Logo
image

আমিষভোজী ৰাম! নেতাৰ মন্তব্যত ক্ষুব্ধ ভক্তগণ, থানাই থানাই গোচৰ

নতুন দিল্লী, ৫ জানুৱাৰীঃ ‘ভগৱান শ্ৰীৰামচন্দ্ৰ আমিষভোজী আছিল৷ বনবাসত থকা কালছোৱাত জীৱ-জন্তু চিকাৰ কৰি খাইছিল ৰামে৷’ এই মন্তব্য এন চি পি নেতা জীতেন্দ্ৰ আহাৱাডৰ৷ ভগৱান শ্ৰীৰামচন্দ্ৰ সম্পৰ্কে কৰা এই মন্তব্যটোক লৈ এতিয়া দেশজুৰি ৰামভক্তসকল ক্ষুব্ধ হৈ উঠাৰ লগতে থানাই থানাই এন চি পি নেতাজনৰ বিৰুদ্ধে গোচৰ তৰা আৰম্ভ কৰিছে৷ উল্লেখ্য যে অহা ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যাত ৰাম মন্দিৰৰ দ্বাৰ উদ্‌ঘাটন কৰিব৷ ইয়াৰ বাবে এতিয়া দিনে-নিশাই প্ৰস্তুতি চলি আছে৷ আনহাতে ৰাম মন্দিৰ মুকলি কৰাৰ দিনটোক বিজেপিয়ে ‘পৱিত্ৰতা দিৱস’ ৰূপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ সেই অনুসৰি ২২ জানুৱাৰীৰ দিনটো আমিষ খাদ্য আৰু সুৰা বৰ্জন কৰাৰ বাবে দেশবাসীলৈ আহ্বান জনাইছে৷ গেৰুৱা দলটোৰ এই আহ্বানৰ  বিৰোধিতা কৰিবলৈ গৈ আজি এন চি পি নেতা তথা মহাৰাষ্ট্ৰ বিধানসভাৰ প্ৰাক্তন বিৰোধী দলনেতা জীতেন্দ্ৰ আহাৱাডে ৰামচন্দ্ৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্যটো আগবঢ়ায়৷ তেওঁ লগতে ‘১৪ বছৰ বনবাসত থকা কালছোৱাত নিৰামিষ খাদ্য খাই থাকিব পাৰে নেকি’ বুলিও প্ৰশ্ন উত্থাপন কৰে৷ একেদৰে ৰামচন্দ্ৰক বহুজন অৰ্থাৎ দলিত সম্প্ৰদায়ৰ বুলি এন চি পি নেতাজনে দাবী কৰাৰ লগতে ৰাম এজন দক্ষ চিকাৰী আছিল বুলি উল্লেখ কৰে৷ যাৰ বাবে তেওঁ চৈধ্য বছৰ বনবাসত কটাবলৈ সক্ষম হৈছিল বুলি কয় এন চি পি নেতা জীতেন্দ্ৰ আহাৱাডে৷