Logo
image

ওজন হ্ৰাস কৰিবলৈ এই তিনিবিধ খাদ্য পৰিহাৰ কৰক

মেদবহুলতাৰ বাবে ওজন সাধাৰণতে বৃদ্ধি পায়৷ কেতিয়াবা অন্যান্য কাৰণতো শৰীৰৰ ওজন মাত্ৰাধিক বৃদ্ধি পায়৷ এইদৰে ওজন বৃদ্ধি পোৱাৰ ফলত শৰীৰ নানা ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে৷ ওজন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত খাদ্য গ্ৰহণ প্ৰক্ৰিয়া জড়িত হৈ আছে৷ কিছুমান খাদ্যই শৰীৰৰ ওজন বৃদ্ধিত সহায় কৰে৷ সেয়েহে কেইবিধমান খাদ্য গ্ৰহণ কৰোঁতে সতৰ্ক হ’ব লাগে৷

🔷 চেনিঃ শৰীৰত চেনিৰ পৰিমাণ বৃদ্ধি পালে বিভিন্ন ধৰণৰ ৰোগৰ আশংকা বৃদ্ধি পায়৷ সেয়েহে চেনিযুক্ত খাদ্য সদায় পৰিমিত পৰিমাণেহে খাব লাগে৷ চেনিৰ পৰা প্ৰস্তুত কৰা মিঠাই অথবা বিস্কুট আদি বেছিকৈ খালে শৰীৰৰ ওজন বৃদ্ধি পাব পাৰে৷ সেয়েহে চেনিযুক্ত আহাৰ খাওতে সতৰ্ক হ’ব লাগে৷ চেনিৰ পৰিৱৰ্তে মৌ অথবা গুৰ স্বাস্থ্যৰ বাবে উত্তম৷

🔷 ভাতঃ ভাতত শৰ্কৰাৰ মাত্ৰা বেছি থাকে৷ যাৰ বাবে ভাত বেছিকৈ খালে শৰীৰৰ ওজন বৃদ্ধি পায়৷ সেয়েহে নিশা ভাতৰ পৰিৱৰ্তে অন্য লঘু আহাৰ গ্ৰহণ কৰিলে ওজন নিয়ন্ত্ৰণত থাকে৷

🔷 পাউৰুটিঃ সাধাৰণতে পুৱাৰ আহাৰ হিচাপে পাউৰুটি বহুতৰে প্ৰিয়৷ কিন্তু যিকোনো ধৰণৰ ৰোগত আক্ৰান্ত হ’লে পাওৰুটি খোৱা বন্ধ কৰিব লাগে৷ যিহেতু পাউৰুটিৰ পৰা সংক্ৰমণ হোৱাৰ আশংকা থাকে৷ তদুপৰি পাউৰুটিত থকা বিভিন্ন উপাদানে শৰীৰৰ ওজন বৃদ্ধিত সহায় কৰে৷ সেয়েহে ওজন হ্ৰাস কৰিবলৈ পাউৰুটি ত্যাগ কৰাটো জৰুৰী৷