Logo
image

উক্তি-বক্ৰোক্তি

এয়া আত্মসমৰ্পণৰ দলিল৷ চুক্তিত প্ৰকাশ পাইছে আলফা নেতৃত্বৰ অপৰিপক্কতা৷ নিৰ্বাচনৰ আগতে বিজেপিয়ে কিবা এটা দিলো বুলি ক’বলৈ এই চুক্তি৷ অসমক লৈ বিজেপিৰ যি হিচাপ, সেয়া দেখা গৈছে চুক্তিত৷ 

–ড॰ হীৰেন গোহাঁই

কাৰ মূৰ্তি ৰাম মন্দিৰৰ গৰ্ভগৃহত থাকিব, সেয়া চূড়ান্ত হৈছে আৰু এই সংক্ৰান্তত সকলো প্ৰক্ৰিয়া সম্পন্ন হৈছে৷ তিনিজন শিল্পীৰ দ্বাৰা তিনিটা ৰামলালাৰ মূৰ্তি নিৰ্মাণ কৰা হৈছিল৷ তাৰে এটাহে শেষ পৰ্যন্ত গৰ্ভগৃহত প্ৰতিষ্ঠা কৰা হ’ব৷ ঐশ্বৰিক গুণত যিটো মূৰ্তি শ্ৰেষ্ঠ বুলি বিবেচিত হ’ব আৰু যি মূৰ্তিত ৰামচন্দ্ৰৰ বাল্যকালৰ মুখৰ ছবি ফুটি উঠিব সেই মূৰ্তিকে চূড়ান্ত কৰা হৈছে৷

–শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাস

অসমত স্থায়ী শান্তি সকলোৱে কামনা কৰে৷ আলফা- চৰকাৰৰ শান্তি চুক্তিয়ে আগন্তুক দিনত অসমত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰিব৷ অসম উন্নতিৰ দিশত আগবাঢ়ি যাব৷ 

– কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

বিজেপি এইবাৰৰ সাধাৰণ নিৰ্বাচনত দেশৰ জনসাধাৰণৰ বাবে স্বাভাৱিক পছন্দ৷ লোকসভা নিৰ্বাচনত দেশৰ জনতাই কাক বাছনি কৰে সেয়া তেওঁলোকে ইতিমধ্যে নিৰ্ধাৰণ কৰি লৈছে৷ দেশৰ ভোটাৰে কেতিয়াও মিলি-জুলি চৰকাৰ নিবিচাৰে৷ 

–প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

পৰেশ বৰুৱা অবিহনে শান্তি চুক্তি সম্ভৱ নহয়৷ আলফা-চৰকাৰৰ চুক্তিখনক বিজেপিৰ আগন্তুক সাধাৰণ নিৰ্বাচনৰ ৰাজনৈতিক বৈতৰণী পাৰ হোৱাৰ হাথিয়াৰ বুলি ক’ব পাৰি৷

–অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ

মই ক’ব খোজো যে ভগৱান শ্ৰীৰামচন্দ্ৰ কেৱল এজনৰ নহয়৷ তেওঁ সমগ্ৰ জাতিৰ ভগৱান৷ তেওঁ কেৱল হিন্দুৰে নহয়, সমগ্ৰ বিশ্বৰ প্ৰভু৷ অযোধ্যাত ৰাম মন্দিৰৰ উদ্বোধন সমাগত৷ তাৰ বাবে মই ৰাম মন্দিৰৰ সৈতে জড়িত সকলোকে অভিনন্দন জনাইছোঁ৷ 

–নেশ্বনেল কনফাৰেন্সৰ মুৰব্বী ফাৰুক আব্দুল্লা

আলফা-চৰকাৰৰ মাজত হোৱা চুক্তিখন দুৰ্বল মনৰ আত্মসমৰ্পণ কৰা মানুহৰ লজ্জা ঢকাৰ কাৰণে ব্যৱহাৰ কৰা দুৰ্বল এখন পৰ্দাৰ বাদে আন একো নহয়৷ অসমৰ দুৰ্বল সংগঠন এটায়ো এনে চুক্তি নকৰে৷ 

–বিধায়ক অখিল গগৈ

ৰামলালা মোৰো৷ যেতিয়াই ইচ্ছা মই তেতিয়াই যাব পাৰোঁ৷ মন গ’লে এতিয়াও যাব পাৰোঁ৷ ইচ্ছা হ’লে কাইলৈও যাব পাৰোঁ৷ হয়, মোক ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা নাই৷ কিন্তু মই ভাবো এই অনুষ্ঠানত তেওঁলোকৰ উপস্থিতি প্ৰয়োজন আছিল, যি বাবৰি মছজিদ ভাঙোতে প্ৰথম হাতুৰীৰ কোব মাৰিছিল৷

–শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাক্‌ৰে

পৰেশ বৰুৱা মূল সুঁতিলৈ ঘূৰি আহক৷ অসমৰ প্ৰতি তেওঁৰ দায়িত্ব আছে৷ তেওঁ জংঘলত থাকি অসমখনক আগুৱাই নিব নোৱাৰিব৷ ৰাইজৰ মাজত থাকিহে অসমক আগুৱাই নিব পাৰিব৷

–বিটিআৰ প্ৰধান প্ৰমোদ বড়ো

ইণ্ডিগোৱে মোক অযোধ্যালৈ প্ৰথমখন বিমান চলাই নিবলৈ সুযোগ দিয়াৰ বাবে নিজকে সৌভাগ্যবান অনুভৱ কৰিছোঁ৷ জয় শ্ৰীৰাম৷

–ইণ্ডিগোৰ পাইলট কেপ্তেইন আশুতোষ শেখৰ