Logo
image

বিহুৰ মাজতে ৮ দিন অসমত ৰাহুল যাত্ৰাক লৈ কটাক্ষ শাসক পক্ষৰ

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধি, ৫ জানুৱাৰীঃ মাঘ বিহুৰ মাজতে ১৮ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ [৮ দিনৰ বাবে] কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অসমত ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ কৰিব৷ শিৱসাগৰৰ আমগুৰিৰ পৰা ধুবুৰীৰ বক্সিৰহাটলৈকে কৰিবলগীয়া প্ৰায় ৮০০ কিলোমিটাৰৰ এই যাত্ৰাক প্ৰথমতে ‘ভাৰত ন্যায় যাত্ৰা’ হিচাপে চিহ্নিত কৰা হৈছিল যদিও কালি এআইচিচিৰ মুখ্য কাৰ্যালয়ত দলৰ শীৰ্ষ নেতৃত্বৰ সৈতে হোৱা বৈঠকৰ পিছত প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই ৰাহুল গান্ধীৰ অসম যাত্ৰাক ‘ভাৰত জোড়ে ন্যায় যাত্ৰা’ বুলি অভিহিত কৰে৷ লক্ষ্যণীয় যে এই যাত্ৰাক এআইচিচিয়ে অসম তথা অসমীয়াৰ স্বাৰ্থত বিজেপিৰ আৰ্থ-সামাজিক তথা ৰাজনৈতিক বঞ্চনাৰ বিৰুদ্ধে অভিযান হিচাপে চিহ্নিত কৰিছে৷ এআইচিচিৰ মুখ্য কাৰ্যালয়ত অসমত দলৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙকে ধৰি দলৰ শীৰ্ষ নেতৃত্বৰ সৈতে হোৱা দিনজোৰা বৈঠকত বৰাৰ উপৰি বিধায়নী দলৰ নেতা দেৱব্ৰত শইকীয়া আৰু কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰো উপস্থিত থাকে৷ বৰাই প্ৰকাশ কৰা মতে, ১৮ জানুৱাৰীত আমগুৰিৰ পৰা আৰম্ভ কৰিবলগীয়া ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা ২৫ জানুৱাৰীত ধুবুৰীৰ বক্সিৰহাটত সামৰণি পৰিব৷ যাত্ৰাকালত ৰাহুল গান্ধীয়ে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীয় লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সুখ-দুখৰ বুজ লব৷ বৰাই প্ৰকাশ কৰা মতে, ৰাহুল গান্ধীয়ে জনজাতিকৰণৰ পৰা বঞ্চিত ৰাজ্যৰ ছয় জনগোষ্ঠীৰ প্ৰতিনিধিসকলৰ সৈতেও আলোচনাত মিলিত হ’ব৷ ইপিনে আজিৰ বৈঠকত এআইচিচিৰ তৰফৰ পৰা প্ৰদেশ কংগ্ৰেছ নেতৃত্বক মূলতঃ দুটা বিষয়ত নিৰ্দেশনা জাৰি কৰা হৈছে৷ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ গাইডলাইন বান্ধি দিয়াৰ লগতে ৰাহুল গান্ধীৰ ভাৰত জড়ো ন্যায় যাত্ৰা সম্পৰ্কীয় নিৰ্দেশনাও জাৰি কৰে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই৷ দিল্লীৰ আছাম হাউছত