Logo
image

নিতৌ সুমথিৰা খোৱাটো কিমান স্বাস্থ্যকৰ

শীত আৰম্ভ হোৱাৰ লগে লগে বজাৰত উভৈনদী হৈ পৰে সুমথিৰা৷ সোৱাদৰ ক্ষেত্ৰত সুমথিৰাক অনন্য ফল বুলি কোৱা হয়৷ সুমথিৰাৰ ফলৰ লগতে ইয়াৰ বাকলিও উপকাৰী৷ লোভনীয় কেক্‌, পেষ্ট্ৰিৰ ৰেচিপিৰ উপৰি সুমথিৰাৰ বাকলি বিভিন্ন কামতো ব্যৱহাৰ কৰিব পৰা যায়৷ কিন্তু সুমথিৰাৰ উপকাৰিতাৰ লগতে ইয়াৰ পাশ্বৰ্ক্ৰিয়াও আছে৷

যিমানেই ঠাণ্ডা নপৰক কিয়, বা সুমথিৰা যিমানেই মিঠা নহওক কিয়,  অত্যধিক খোৱা উচিত নহয়৷ অত্যধিক সুমথিৰা খালে বিভিন্ন পাশ্বৰ্ক্ৰিয়া হ’ব পাৰে৷ পুষ্টি বিশেষজ্ঞ গৰিমা গোৱেলৰ মতে সুমথিৰাত থকা ভিটামিন-চি, ডায়েটাৰি ফাইবাৰ, পটাছিয়াম আৰু ফাইটো নিউট্ৰিয়াণ্টছ উপাদানে দেহত বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰে৷ তদুপৰি উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি হূদযন্ত্ৰৰ স্বাভাৱিক ছন্দ অটুট ৰখাত সহায় কৰে সুমথিৰাৰ খাদ্য গুণে৷ চাইট্ৰাছ ফল সুমথিৰাই আথ্ৰৰ্াইটিছ তথা অন্যান্য বাতবিষৰ যন্ত্ৰণা প্ৰশমিত কৰে৷ একেদৰে ইয়াত থকা ফাইটো কেমিকেল আৰু এণ্টিঅক্সিডেণ্টে কেন্সাৰৰ দৰে গুৰুতৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে৷

ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্বন অৰ্থাৎ মূত্ৰনলীত হোৱা সংক্ৰমণ প্ৰতিৰোধ কৰে সুমথিৰাই৷ পেটৰ বিষত সুমথিৰা অতি উপকাৰী৷ ডায়েৰিয়া, কোষ্ঠকাঠিন্য, বদহজমসহ একাধিক সমস্যাত ঔষধৰ কাম কৰে সুমথিৰাই৷ সুমথিৰাৰ ৰস খালে কিডনীত পাথৰ হোৱাৰ আশংকা কমে৷ তেজ পৰিশোধন কৰাত সহায় কৰে সুমথিৰাই৷ ছাল উজ্জ্বল আৰু দাগহীন কৰে সুমথিৰাই৷ তদুপৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়৷ শীতকালত জলবায়ু পৰিৱৰ্তনৰ লগে লগে বিভিন্ন শাৰীৰিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়৷ সেয়ে নিতৌ খাদ্য তালিকাত সুমথিৰা ৰাখিব পাৰে৷

অৱশ্যে পুষ্টি বিশেষজ্ঞ গোৱেলে লগতে এই বুলিও উল্লেখ কৰে যে যিকোনো ফল বা খাদ্যই শাৰীৰিক উপকাৰ কৰিলেও অত্যধিক খালে হিতে বিপৰীত হ’ব পাৰে৷ অত্যধিক সুমথিৰা খোৱাৰ অভ্যাসে পেটৰ সমস্যা কৰে৷ তদুপৰি গেছ বা বদহজমৰ সৃষ্টি কৰিব পাৰে৷