Logo
image

শীতকালত এইদৰে ছালৰ যতন লওক

 শীতকালত হোৱা প্ৰদূষণে সকলোতকৈ বেছি ক্ষতি কৰে ছালৰ৷ ছালৰ ওপৰত ধূলি বা মলি জমা হোৱাৰ ফলত সৌন্দৰ্য হানি হোৱাৰ লগতে গাৰ ছালত ক’লা দাগ আদি পৰিব পাৰে৷ সাধাৰণতে শীতকালত ভালদৰে স্নান নকৰিলে ছালৰ ওপৰত জমা হোৱা মলিৰ তৰপে ছালৰ ক্ষতি কৰাৰ লগতে  চৰ্মৰোগ আদিৰো আশংকা বঢ়াই তোলে৷ বহুতে ছালৰ সৌন্দৰ্য ৰক্ষাৰ বাবে বজাৰত সহজে উপলব্ধ বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰে৷ এই ৰাসায়নিক প্ৰসাধনে ছালৰ সৌন্দৰ্য বঢ়োৱাৰ বিপৰীতে ছালৰ অনেক ধৰণৰ ক্ষতি কৰিব পাৰে৷ ছালৰ সৌন্দৰ্য অটুট ৰখাৰ বাবে প্ৰাকৃতিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব পাৰি৷ ইয়াৰ ফলত অৰ্থৰ ক্ষতি হ্ৰাস হোৱাৰ উপৰি ছালৰ কাৰণেও হৈ পৰে যথেষ্ট উপকাৰী৷ 

⚫️ মৌঃ মৌত এণ্টিঅক্সিডেণ্ট আৰু এন্টিছেপ্টিক উপাদান থাকে৷ সেইবাবে মৌৰে ছাল মালিচ কৰিলে বিভিন্ন ধৰণৰ বীজাণুৰ পৰা ৰক্ষা পাব পাৰি৷ মৌৰ জৰিয়তে মুখমণ্ডল পৰিষ্কাৰ কৰিব পাৰি৷ মৌৱে ছালৰ আদ্ৰৰ্তা দীৰ্ঘসময়লৈকে ধৰি ৰাখিব পাৰে৷ মৌৰ ৰসত কেইটোপালমান নেমুৰ ৰস দি এটা মিশ্ৰণ তৈয়াৰ কৰি মুখ ধুলে মুখৰ সৌন্দৰ্য বৃদ্ধি পায়৷ 

⚫️ গাখীৰঃ ছালৰ কাৰণে গাখীৰ অত্যন্ত উপকাৰী৷ মাজে মাজে গাখীৰেৰে মুখ ধুলে ছাল মসৃণ হৈ উঠে আৰু ছালত জমা হোৱা মলি আদি আঁতৰি যায়৷ 

⚫️ বিলাহী ব্যৱহাৰঃ বিলাহীত এনে কিছুমান উপাদান আছে যি ছালৰ বাবে অত্যন্ত উপযোগী৷ তদুপৰি বিলাহীত আছে প্ৰচুৰ পৰিমাণে ভিটামিন  ‘চি’  আৰু অন্যান্য পুষ্টিকৰ উপাদান৷ বিলাহী ৰসেৰে মুখ ধুলে মুখৰ সৌন্দৰ্য বৃদ্ধি পোৱাৰ লগতে দিনটোৰ কৰ্মব্যস্ততাৰ ফলত মুখত যি ক্লান্তিৰ ভাৱ ফুটি উঠে সেয়া সহজে আঁতৰ হয়৷ 

⚫️ আলুঃ ছালৰ বাবে আলু অতি উত্তম৷ আলুত আছে প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ আৰু আইৰণ৷ মুখৰ দাগ গুচাবৰ বাবে আলুৰ ৰস অতি উপযোগী৷ 

   ছালৰ সৌন্দৰ্য বৃদ্ধি, বিভিন্ন ধৰণৰ চৰ্মৰোগৰ পৰা হাত সাৰিবলৈ এইদৰে প্ৰাকৃতিক উপাদানেৰে ছাল পৰিষ্কাৰ কৰিলে সুফল আশা কৰিব পাৰি৷