Logo
image

খালী পেটত মৌৰ সৈতে নহৰু খালে বহু শাৰীৰিক সমস্যা নোহোৱা হয়

মৌ আৰু নহৰুৰ গুণৰ বিষয়ে কম-বেছি পৰিমাণে প্ৰায়ভাগৰে অৱগত৷ বিশেষজ্ঞসকলৰ মতে নহৰুত থকা এণ্টিঅক্সিডেণ্টে শৰীৰটোক ৰোগ মুক্ত কৰি ৰখাত সহায় কৰে৷ তদুপৰি নহৰুত থকা এলিচিন নামৰ উপাদানবিধে কলেষ্টেৰল নিয়ন্ত্ৰণত ৰখাৰ লগতে তেজৰ উৎপাদন বঢ়ায়৷ কেঁচা নহৰু খোৱাৰ অভ্যাসে শৰীৰটোক ৰোগমুক্ত কৰি ৰখাৰ লগতে শক্তিবৃদ্ধিত সহায় কৰে৷ একেদৰে নহৰুৰ সৈতে খালী পেটত যদি সদায় মৌ খাব পৰা যায়, তেন্তে ইয়াৰ সুফল আৰু বেছি পোৱা যায়৷

পেটৰ যিকোনো সমস্যাৰ পৰা সকাহ দিয়াত নহৰু আৰু মৌৰ মিশ্ৰণ অতি উপকাৰী৷ একেদৰে নহৰুত থকা এণ্টিবেক্টেৰিয়েল উপাদানে যিকোনো ধৰণৰ ইনফেকশ্বন দূৰ কৰাত সহায় কৰে৷

শৰীৰৰ বিভিন্ন অংশৰ ফাংগাল ইনফেকশ্বন দূৰ কৰাত সহায় কৰে মৌ আৰু নহৰুৰ মিশ্ৰণে৷ নহৰু আৰু মৌৰ মিশ্ৰণ নিয়মীয়াকৈ খালে ধমনীত জমা হৈ থকা চৰ্বি হ্ৰাস পায়৷ একেদৰে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বাঢ়ে৷ নহৰু আৰু মৌৰ মিশ্ৰণে কৰা আৰু কেইটামান উপকাৰিতা উল্লেখ কৰা হ’ল–

১৷ নহৰু ভালদৰে সৰু সৰুকৈ কাটি লৈ এচামুচ মৌৰ সৈতে মিহলাই লওক৷ এই মিশ্ৰণ দৈনিক খালে ক্লান্তিভাৱ আঁতৰে৷ লগতে শৰীৰটো সুস্থ হৈ থাকে৷

২৷ কেইটামান পিয়াঁজ কাটি লৈ তাৰ সৈতে নহৰুৰ টুকুৰা আৰু শুকান জলকীয়া ভালদৰে বটি লৈ এচামুচ মৌ মিহলাই লওক৷ এইবাৰ এই মিশ্ৰণখিনিৰ সৈতে নেমুৰ ৰস আৰু আপেল চিদাৰ ভিনেগাৰ মিহলাওক৷ এই মিশ্ৰণ নিয়মীয়াকৈ খালে কাহ-চৰ্দি, ডিঙিৰ বিষ আৰু পানীলগা জ্বৰৰ সমস্যাৰ পৰা সকাহ পোৱা যায়৷