Logo
image

গ্ৰীন বাছে ৰাজহুৱা পৰিবহণ ব্যৱস্থাত কিমান পৰিৱৰ্তন সাধিব

বায়ু প্ৰদূষণ বৰ্তমান বিশ্ববাসীৰ বাবে ডাঙৰ সমস্যা হৈ পৰিছে৷ প্ৰদূষিত বায়ু সেৱন কৰাৰ বাবে প্ৰতিবছৰে বিশ্বৰ বহুসংখ্যক লোক মৃত্যুমুখত পৰিবলগীয়া হয়৷ ‘ষ্টেট অৱ গ্ল’বেল এয়াৰ’ৰ প্ৰতিবেদন অনুসৰি বিশ্বৰ সবাতোকৈ অধিক প্ৰদূষণৰ সমস্যা আছে দক্ষিণ এছিয়াত৷ আনহাতে, সবাতোকৈ বেছি বায়ু প্ৰদূষণৰ সমস্যা থকা বিশ্বৰ শীৰ্ষৰ বিছখন দেশৰ তালিকাত ভাৰত আছে পঞ্চদশ স্থানত৷ দেশৰ ৰাজধানী দিল্লী বিশ্বৰ ভিতৰতে সৰ্বাধিক প্ৰদূষিত (বায়ু)  চহৰ হিচাপে চিহ্নিত হৈছে৷ এয়া কেৱল দিল্লী চহৰৰে সমস্যা হৈ থকা নাই৷ শেহতীয়াভাৱে ভাৰতৰ আন কেইবাখনো চহৰত বায়ু প্ৰদূষণে ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছে৷ দিল্লীৰ বায়ু প্ৰদূষণৰ এটা অন্যতম কাৰণ হৈছে চহৰখনত প্ৰতিদিনে চলাচল কৰা ৩৫ লাখতকৈ অধিক ব্যক্তিগত যান-বাহনৰ পৰা নিৰ্গত ধোঁৱা৷ এনেধৰণৰ প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বাবে দিল্লীত শেহতীয়াকৈ দিল্লীৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থাত ডিজেলচালিত বাহনৰ স্থানত ইলেক্টিªক বাহন ব্যৱহাৰৰ সিদ্ধান্ত লৈছে৷ ইতিমধ্যে একাধিক ৰাজ্যত এই ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে৷ দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখস্বৰূপ গুৱাহাটীতো শেহতীয়াকৈ বায়ু প্ৰদূষণ চিন্তাৰ কাৰণ হৈ পৰিছে৷ দেশৰ সবাতোকৈ অধিক প্ৰদূষিত [বায়ু] চহৰকেইখনৰ ভিতৰত এতিয়া গুৱাহাটীও এখন৷ গুৱাহাটীৰ প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বাবে বছৰৰ প্ৰথম দিনটোতে ৰাজ্য চৰকাৰে চহৰখনত ২০০খন শীত-তাপ নিয়ন্ত্ৰিত বৈদ্যুতিক বাহনৰ সেৱা আৰম্ভ কৰে৷ এবছৰ পূৰ্বে চৰকাৰে গুৱাহাটীত মুকলি কৰিছিল এশখন চিএনজিচালিত বাছ৷ সোমবাৰৰ পৰা আৰম্ভ কৰা বৈদ্যুতিক বাছৰ সেৱা গুৱাহাটীৰ লগতে চহৰখনৰ সমীপৱৰ্তী এলেকা চন্দ্ৰপুৰ, ধাৰাপুৰ, মিৰ্জা, এইমছ, শুৱালকুছি, বাইহাটা চাৰিআলি, জাগীৰোডপৰ্যন্ত চলাচল কৰিব৷ বৈদু্যতিক বাহনৰ সেৱা আৰম্ভ কৰিলে সেইক্ষেত্ৰত আহি পৰা সমস্যাটো হৈছে বাহনৰ চাৰ্জিং পইণ্ট৷ এই সমস্যা দূৰ কৰাৰ বাবে মহানগৰীখনত চাৰিটা চাৰ্জিং পইণ্টৰ লগতে গুৱাহাটীৰ উপকণ্ঠ কেইবাটাও স্থানত চাৰ্জিং পইণ্টৰ ব্যৱস্থা কৰা হৈছে৷ চৰকাৰৰ লক্ষ্য হৈছে ২০২৫ চনৰ ভিতৰত মহানগৰীখনৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থাটোক সম্পূৰ্ণৰূপে বৈদ্যুতিক পৰিবহণ ব্যৱস্থালৈ ৰূপান্তৰ কৰা৷ এটা কথা স্বীকাৰ্য যে ৰাজহুৱা পৰিবহণ ব্যৱস্থা  সুচল আৰু  যাত্ৰীৰ বাবে নিৰাপদ হ’লে সৰ্বসাধাৰণে এই সেৱা গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিব৷

