Logo
image

গুণোৎসৱ ২০২৪ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ

৩জানুৱাৰীৰ পৰা অসম চৰকাৰৰ দ্বাৰা আহ্বান কৰা গুণোৎসৱ আৰম্ভ হৈছে৷ ৰাজ্যৰ ৪৩,৪৯৮খন চৰকাৰীয প্ৰাদেশীকৃত বিদ্যালয়, আদৰ্শ বিদ্যালয়, চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়, কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসিক বিদ্যালয়, চাহ বাগিচা কতৃৰ্পক্ষৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহত আৰম্ভ হোৱা গুণোৎসৱে প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ অধ্যয়ন কৰি থকা ৩৯,৬৩,৫৪২জন ছাত্ৰ-ছাত্ৰীক সাঙুৰি ল’ব৷ শিক্ষা ব্যৱস্থাত প্ৰচলিত নিয়ম মতে, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাগত অৰ্হতা তথা দক্ষতাৰ নিৰীক্ষণ কৰিব লাগে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে৷ কিন্তু বিদ্যালয় এখনৰ সামগ্ৰিক দক্ষতাৰ বিশ্লেষণ যদিহে বহিঃমূল্যায়কৰ দ্বাৰা কৰা যায়, তেতিয়া বিদ্যালয়খনৰ দুৰ্বলতাখিনি বিচাৰি পোৱাত সহজ হয়৷ উল্লেখ্য যে অসমৰ ৩৫খন জিলাৰ বিদ্যালয়সমূহত তিনিটা স্তৰত ভাগ কৰি গুণাগুণৰ বিশ্লেষণৰ দায়িত্ব ন্যস্ত কৰা হৈছে ১৮,০৯৮জন ব্যক্তিক আৰু মূল্যায়কৰ আসনত থাকিব মন্ত্ৰী, বিধায়ক, সাংসদ, ভাৰতীয় প্ৰশাসনিক সেৱা, অসম অসামৰিক সেৱা, অধ্যাপক আৰু চৰকাৰৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বিষয়াসকল৷

উল্লেখ্য, ২০২৪ বৰ্ষৰ গুণোৎসৱৰ পূৰ্বেও অসমত কেইবাটাও গুণোৎসৱ অনুষ্ঠিত হৈছিল আৰু ইতিমধ্যে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা বাঢ়িছে দক্ষতা বৃদ্ধিৰ কৌশল সন্দৰ্ভত৷ বৰ্তমান চৰকাৰৰ অৰ্থ-ব্যৱস্থাত আন্তঃগাঁথনিৰ ব্যাপক পৰিৱৰ্তন অহা চৰকাৰী বিদ্যালয়সমূহৰ কাৰণে প্ৰধান প্ৰত্যাহ৩ান হৈ উঠিছে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহ৷ ইংৰাজী মাধ্যমৰ লগতে বিদ্যা ভাৰতীৰ অধীনস্থ বিদ্যালয়, জাতীয় বিদ্যালয় আদিলৈ প্ৰব্ৰজন ঘটিল চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ৷ চহৰৰ মাজমজিয়াত থকা বাসগৃহৰ সন্মুখত থিয় কৰা হ’ল অনেক ব্যক্তিগত বিদ্যালয়ৰ ফলক৷ বাসগৃহৰ কোঠাবোৰকে শ্ৰেণীকোঠালৈ ৰূপান্তৰ কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰা হ’ল তথাকথিত আধুনিক শিক্ষা৷ অসমৰ চহৰ অঞ্চলত চলি থকা হাজাৰ হাজাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নাই খেলপথাৰ, গ্ৰন্থাগাৰ বা ছাত্ৰ-ছাত্ৰীৰ কাৰণে জিৰণীকক্ষ৷  আনহাতে, অসমৰ প্ৰায়খিনি চৰকাৰী বিদ্যালয়ত আছে খেলপথাৰ, গ্ৰন্থাগাৰ, বিজ্ঞানাগাৰ৷ পৰিতাপৰ কথা যে সকলো সুবিধা থকা চৰকাৰী বিদ্যালয়সমূহত সন্তানৰ নামভৰ্তি কৰাত প্ৰাধান্য নিদিয়ে আজিৰ অভিভাৱকসকলে৷ ছাত্ৰ-ছাত্ৰীৰ অভাৱত ইতিমধ্যে অসম চৰকাৰে বন্ধ কৰিছে এঘাৰ হাজাৰৰ অধিক বিদ্যালয়৷ এনে এক সময়ত অনুষ্ঠিত হোৱা গুণোৎসৱে কিমান সজাগ কৰিব অভিভাৱকসকলক? অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত অসমৰ বিদ্যালয়সমূহৰ অনেক অৱদান আছে৷ বিদ্যালয় এখনৰ ভিতৰত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ মাজত হোৱা ভাবৰ আদান-প্ৰদান, মৰম-স্নেহ, কথা-বতৰাই কঢ়িয়াই নিয়ে জাতিৰ চেতনা৷ পৰীক্ষাৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীৰ মাজত আহি পৰা মানসিক হেঁচা লাঘৱ কৰে স্থানীয় নামঘৰ বা মন্দিৰ বা মছজিদসমূহে৷ আজিও ছাত্ৰ-ছাত্ৰীৰ কাৰণে বিদ্যালয়খন মন্দিৰ স্বৰূপ আৰু জীৱনৰ প্ৰতিটো ক্ষণত ৰোমন্থন কৰা হয় পঢ়ি অহা বিদ্যালয়খনৰ স্মৃতিবোৰ৷ চৰকাৰী বিদ্যালয়ৰপৰা উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰা সৃষ্টি হোৱা চিকিৎসক, অভিযন্তা, অধ্যাপক, উকীল, শিক্ষক, ব্যৱসায়ী আদিৰ লগতে ৰাজনৈতিক নেতাৰ দ্বাৰাই সমৃদ্ধ আজিৰ সমাজ৷ হাজাৰ বাধাৰ মাজতো চলি থকা অসমৰ চৰকাৰী বিদ্যালয়সমূহৰ মাজত আজি প্ৰয়োজন হৈছে প্ৰতিযোগিতাৰ৷ প্ৰতিযোগিতা অকল প্ৰথম বিভাগত ছাত্ৰ-ছাত্ৰীক উত্তীৰ্ণ কৰোৱাটোৱেই নহয়, প্ৰতিযোগিতা হ’ব লাগিব  ক্ৰীড়া-সংস্কৃতি ৰক্ষা কৰা, সু-স্বাস্থ্য ৰক্ষা কৰা, মানৱৰ কল্যাণৰ বাবে জীৱনটো গঢ় দিয়া, মহিলাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা, সুৰা-ড্ৰাগছৰ পৰা সমাজক মুক্ত কৰা আদি কৰ্মত৷ শিক্ষাথ¹ আৰু বিদ্যালয়সমূহৰ উৎকৃষ্টতা প্ৰাপ্তিৰ ক্ষেত্ৰত গুণোৎসৱে সজাগ কৰক সকলোকে৷