Logo
image

পুনৰ এনকাউণ্টাৰৰ শপতনামা দিয়াত ব্যৰ্থ ৰাজ্য চৰকাৰ

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধি, ৫ জানুৱাৰীঃ ‘ভুৱা এনকাউণ্টাৰ’ৰ গোচৰত গুৱাহাটী উচ্ছ ন্যায়ালয়ে সকাহ দিয়া অসম আৰক্ষী এতিয়া উচ্ছতম ন্যায়ালয়ত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে৷ এনকাউণ্টাৰ প্ৰসংগত শপতনামা দাখিল কৰাত পুনৰ ব্যৰ্থ হৈছে অসম চৰকাৰ৷ দেশৰ শীৰ্ষ আদালতখনে অসম আৰক্ষীক জবাৱদিহি কৰিছে৷ স্বতন্ত্ৰ তদন্ত গোট গঠনৰ আবেদন খাৰিজ কৰা গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ৰায়দানক প্ৰত্যাহ্বান জনোৱা গোচৰৰ শুনানিত ন্যায়াধীশ সূৰ্যকান্ত আৰু কে ভি বিশ্বনাথনৰ বিচাৰপীঠে শপতনামা দাখিলৰ নিৰ্দেশ দি কালি অসম চৰকাৰলৈ জাননী জাৰি কৰে৷ উল্লেখ্য, আৰিফ মহম্মদ ইয়াছিন জোৱাদ্দাৰে ৰজু কৰা আবেদনৰ প্ৰথম শুনানি গ্ৰহণ কৰি যোৱাবছৰৰ ১৭ জুলাইত ন্যায়াধীশ ৰবীন্দ্ৰ ভাট আৰু ন্যায়াধীশ অৰবিন্দ কুমাৰৰ বিচাৰপীঠে শপতনামা দাখিলৰ নিৰ্দেশ দিছিল যদিও অসম চৰকাৰ শপতনামা দাখিলত ব্যৰ্থ হয়৷ কালিৰ শুনানিত খণ্ড বিচাৰপীঠে চাৰি সপ্তাহৰ সময় বান্ধি দি অসম চৰকাৰৰ গৃহ বিভাগৰ উপৰি আৰক্ষী সঞ্চালকপ্ৰধানৰ লগতে আইন আৰু ন্যায় বিভাগক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰে৷ আবেদনকাৰীৰ হৈ ন্যায়ালয়ত জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণে প্ৰতিনিধিত্ব কৰে৷ অসম চৰকাৰক প্ৰতিনিধিত্ব কৰে অধিবক্তা শুভদীপ ৰয়ে৷ লক্ষ্যণীয়ভাৱে বিশেষ বিৰত আবেদনৰ [এছ এল পি ৭৯২৯/২০২৩] বিবাদীপক্ষ হিচাপে অসম চৰকাৰৰ সৈতে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগকো সামৰি লোৱা হৈছে৷ ২৩ ফেব্ৰুৱাৰীত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে৷