত এশিঙীয়া গঁড়, ঠিক সেইদৰে তেনে এক প্ৰচেষ্টাই সুৰক্ষিত কৰিব বন্যহস্তীক৷ সুৰক্ষিত হওক অসমৰ অলিয়ে-গলিয়ে খাদ্যৰ সন্ধানত গমন কৰা বন্যহস্তী৷ বন্যহস্তীৰ গালৈ জুই নিক্ষেপ কৰা, শেল মৰা বা বিদ্যুতৰ সংযোগে দি হত্যা কৰা একাংশ ব্যক্তিৰ প্ৰতি শূন্যসহনশীল নীতিৰ পোষকতা কৰা উচিত৷