Logo
image

বহুমূত্ৰৰ বাবে কেৰেলাৰ ৰস ভাল কিন্তু সাৱধান হওক

ছুগাৰ নিয়ন্ত্ৰণত ৰখাৰ বাবে বহুতে কেৰেলাৰ ৰস খালী পেটতে সেৱন কৰে৷ কিন্তু বিশেষজ্ঞসকলৰ মতে এনে ৰস মাত্ৰাধিক পৰিমাণে খালে বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে৷

লিভাৰৰ ক্ষতি হোৱাৰ আশংকাঃ ডায়বেটিছ ৰোগীয়ে ছুগাৰ নিয়ন্ত্ৰণ ৰখাৰ বাবে কেৰেলাৰ ৰস খোৱাৰ অভ্যাস কৰে৷ কিন্তু এই অভ্যাসে লিভাৰৰ ওপৰত বেয়া প্ৰভাব পেলাব পাৰে৷ কেৰেলাৰ ৰসত লেক্টিন নামৰ যি উপাদান থাকে সি লিভাৰৰ বাবে ক্ষতিকাৰক৷ লিভাৰৰ সমস্যাত আক্ৰান্ত সকলে কেৰেলাৰ ৰস খোৱাৰ পৰা বিৰত থাকিব লাগে৷

ছুগাৰ নিম্ন হ’লেঃ কেৰেলা খালে ৰক্তত সৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে যদিও ছুগাৰ নিম্ন হৈ থাকিলে ই বিৰূপ প্ৰভাব পেলায়৷ যাৰ ছুগাৰৰ পৰিমাণ কম থাকে সেইসকলে কেৰেলা বা ইয়াৰ ৰস বেছিকৈ খালে ছুগাৰৰ পৰিমাণ নিম্নগামী হোৱাৰ আশংকা থাকে৷

বমি হোৱাৰ আশংকাঃ কেৰেলা বা ইয়াৰ ৰস নিয়মীয়াকৈ খোৱাৰ ফলত বিষক্ৰিয়াত আক্ৰান্ত হ’ব পাৰে৷ তদুপৰি ইয়াৰ ফলত বমি আৰু ডায়েৰিয়াত আক্ৰান্ত হ’ব পাৰে৷ এই ক্ষেত্ৰত শিশুসকলক কেৰেলা বা ইয়াৰ ৰস খোৱাৰ ক্ষেত্ৰত বেছি সাৱধান হ’ব লাগে৷ প্ৰয়োজনত চিকিৎসকৰ পৰামৰ্শ লৈহে এনে অভ্যাস কৰিব লাগে৷

ঋতুস্ৰাৱ আৰু গৰ্ভাৱস্থাতঃ ঋতুস্ৰাৱ বা গৰ্ভৱতী অৱস্থাত কেৰেলা বেছিকৈ খালে ৰক্তপ্ৰৱাহ বৃদ্ধি পায়৷ এইক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লৈহে খোৱাৰ অভ্যাস কৰিব লাগে৷