Logo
image

২০২৪ বৰ্ষত নিবনুৱা সমস্যা সমাধানত অধিক গুৰুত্ব দিয়ক চৰকাৰে

পাঞ্জাৱী ভাষাত এম এ হিউমেন ষ্টাডিজত এম এৰ লগতে ৰাজনৈতিক বিজ্ঞানটো এম এ তথা পি এইছ ডি ডিগ্ৰীধাৰী পঞ্জাৱৰ অমৃতসৰৰ সন্দীপ সিং নামৰ ব্যক্তিজনে অলপতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ লগতে আঞ্চলিক ভাষাৰ সংবাদ মাধ্যমতো শিৰোনাম অধিকাৰ কৰিছিল৷সন্দীপ সিঙে তিনিটা বিষয়ত স্নাতকোত্তৰ আৰু পি এইছ ডি ডিগ্ৰীধাৰী হোৱাৰ পাছতো এটা স্থায়ী চাকৰি নোপোৱাৰ পাছত অমৃতসৰ চহৰত ঘৰে ঘৰে শাক-পাচলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰাৰ লগতে পৰিয়ালকো পোহপাল দিছে৷ ১১ বছৰ ধৰি পাতিয়ালাৰ পাঞ্জাৱী বিশ্ববিদ্যালয়ত তদৰ্থ অধ্যাপকৰূপে সেৱা আগবঢ়োৱা সিঙে স্থায়ী অধ্যাপকৰ পদ নোপোৱাৰ পাছতে পৰিয়ালৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি শাক-পাচলি বেপাৰত জড়িত হৈ পৰে৷ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্ছ ডিগ্ৰীধাৰী হোৱাৰ সত্ত্বেও এজন ব্যক্তিয়ে অমৃতসৰ চহৰত ঘৰে ঘৰে পাচলি বিক্ৰী কৰা দৃশ্য সংবাদ মাধ্যমত প্ৰকাশিত হোৱাৰ দৃশ্যই দেশৰ বৰ্ধিত নিবনুৱাৰ জ্বলন্ত ছবিখন উন্মোচিত কৰাৰ লগতে বিশ্ববিদ্যালয়-কলেজে প্ৰদান কৰা ডিগ্ৰীসমূহৰ প্ৰকৃত মূল্য কি তাকো প্ৰতীয়মান কৰিছে৷ বিকশিত ভাৰত, উদিত ভাৰত, বিশ্বগুৰু ভাৰত আদি শ্ল’গানসমূহৰ বিৰাট প্ৰচাৰ দেশত অহৰহভাৱে চলি আছে৷ ২০২৩ বৰ্ষত চন্দ্ৰযান, জি-২০ বিশ্ব সন্মিলন, নতুন সাংসদ ভৱন, এছ চি অ’ সন্মিলন আদি বিভিন্ন পদক্ষেপৰ যোগেদি ভাৰতে বিশ্ব প্ৰেক্ষাপটত দেশক এক শক্তিশালী ৰূপত প্ৰতিপন্ন কৰাৰ ক্ষেত্ৰত সক্ষম হৈছে৷ ইয়াৰ উপৰি ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধ, ইজৰাইল-হামাছৰ যুদ্ধকে ধৰি বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ মাজত থকা অৰিয়াঅৰি, সংঘাত আৰু অন্যান্য কূটনৈতিক দিশ নিয়ন্ত্ৰণ, হস্তক্ষেপ আদিৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে৷ কেন্দ্ৰত একেৰাহে তৃতীয়টো শাসনৰ বাবে অগ্ৰসৰ হোৱাৰ প্ৰচেষ্টাত ব্ৰতী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ আমোলত বিগত সময়ছোৱাত অসংখ্য আঁচনি-প্ৰকল্প প্ৰযোজ্য কৰা হৈছে৷ মেক ইন ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, স্কীল ইণ্ডিয়া, স্বচ্ছ ভাৰত, আদৰ্শ গ্ৰাম যোজনা, বেটী বাচাও, বেটী পঢ়াও, পি এম মুদ্ৰা যোজনা, সুৰক্ষা বীমা যোজনা, স্মাৰ্টচিটী, ষ্টাৰ্টআপ ইণ্ডিয়া, ষ্টেণ্ডআপ ইণ্ডিয়া, গ্ৰামোদয় ছে ভাৰত উদয়, পি এম কিষাণকে ধৰি অসংখ্য যোজনাৰ যোগেদি ভাৰতৰ জনসাধাৰণক উপকৃত কৰিবলৈ চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলি শাসকীয় দলে দাবী কৰি আহিছে৷ ইয়াৰ সমান্তৰালকৈ দেশৰ কোটি কোটি জনসাধাৰণক বিভিন্ন হিতাধিকাৰী আঁচনিত অন্তৰ্ভুক্ত কৰি বিভিন্ন সা-সুবিধা প্ৰদান কৰাৰ বাবে ৰাজনৈতিকভাৱে বিজেপি দল বহু উপকৃত হৈছে৷ ইয়াৰ প্ৰমাণ পোৱা গৈছে সদ্য অনুষ্ঠিত কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনত৷ বিশেষকৈ হিন্দী বলয়ৰ ৰাজ্যসমূহত বিজেপি দলৰ দুৰ্গ একপ্ৰকাৰ অক্ষত বুলি ক’ব পাৰি আৰু ইয়ে বিজেপিক পৰৱৰ্তী দেশৰ সাধাৰণ নিৰ্বাচনত উপকৃত কৰিব বুলি একপ্ৰকাৰ দল নিশ্চিত হৈছে৷ ইফালে হিন্দুত্বক আধাৰ কৰি বিজেপিয়ে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যি যাত্ৰাৰ আৰম্ভ কৰিছিল সেয়া আজিও স্তিমিত হোৱা নাই আৰু সেয়েহে ধৰ্মীয় মেৰুকৰণকো বিজেপিয়ে পূৰ্বৰ দৰে অনাগত সময়তো অগ্ৰাধিকাৰ দিয়াটো নিশ্চিত৷