দাঁতি-কাষৰীয়া অঞ্চলবোৰৰ পৰা বিভিন্ন কামত দৈনিক বহুসংখ্যক লোকৰ গুৱাহাটীলৈ আহ-যাহ হয়৷ এইসকল লোক যাতায়াতৰ বাবে মূলতঃ ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ ওপৰতে নিৰ্ভৰশীল হয়৷ এইক্ষেত্ৰত গুৱাহাটীত চলি থকা ব্যক্তিগত চিটীবাছৰ কৰ্মচাৰী-পৰিচালকে বাছযাত্ৰীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ প্ৰায়েই শুনা যায়৷ এই অভিযোগবোৰ দূৰ কৰাৰ ক্ষেত্ৰতো পৰিবহণ বিভাগে ব্যৱস্থা লোৱা উচিত৷ কেন্দ্ৰীয় চৰকাৰৰ ‘পি এম ই-বাছ সেৱা’ আঁচনিৰ অধীনত ইতিমধ্যে দহখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত ই-বাছৰ সেৱা আৰম্ভ কৰা হৈছে৷ এই সেৱা ভৱিষ্যতকৈ আন ৰাজ্যলৈও সম্প্ৰসাৰণ কৰা হ’ব৷ গুৱাহাটীত বৈদ্যুতিক বাছ-সেৱাৰ দায়িত্ব দিয়া হৈছে অসম ৰাজ্যিক পৰিবহণ নিগমক৷ এই বাছবোৰত চি চি কেমেৰাৰ লগতে জি পি এছ ব্যৱস্থাও উপলব্ধ থাকিব৷ ২০০খন বৈদ্যুতিক বাছৰ সেৱা আৰম্ভ কৰাৰ পাছত পৰৱৰ্তী পৰ্যায়ত আৰু ২০০খন এনে বাছৰ সেৱা আৰম্ভ কৰা হ’ব আৰু ৫০০খন বিদ্যুৎচালিত বাছৰ চলাচল আৰম্ভ হোৱাৰ পাছত গুৱাহাটীত ডিজেলচালিত বাছসেৱা বন্ধ কৰাৰ লক্ষ্য লৈছে অসম চৰকাৰে৷ গুৱাহাটীত বৰ্তমানপ্ৰতিদিনে প্ৰায় ছশ চিটীবাছৰ চলাচল হয়৷ মহানগৰখনত যিমান বেচৰকাৰী চিটীবাছৰ চলাচল হয়, অধিকাংশই পৰিবহণ বিভাগৰ নিয়ম-নীতি মানি নচলাৰ অভিযোগ শুনা যায়৷ এতিয়া ডিজেলচালিত চিটীবাছৰ স্থানত গুৱাহাটীত বিদ্যুৎচালিত গ্ৰীন বাছে গুৱাহাটীৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থাটোত পৰিৱৰ্তন আনিবনে সেয়া সময়েহে ক’ব৷