সাংবাদিকক সম্বোধন কৰি ভূপেন বৰাই প্ৰকাশ কৰা মতে, লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্বকলৈ ব্লক আৰু জিলা পৰ্যায়ৰ পৰা পৰামৰ্শ বিচৰা হৈছে৷ সেই মৰ্মে ১০ জানুৱাৰীৰ ভিতৰত জিলা কমিটিসমূহে প্ৰদেশ কংগ্ৰেছৰ ওচৰত প্ৰাৰ্থিত্ব কেন্দ্ৰীক পৰামৰ্শ আগবঢ়াব৷ উক্ত পৰামৰ্শৰ ওপৰত ভিত্তি কৰি ১৮ জানুৱাৰীৰ পৰা ৰাহুল গান্ধীৰ অসম যাত্ৰাৰ পূৰ্বেই প্ৰদেশ ৰাজ্যিক নিৰ্বাচন কমিটীয়ে এআইচিচিৰ ওচৰত সম্ভাব্য প্ৰাৰ্থী তালিকাসহ এখন প্ৰতিবেদন দাখিল কৰিব৷ লক্ষণীয়ভাৱে অসমত বিৰোধী ঐক্যমঞ্চই সন্মিলিতভাবেই ৰাজ্যৰ ১৪টা সমষ্টিত প্ৰাৰ্থী প্ৰদান কৰাৰ কথা কৈ আহিছে যদিও বৰাই কালি প্ৰকাশ কৰা মতে, এআইচিচি কতৃৰ্পক্ষক প্ৰদান কৰিব লগীয়া প্ৰাৰ্থী তালিকাত ১৪টা সমষ্টিক সামৰি লোৱা হৈছে৷ প্ৰতিটো সমষ্টিৰ পৰা একাধিক প্ৰাৰ্থীৰ নাম বিবেচনাৰ বাবে প্ৰেৰণ কৰা হ’ব৷ আনহাতে বিৰোধী ঐক্যমঞ্চৰ প্ৰতিটো দলৰ সৈতে বিস্তাৰিত আলোচনা কৰিহে প্ৰদেশ কংগ্ৰেছে আজি এআইচিচি নেতৃত্বৰ ওচৰত এখন প্ৰতিবেদন দাখিল কৰে৷ বৰাৰ দাবী— অসমত বিৰোধী ঐক্য কেৱল আগন্তুক লোকসভা নিৰ্বাচনৰ বাবেই নহয়, ২০২৬ৰ বিধানসভা নিৰ্বাচনলৈকে বৰ্তি থাকিব৷ পিছে দলীয় শক্তিৰ ওপৰত নিৰ্ভৰ কৰিহে আমি নিৰ্বাচনত ঐক্যবদ্ধভাৱে অবতীৰ্ণ হম৷ লোকসভা নিৰ্বাচনত অধিকাংশ দলে প্ৰত্যক্ষভাবে প্ৰতিদ্বন্দ্বিতা আগনবঢ়ালেও বিধানসভা নিৰ্বাচনত নিশ্চিতকৈ আগবঢ়াব৷ আনহাতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ চাৰে এঘাৰটা আসনত বিজেপি জয়ী হোৱাৰ বিষয়টোত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বৰাই কয় যে দৰাচলতে আধা আসন বুলি মুখ্যমন্ত্ৰীজনে বদৰুদ্দিন আজমলৰ এআইইউডিএফক বুজাব বিচাৰিছে৷ অৰ্থাৎ বদৰুদ্দিন আজমল বিজেপিৰ বাবে অৰ্ধেক এখন আসন৷ আনহাতে ৰাহুল গান্ধীৰ যাত্ৰাকালত ৰাজ্যৰ তেজপুৰ আৰু লখিমপুৰ সমিতিৰ বুথ আৰু ডি এল এ পৰ্যায়ৰ নেতাসকলৰ বাবে এখন সমাৱেশৰ আয়োজন কৰা হৈছে বুলিও বৰাই আজি সাংবাদিকক জানিবলৈ দিয়ে৷ উল্লেখ্য যে প্ৰদেশ কংগ্ৰেছ সভাপতিজনে আজি দেৰগাঁৱৰ শেহতীয়া মৰ্মান্তিক দুৰ্ঘটনাকলৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰে৷ বৰাৰ চাঞ্চল্যকৰ অভিযোগ— দুৰ্ঘটনাটোৰ সৈতে কয়লা ছিণ্ডিকেটৰ বিষয়টোও জড়িত হৈ আছে৷ দুখজনক