Logo
image

আখৰোট খালে কি উপকাৰ পাব

বিভিন্ন পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ আখৰোট খালেও বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি৷  আইৰণ, ফাইবাৰ, কাৰ্বহাইড্ৰেট আদি উপলব্ধ হোৱাৰ বাবে ই স্বাস্থ্যৰ বাবে অতি উত্তম৷ 

◾️ হাড় মজবুত কৰে ঃ আখৰোটত মেগনেছিয়াম আৰু কেলচিয়াম থাকে বাবে ইয়াক গ্ৰহণ কৰিলে হাড় শক্তিশালী হোৱাৰ লগতে হাড়ৰ বিষত উপশম পাব পাৰি৷

◾️ওজন নিয়ন্ত্ৰণঃ আখৰোটতো পটাছিয়াম, কেলচিয়াম, জিংক, আইৰণ প্ৰচুৰ পৰিমাণে পোৱা যায়৷ এই উপাদানে শৰীৰত মেটাবলিজম বৃদ্ধি কৰে৷ ইয়াৰ ফলত শৰীৰৰ ওজন নিয়ন্ত্ৰণত থাকে৷ 

◾️হাৰ্ট এটেকৰ আশংকা হ্ৰাসঃ নিয়মিতভাৱে আখৰোট খালে মানসিক স্বাস্থ্যৰ বাবে উত্তম৷ মানসিকভাৱে চাপমুক্ত হৈ থাকিলে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে৷ যাৰ ফলত হাৰ্ট এটেকৰ আশংকা হ্ৰাস পায়৷

◾️ স্মৃতিশক্তি বৃদ্ধিঃ নিয়মীয়াকৈ আখৰোট খালে ইয়াৰ ফলত স্মৃতিশক্তি বৃদ্ধি পায় আৰু ষ্ট্ৰোকৰ আশংকা হ্ৰাস পায়৷ 

◾️ চুলি -ছালৰ বাবে উপকাৰীঃ আখৰোট খালে মূৰৰ ছাল শক্তিশালী কৰাৰ উপৰি উজ্জ্বলতা বৃদ্ধি কৰে৷ আখৰোট খালে চুলিৰ বৃদ্ধিত সহায় হয় আৰু চুলি সৰা লেহেমীয়া হয়৷