Logo
image

'২৪ত কোন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৰাহুল গান্ধীয়ে?

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনলৈ মাজত আৰু কেইমাহ মান বাকী৷ ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে প্ৰচাৰ৷ কংগ্ৰেছেও কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে প্ৰচাৰ অব্যাহত ৰাখিছে৷ '২৪ত বিজেপিক প্ৰতিহত কৰিবলৈ ঐক্যবদ্ধ হৈছে বিৰোধী৷ বিৰোধীয়ে গঠন কৰিছে 'ইণ্ডি এলায়েন্স'৷

কিন্তু ইয়াৰ মাজতে ৰাহুল গান্ধীয়ে আগন্তুক লোকসভা নিৰ্বাচনত কোন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব তাক লৈ চৰ্চা আৰম্ভ হৈছে৷ এই চৰ্চাৰ মাজতে কংগ্ৰেছৰ সূত্ৰই জনোৱা মতে, ৰাহুল গান্ধীয়ে পুনৰ ৱায়ানাড সমষ্টিৰ পৰাই আগবঢ়াব প্ৰতিদ্বন্দিতা। 

উল্লেখ্য যে বিৰোধী মহাজোঁট 'ইণ্ডিয়া'ৰ অংশ কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়াই (চিপিআই) কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীক ৱায়ানাড আসন এৰিবলৈ প্ৰস্তাৱ দিছিল। চিপিআইয়ে কৈছিল যে ৱায়ানাড আসনখন বামপন্থীৰ বাবে এৰি দিয়া উচিত।

ৰাহুল গান্ধীয়ে ২০১৯ চনত উত্তৰ প্ৰদেশৰ আমেঠি আৰু কেৰালাৰ ৱায়ানাড আসনৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। তেওঁ আমেঠিৰ পৰা নিৰ্বাচনত পৰাজিত হোৱাৰ পৰিৱৰ্তে ৱায়ানাডৰ পৰা ৪ লাখতকৈও অধিক ভোটৰ বৃহৎ ব্যৱধানত জয়ী হৈছিল। আমেঠিত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ বিৰুদ্ধে পৰাজিত হৈছিল ৰাহুল গান্ধী।