Logo
image

মোবাইল ফোনটোৰ বেটাৰীৰ আয়ুস এইদৰে বঢ়াওক

মোবাইল ফোন বা স্মাৰ্টফোনটো এতিয়া সকলোৰে দৈনন্দিন জীৱনৰ অন্যতম সংগী হৈ পৰিছে৷ ফোনটো নহ’লে যেন কোনো কথাই চিন্তা কৰিব পৰা নাযায়৷ পিছে স্মাৰ্টফোনটো দৈনিক ব্যৱহাৰ কৰোঁতে কৰোঁতে এটা সময়ত ইয়াৰ স্পীড বা গতি কমি আহিবলৈ ধৰে৷ ফলত ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰেই হওক বা আন যিকোনো কামেই হওক, সেয়া কৰাত সমস্যা হৈ পৰে৷ স্মাৰ্টফোনটোক অনবৰতে ব্যস্ত ৰাখিলে এটা সময়ত ইয়াৰ আয়ুস টুটি আহে৷ ফলত লাহে লাহে ফোনটো শ্ল’ হ’বলৈ ধৰে৷ পিছে কেইটামান উপায়েৰে শ্ল’ হোৱা ফোনটোৰ স্পীড বঢ়াব পৰা যায়৷ উল্লেখ কৰা হ’ল তেনে কেইটামান উপায়–

🔷বেকগ্ৰাউণ্ড এপঃ স্মাৰ্টফোনটোৰ কিছুমান এপ সকলো সময়তে নিজে নিজেই চলি থাকে৷ এনে এপসমূহ কিছুসময়ৰ মূৰে মূৰে অট’ৰিফ্ৰেছ আৰু আপডেট হয়৷ এনেকুৱা এপসমূহৰ ভিতৰত আছে ফেছবুকৰ দৰে ছ’চিয়েল মিডিয়াৰ এপসমূহো৷ এনেক্ষেত্ৰত ফোনটোৰ ছেটিংছৰ পৰা ৰাণিং এপ্লিকেশ্বন অপচনলৈ গৈ অপ্ৰয়োজনীয় এপসমূহৰ বেকগ্ৰাউণ্ডৰ কাম বন্ধ কৰি দিয়ক৷ দেখিব ফোনটোৰ স্পীড লাহে লাহে বাঢ়িছে৷ 

🔷অপাৰেটিং ছিষ্টেম আপডেটঃ অপাৰেটিং চিষ্টেমৰ নতুন সংস্কৰণ অহাৰ লগে লগে সকলোৱে তাক আপডেট কৰি লোৱা উচিত৷ এনে কৰিলে স্মাৰ্টফোনৰ স্পীড বাঢ়ে৷

🔷অপ্ৰয়োজনীয় এপঃ বহুতে মোবাইল ফোনটোত অপ্ৰয়োজনীয়ভাৱে কিছুমান এপ ইনষ্টল কৰে৷ এনে এপসমূহে ফোনটোৰ ইণ্টাৰনেল মেম’ৰী কমাই আনে আৰু ৰেম্পৰ ওপৰত চাপ পৰে৷ এনেকুৱা এপসমূহ আন ইনষ্টল কৰক৷ 

🔷লাইভ ৱালপেপাৰঃ স্মাৰ্টফোনৰ লাইভ ৱালপেপাৰ  থাকিলে ফোনটো দেখিবলৈ ভাল লাগে৷ কিন্তু লাইভ ৱালপেপাৰে ফোনটোৰ গতি কমাই আনে৷ লগতে বেটাৰীও বেছি খৰচ হয়৷ গতিকে পৰাপক্ষত লাইভ ৱালপেপাৰ ইনষ্টল নকৰিব৷ 

🔷ইণ্টাৰনেল ষ্ট’ৰেজঃ স্মাৰ্টফোনৰ ইণ্টাৰনেল ষ্ট’ৰেজ খালী ৰাখিলে ফোনটোৰ স্পীড বাঢ়ে৷ 

🔷লাইট ভাৰ্ছন এপৰ ব্যৱহাৰঃ ফেচবুক, টুইটাৰ, মেছেঞ্জাৰ আৰু কিছুমান ব্ৰাউজাৰ আছে, যিবোৰ অতি জনপ্ৰিয়৷ এনে এপসমূহৰ উপৰি আন বহুসংখ্যক এপৰ  লাইভ ভাৰ্ছন গুগল প্লে-ষ্টোৰত পোৱা যায়৷ এপৰ লাইট ভাৰ্ছন সাধাৰণতে ফোনৰ গতিক গুৰুত্ব দি ডিজাইন কৰা হয়৷ এই এপে ফোনৰ গতি বঢ়োৱাৰ লগতে ডাটাৰ খৰচ কম কৰে৷ 

🔷অপ্ৰয়োজনীয় ফাইলঃ বহুতে নিজৰ ফোনটোত অপ্ৰয়োজনীয় ফাইল কিছুমান ডাউনলোড কৰি ৰাখে৷ এনে ফাইলে ফোনটোৰ ষ্টৰেজ দখল কৰাৰ লগতে ফোনৰ চিষ্টেম এপৰ কাম-কাজ কৰাত বাধাৰ সৃষ্টি কৰে৷ গতিকে আপোনাৰ ফোনটোত যদি অপ্ৰয়োজনীয় ফাইল ডাউনলোড কৰা আছে তেন্তে ডিলিট কৰক৷