ঘটনাটো ৰাজ্যৰ কয়লা ছিণ্ডিকেটৰ বিষয়টোও উদঙাই দিছে৷ পিছে আৰক্ষীৰ তদন্তত বিষয়টো গাপ দি থকাৰ চেষ্টা চলাই থকা হৈছে৷ বৰাই সমগ্ৰ বিষয়টোৰ উপযুক্ত তদন্তৰ দাবী কৰে৷ উল্লেখ্য, ১৮ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই ১৭খন জিলাৰ ৮৩৩ কিলোমিটাৰ সামৰি ল’ব৷ যাত্ৰা ক্ৰমে আমগুৰি, যোৰহাট, মাজুলী, ধেমাজি, লখিমপুৰ, তেজপুৰ, কলিয়াবৰ, নগাঁও, গুৱাহাটী, হাজো, মুকালমুৱা, ককাৰপাৰ, চেঙা, বৰপেটা, হাউলী, সৰভোগ, মাণিকপুৰ, বঙাইগাঁও, চাপৰ, বিলাসীপাৰা, গৌৰীপুৰ, গোলকগঞ্জ হৈ বক্সিৰহাটত সামৰণি পৰিব৷

ইফালে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক লৈ কটাক্ষ কৰিছে শাসক পক্ষই৷ ন্যায়যাত্ৰাক সমালোচনা কৰি বিজেপিৰ ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটাই এনেদৰে কয়– ‘অসমলৈ ৫০০ শতাংশ দেশী-বিদেশী পৰ্যটক বৃদ্ধি পাইছে৷ ‘অতিথি দেবো ভৱ’– ৰাহুল গান্ধী আহক, খোজ কাঢ়ক আৰু অসমৰ শান্তি-প্ৰশান্তি প্ৰগতি উপভোগ কৰক৷ ৮৫৫ জন অসমীয়া যুৱকক হত্যা কৰা কংগ্ৰেছ দলে আকৌ অসমক কিহৰ  ন্যায় দিব বিচাৰিছে৷ মিজোৰামত নিজৰ দেশতে বোমা পেলোৱা কংগ্ৰেছৰ ইতিহাস আছে৷ সেই কলা ইতিহাস কেনেকৈ মচিব কংগ্ৰেছে৷ গোষ্ঠী সংঘৰ্ষত পীড়িতসকলক ন্যায় দিবনে ৰাহুল গান্ধীয়ে৷ কংগ্ৰেছৰ আমোলত সৰ্বাধিক গোষ্ঠী সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছিল৷ ৰাহুল গান্ধীৰ ন্যায়যাত্ৰাক লৈ অসমৰ ৰাইজৰ অলপো উৎসুকতা নাই৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ডাবল ইঞ্জিন চৰকাৰে যি দুৰন্ত গতিৰে অসমত উন্নয়নৰ গংগা বোৱাইছে  তাত কংগ্ৰেছৰ হতাশাৰ কোনো স্থান নাই৷’ ইফালে ৰাহুল গান্ধীৰ ন্যায়যাত্ৰাক কটাক্ষ কৰি বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনে কয় – আহিল কণা, গ’ল কণা, খাগৰি কাটিল তিনিকণা৷ তেওঁলোকে যাত্ৰা কৰিছে, কৰক৷ যাত্ৰা কৰাৰ প্ৰত্যেকৰে অধিকাৰ আছে৷ ২৪ লৈ নহয়, তেওঁলোকে ৩১ লৈ লক্ষ্য কৰি যাত্ৰা কৰক৷ কংগ্ৰেছ তথা ৰাহুল গান্ধীয়ে বাগৰি বাগৰি যাত্ৰা কৰিলেও ২৪ ত একো লাভ নহ’ব৷’ আনহাতে বিজেপি মিত্ৰজোঁটৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয়– ‘অন্যায় ক’ত হৈছে৷ অন্যায়খিনি তেওঁলোকে দেখুৱাই দিয়ক৷ এই যাত্ৰাৰ পৰা কংগ্ৰেছৰ একো লাভ নহয়৷