Logo
image

চলচ্চিত্ৰ-কথা

অসমীয়া ভাষাত উন্নতমানৰ চলচ্চিত্ৰ সমালোচনাৰ মুষ্টিমেয় সমালোচকৰ মাজত অধিকাংশ পাঠকে নিমাখিত ছবি সমালোচনা পঢ়িয়েই ক্ষান্ত থাকিবলগীয়া হয়৷ কাৰণ সৰহভাগ সমালোচনাই তেনেই সাধা-মাতা, য’ত চলচ্চিত্ৰৰ গুণাগুণ বিশ্লেষণ কৰাৰ ক্ষমতাই সমালোচকৰ নাথাকে৷ যিকেইজনৰ সমালোচনা উন্নতমানৰ, তেওঁলোকৰ যিদৰে সংখ্যা কম, সেইদৰে লেখাও সীমিতপ্ৰায়৷ এইবিধ সাহিত্যৰ দৈন্যৰ দিনত সম্প্ৰতি যিগৰাকী সমালোচকে অনেকৰ দৃষ্টি কাঢ়িছে, তেওঁ অপৰাজিতা পূজাৰী আৰু ৰাজ্যৰ গ্ৰন্থৰ বতৰত তেওঁৰ ‘মদাৰ ফুলৰ জুই’ নামৰ চলচ্ছিত্ৰ কথাই সেয়ে বহু পাঠকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ ‘মদাৰ ফুলৰ জুই, চলচ্ছিত্ৰ কথা’ সেই অৰ্থত বৃহৎ কলেৱৰৰে নহয়, বিৰাট ব্যতিক্ৰমী আৰু ভিন ভিন দিশেৰে পুংখানুপুংখও৷ বিষয়টোৰ মাজত বা ছবিখনৰ মাজত আত্মস্থ নহ’লে এনেদৰে ছবিৰ সমালোচনা লিখিব নোৱাৰি, বিষয়টো ভালদৰে নুবুজিলেও নোৱাৰি– সেয়া অপৰাজিতা পূজাৰীৰ ‘মদাৰ ফুলৰ জুই’ৰ পাত লুটিয়ালেই উপলব্ধি কৰিব পাৰি৷ ২০২৩ৰ  চলচ্চিত্ৰ বিষয়ৰ শ্ৰেষ্ঠ প্ৰবন্ধৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰা অপৰাজিতা পূজাৰীৰ ‘মদাৰ ফুলৰ জুই’ত ৪১টা সমালোচনা আছে, য’ত কেৱল ছবিখনৰ বিষয়বস্তুতে সমালোচনা সীমাৱদ্ধ নহয়, বৰং ছবিখনৰ বাহিৰৰ বক্তব্যৰেও সমালোচকে নিজৰ লেখাক ‘জাষ্টিফাই’ কৰিছে৷ ফলত পাঠক সমৃদ্ধ হৈছে আৰু ছবি এখনক অন্য দৃষ্টিৰেও চাবলৈ শিকিছে৷ শিকাৰ কথাটো পাঠকৰ বা ছবিৰ দৰ্শকৰ ক্ষেত্ৰতে নহয়, বিষয়টোৰ চৰ্চা কৰা, লিখা-মেলা কৰা বা অনুশীলন কৰাসকলৰ ক্ষেত্ৰত ভিন ভিন দিশত সহায়ক হ’ব পাৰে৷ যথেষ্ট পৰিমাণে নিজে নপঢ়িলে এনে লিখা কঠিন, একেদৰে বিষয়বস্তু অনুভৱ কৰিব নোৱাৰিলেও সেয়া সম্ভৱ নহয়৷ ‘বান্ধৱে’ প্ৰকাশ কৰা ‘মদাৰ ফুলৰ জুই’ত সেই কথা বাৰম্বাৰ প্ৰতিফলিত হৈছে৷