Logo
image

তেজপাতেৰে চুলিৰ যতন লওক

 যিকোনো বয়সৰ লোকৰ চুলি সৰা বা চুলি পকাৰ দৰে সমস্যা সৃষ্টি হ’ব পাৰে৷ কেতিয়াবা চুলি একেবাৰে সৰি যোৱাৰ ফলত বজাৰত উপলব্ধ নানাধৰণৰ ঔষধ প্ৰয়োগ কৰা হয়৷ এনে ঔষধ প্ৰয়োগৰ ফলত কেতিয়াবা অন্য ধৰণৰ শাৰীৰিক সমস্যাৰো সৃষ্টি হয়৷ এই সমস্যাৰ পৰা হাত সাৰিবলৈ ঘৰুৱাভাৱেও ব্যৱস্থা গ্ৰহণ কৰিব পাৰি৷ সাধাৰণতে ভিটামিনৰ অভাৱ, প্ৰদূষণ আদিৰ ফলত চুলি অকালতে সৰাৰ দৰে সমস্যাৰ সৃষ্টি হয়৷ চুলি সৰাৰ পৰা হাত সাৰিবলৈ তেজপাত বিশেষভাৱে ব্যৱহাৰ কৰিব পাৰি৷ বিশেষ পদ্ধতিৰে এসপ্তাহ তেজপাত ব্যৱহাৰ কৰিলেই চুলি সৰা সমস্যাৰ পৰা হাত সাৰিব পাৰি৷ 

🔷 চুলি সৰাত তেজপাতে বাধা দিয়েঃ দহটা তেজপাত ভালদৰে ধুই লৈ ৰ লিটাৰমান পানীত উতলাব লাগে৷ তেজপাতৰ সৈতে পানীখিনি উতলোৱাৰ পাছত তেজপাতখিনি আঁতৰাই ৰাখি আৰু ৫-৬ মিনিটমান উতলাই পানীখিনি ঠাণ্ডা হ’বলৈ দিব লাগে৷  পাছত সেই পানীৰে চুলিখিনি ধুই পেলাব লাগে৷ এইদৰে তেজপাত গৰম পানীত সিজাই লৈ সেই পানীৰে এসপ্তাহমান চুলি ধুলে চুলি সৰা বন্ধ হ’ব৷ 

🔷 শুকান চুলিৰ যতনঃ চুলি সৰাৰ উপৰি শুকান চুলিৰ সমস্যাৰ পৰা হাত  সাৰিবলৈ তেজপাত ব্যৱহাৰ কৰিব পাৰি৷ দুকাপমান পানীত চাৰি-পাঁচটামান তেজপাত সিজাই লোৱাৰ পাছত এটা পাত্ৰত পানীখিনি ঠাণ্ডা কৰক৷ পাছত চেম্পুৰে চুলিখিনি ধোৱাৰ পাছত তেজপাত সিজোৱা পানীখিনিৰে চুলিখিনি ভালদৰে ধুই পেলাব লাগে৷ এইদৰে ধোৱাৰ পাছতে পুনৰ পৰিষ্কাৰ পানীৰে চুলিখিনি ধুব লাগে৷ 

🔷 চুলিত হোৱা খজুৱতিৰ পৰা উপশমঃ চুলি সৰাৰ উপৰি চুলিৰ গুৰিত মলি জমা হৈ সৃষ্টি হোৱা খজুৱতিৰ পৰাও ৰক্ষা পাবলৈ তেজপাত ব্যৱহাৰ কৰিব পাৰি৷ কেতিয়াবা তেজপাত শুকুৱাই লৈ গুৰি কৰি কোনো পাত্ৰত ৰাখিব লাগে৷ তেজপাতৰ সেই গুৰি পানীত সিজাই লৈ পানীখিনি ঠাণ্ডা হোৱাৰ পাছত চুলি ধুলে খজুৱতিৰ দৰে সমস্যাৰ পৰা হাত সাৰিব পাৰি৷