Logo
image

শৃংখলাবদ্ধ জীৱন-যাত্ৰাই লিভাৰ ভালে ৰাখে

লিভাৰ হ’ল শৰীৰৰ সকলোতকৈ গুৰুত্বপূৰ্ণ অংগ৷ শৰীৰ সুস্থ কৰি ৰাখিবলৈ হ’লে লিভাৰৰ ওপৰত খেয়াল ৰখাটো অতি প্ৰয়োজন৷ সচৰাচৰ দেখা যায় যে লিভাৰজনিত ৰোগৰ আশংকা দিনকদিনে বাঢ়িছে৷ মদ্যপান, উচ্চৃংখল জীৱনযাত্ৰা, ঘৰৰ বাহিৰত হোটেল-ৰেষ্টেুৰেণ্টত খাদ্য খোৱাৰ প্ৰৱণতা তথা শৰীৰ চৰ্চাৰ অভাৱত মানুহে লিভাজনিত ৰোগত সহজে আক্ৰান্ত হয়৷ কম বয়সতে ফেটি লিভাৰৰ সমস্যাও বৃদ্ধি পোৱা দেখা গৈছে৷ লিভাৰ ভালে ৰাখিবলৈ শৃংখলাবদ্ধ জীৱন-যাপন কৰাটো অতি জৰুৰী৷ কিছুমান নিয়ম মানি চলি লিভাৰজনিত কঠিন ৰোগৰ  পৰা হাত সাৰিব পাৰি৷ 

🔷লিভাৰ ভালে ৰাখিবলৈ বহুতে প্ৰ’টিন বা ভিটামিন চাপ্লিমেণ্ট খায়৷ এনেধৰণৰ চাপ্লিমেণ্টে লিভাৰ টক্সিনৰ পৰা মুক্ত কৰি ৰাখে৷ ভিটামিন ‘বি’ কমপ্লেক্স, ভিটামিন ‘চি’ আদিয়ে লিভাৰ পৰিষ্কাৰ কৰাত বিশেষভাৱে সহায় কৰে৷ সেইদৰে প্ৰ’টিনযুক্ত এমিনো এচিড লিভাৰ পৰিষ্কাৰ কৰি ৰখাৰ কাৰণে বেছ  উপযোগী৷ লিভাৰ সুস্থ কৰি ৰাখিবলৈ ওমেগা থ্ৰী ফেটি এচিডসমৃদ্ধ খাদ্য খাব পাৰে৷

🔷 লিভাৰ সুস্থ ৰখাৰ ক্ষেত্ৰত আটাইতকৈ জৰুৰী কথাটো হ’ল– পৰিমিত খাদ্য৷ লিভাৰ ভালে ৰাখিবলৈ মাংসজাতীয় প্ৰ’টিনতকৈ উদ্ভিদজাতীয় প্ৰ’টিন অধিক খাব লাগে৷ ইয়াৰ বাবে দাইল, সতেজ শাক-পাচলি, বাদাম, ফাইবাৰ বেছিকৈ খোৱাটো প্ৰয়োজন৷

🔷শৰীৰৰ অতিৰিক্ত চৰ্বিয়ে ওজন বৃদ্ধি কৰে৷ অৱশ্যে শৰীৰ সুস্থ কৰি ৰাখিবলৈ স্বাস্থ্যকৰ ফেটো কিছু প্ৰয়োজন৷ অলিভ অইল, আখৰুটত স্বাস্থ্যকৰ ফেট থাকে৷ লিভাৰ ভালে ৰাখিবলৈ এইবিলাক খাদ্য খাব লাগে৷