বিজেপিৰ সুপৰিকল্পিত নিৰ্বাচনী ৰণকৌশল, নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা তথা বাকপটুতা, বিজেপিৰ আমোলৰ অসংখ্য আঁচনিয়ে দলটোক ধাৰাবাহিকভাৱে উপকৃত কৰাৰ ফলত দাক্ষিণাত্যৰ ৰাজকেইখন, পশ্চিমবংগ, ঝাৰখণ্ড, দিল্লী আদিক বাদে বিজেপিৰ দপ্‌দপনি অব্যাহত আছে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে বিজেপি শাসনৰ সময়ছোৱাতে দেশ বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতিৰূপে পৰিগণিত হৈছে যদিও নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত, স্ব-নিয়োজন সৃষ্টিৰ ক্ষেত্ৰত চৰকাৰ একপ্ৰকাৰ ব্যৰ্থ হৈছে৷ বিশ্বৰ ভিতৰতে কম বয়সীয়া লোকেৰে গঠিত ৰাষ্ট˜ৰূপে ভাৰতে আৰ্থ-সামাজিক দিশত বিশেষভাৱে আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে যদিও কোটি কোটি লোক নিবনুৱা হৈ থকা, কোনো কৰ্মসংস্থান লাভ নকৰা বা শিক্ষা অনুযায়ী চাকৰি লাভ নকৰা আদিবোৰে দেশৰ বাবে বহু প্ৰত্যাহ৩ান কঢ়িয়াই আনিছে৷ স্নাতকোত্তৰ এম বি এ, বি-টেক, এম-টেক, পি এইছ ডিকে ধৰি অন্যান্য কাৰিকৰী ডিগ্ৰী লাভ কৰা লোকে চতুৰ্থবৰ্গৰ পদত নিযুক্তি লাভ কৰি বিভিন্ন কৰ্মত নিয়োজিত হোৱাটো আজিৰ দেশত এক সুলভ দৃশ্য৷ বহু ডিগ্ৰীধাৰীয়ে প্ৰাপ্য নিয়োগ সংস্থান লাভ নকৰাৰ বাবে গভীৰ হতাশাত ভুগিছে৷ এচামে আত্মহননৰ দৰে পথৰো আশ্ৰয় লৈছে৷ নতুন প্ৰজন্মক যদি সঠিকভাৱে শিক্ষিত কৰি বিভিন্ন কৰ্মক্ষেত্ৰত নিয়োজিত কৰিব পৰা যায় তেতিয়াহে আত্মনিৰ্ভৰ ভাৰত, বিশ্বগুৰু ভাৰত আদি কল্পনাবোৰ বাস্তৱায়িত হ’ব৷ কিন্তু দেশৰ সাম্প্ৰতিক যিটো দৃশ্যপট সি এক পৰিপন্থী পৰিৱেশৰহে সূচনা কৰিছে৷ তিনিটা বিষয়ৰ স্নাতকোত্তৰ, পি এইছ ডি ডিগ্ৰীপ্ৰাপ্ত পঞ্জাৱৰ সন্দীপ সিঙৰ দৰে লোক দেশৰ প্ৰান্তে প্ৰান্তে আছে৷ উল্লেখ্য কেৱল ভোট বেংক অক্ষত ৰখাৰ বাবে হিতাধিকাৰী সৃষ্টিত অধিক গুৰুত্ব দিয়াটোৱেও দেশৰ নৱ-প্ৰজন্মক উৎপাদনশীল কৰ্মৰ পৰা বহু পৰিমাণে বিচ্ছিন্ন কৰিছে৷ অসমৰ দৰে দেশৰ এখন সৰু ৰাজ্যত দিনে দিনে শিক্ষিত নিবনুৱাৰ সংখ্যা বৃদ্ধি পোৱাটো এক উদ্বিগ্নতাৰ বিষয়৷ বিজেপিয়ে এটাৰ পাছত এটাকৈ নিৰ্বাচন জিকি ৰাজনৈতিক সফলতা অৰ্জন কৰিছে যদিও নিবনুৱা সমস্যা নিয়ন্ত্ৰণ কৰিব নোৱাৰাটোৱে দেশক ক্ষতিগ্ৰস্ত কৰিব৷ ২০২৪ বৰ্ষৰ আৰম্ভণিতে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰসমূহে এই দিশৰ প্ৰতি অধিক মনোনিৱেশ কৰক৷