Logo
image

উক্তি-বক্ৰোক্তি

◼️  ভাৰতে আৰু এটা মাইলৰ খুঁটি স্থাপন কৰিলে৷ দেশৰ প্ৰথমটো সৌৰ পৰ্যবেক্ষণ কেন্দ্ৰ আদিত্য এল-ৰ লক্ষ্যত উপনীত হৈছে৷ এয়া আমাৰ দেশৰ বিজ্ঞানীৰ নেৰা-নেপেৰা সাধনা ফল৷ সন্দেহ নাই, এই অভিযান বিজ্ঞানৰ দিশৰ পৰা অতিশয় জটিল৷ সেই কাৰ্যত ইছৰো সফল হৈছে৷ মই সমগ্ৰ দেশবাসীৰ লগতে বিজ্ঞানীসকলক তেওঁলোকৰ অভূতপূৰ্ব সাফল্যৰ বাবে অভিনন্দন জনাইছোঁ৷ 

– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

◼️  ভাৰতবৰ্ষত এতিয়া মছজিদ, মাদ্ৰাছা ভঙাৰ ৰাজনীতি চলিছে৷ ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যা ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰিব৷ সেয়ে ২০-২৫ জানুৱাৰীপৰ্যন্ত মুছলমান লোকসকলে ভাৰতত ৰে’লত ভ্ৰমণ নকৰিব৷ বিজেপি মুছলমানৰ আটাইতকৈ ডাঙৰ শত্ৰু৷ আজানৰ শত্ৰু, মছজিদৰ শত্ৰু, মাদ্ৰাছাৰ শত্ৰু, মুছলমানৰ মা-ভনীৰ পৰ্দাৰ শত্ৰু, ইছলামিক আইনৰ শত্ৰু৷ 

– এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমল

◼️  বিজেপিয়ে মুছলিমক ঘৃণা নকৰে৷ আমি ‘সবকে সাথ, সবকা বিকাশ’ত গুৰুত্ব প্ৰদান কৰোঁ৷ অযোধ্যা ভূমিৰ পূৰ্বৰ দখলদাৰী আইনগতভাৱে এই স্থানৰ অধিকাৰী নাছিল৷ সেয়ে আদালতে আমাক অযোধ্যাৰ বিবদমান ভূমি গতাই দিছে৷ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীত ভাগ ল’বলৈ আমি ইকবাল আনচাৰীক নিমন্ত্ৰণ জনাইছোঁ৷ বদৰুদ্দিন আজমলৰ দৰে ৰাজনীতিবিদে সমাজত ঘৃণা সিঁচি দিছে৷  বিজেপিয়ে কিন্তু সকলো ধৰ্মকে সন্মান কৰে৷ 

– কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং

◼️  মাদ্ৰাছা বন্ধ কৰাটো চৰকাৰৰ টোঘলকী সিদ্ধান্ত৷ মুছলমান সমাজৰ প্ৰগতি বিচাৰিলে চৰকাৰী খণ্ডৰ মাদ্ৰাছা বন্ধ কৰিব নালাগিছিল৷ হিমন্ত বিশ্ব শৰ্মাই মুছলমান সমাজৰ আধুনিকীকৰণ হোৱাটো নিবিচাৰে৷ 

– সাংসদ আব্দুল খালেক

◼️  অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটো সকলোৰে বাবে গৌৰৱৰ ক্ষণ৷ সেই দিনটোত আমি কলাৰাম মন্দিৰত উপস্থিত থাকি পূজা দিম৷ সেইদিনা গধূলি আমি মন্দিৰৰ সমীপত থকা গোদাবৰী নদীৰ পাৰত আৰতি কৰিম৷

– শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰে

◼️  ৰূপজ্যোতি কুৰ্মীৰ সুৰাৰ ব্যৱসায় আছে৷ মৰিয়নী সমষ্টিত উন্নয়ন নাই৷ সমষ্টিত সকাম খোৱা, বিয়া খোৱাত ব্যস্ত হৈ থাকে বিধায়ক ৰূপজ্যোতি কুৰ্মী৷

– বিধায়ক অখিল গগৈ

◼️  দেশত যদি তেনে ছবি নিৰ্মাণ হয়, যি ছবিত এজন পুৰুষে এগৰাকী মহিলাক তেওঁৰ জোতা চেলেকিবলৈ নিৰ্দেশ দিয়ে, যদিহে এজন পুৰুষে এগৰাকী মহিলাক চৰ শোধোৱা ঘটনাক সমৰ্থন জনায় আৰু সেই ছবিখন ছুপাৰহিট হয়, তেন্তে সেয়া সমাজৰ বাবে অতি ভয়ংকৰ ঘটনা৷ 

– ‘এনিমেল’  ছবি সন্দৰ্ভত জাভেদ আখতাৰ

◼️  মোক সকলোৱে এজন ‘এণ্টাৰটেইনাৰ’ হিচাপে মনত ৰখাটো  বিচাৰোঁ৷  বগা বলৰ খেলেই হওক, অথবা টি -২০ কিম্বা টেষ্ট ক্ৰিকেট– মই ভাবোঁ ক্ৰীজলৈ যাব লাগে আৰু দৰ্শকক আনন্দ দিব পৰাকৈ খেলিব লাগে৷ ইমানদিনে মই ক্ৰিকেটৰ পথাৰত তাকেই কৰিলোঁ৷ 

– টেষ্টৰ পৰা অৱসৰ লোৱা ডেভিদ ৱাৰ্ণাৰ