Logo
image

২৯জন সত্ৰাধিকাৰ, লাভলীনা-হিমাকো ৰাম মন্দিৰলৈ আমন্ত্ৰণ

কিশোৰ শিৱম [আমাৰ অসম], ৮ জানুৱাৰীঃ অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীলৈ বিশেষভাৱে আমন্ত্ৰিত হৈছে অসমৰ ২৯জনকৈ সত্ৰাধিকাৰ৷ শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসৰ প্ৰতিনিধিয়ে সত্ৰাধিকাৰ সকলক ব্যক্তিগতভাৱে সাক্ষাৎ কৰি পৰম্পৰাগতভাৱে তেওঁলোকক ২২ জানুৱাৰীৰ কাৰ্যসূচীলৈ আমন্ত্ৰণ জনায়৷ ২৯ জন সত্ৰাধিকাৰৰ লগতে তেওঁলোকৰ সংগী হিচাপে অন্য ২০ জনলোককো কাৰ্যসূচীলৈ আমন্ত্ৰণ জনোৱা হয়৷ উল্লেখ্য যে অযোধ্যাৰ এই বৰ্ণাঢ্য কাৰ্যসূচীলৈ আমন্ত্ৰণ লাভ কৰা সত্ৰাধিকাৰসকল হৈছে ক্ৰমে আউনি আটী সত্ৰৰ পিতাম্বৰ দেব গোস্বামী, গড়মুৰ সৰু সত্ৰৰ হৰিদেৱ গোস্বামী, উত্তৰ কমলাবাৰী সত্ৰৰ জনাৰ্দন দেব গোস্বামী, দক্ষিণপাট সত্ৰৰ ননীগোপাল দেৱ গোস্বামী, বেলগুৰি সত্ৰৰ মুনীন্দ্ৰ নাৰায়ণ গোস্বামী, ছমৰীয়া সত্ৰৰ নিগমানন্দ অধিকাৰী, ভোগপুৰ সত্ৰৰ দত্তদেব গোস্বামী, চামগুৰি সত্ৰৰ হেমচন্দ্ৰ গোস্বামী, দিনজয় সত্ৰৰ মুকুন্দ চন্দ্ৰ গোস্বামী, তিতাবৰৰ কমলাবাৰী সত্ৰৰ সোণাৰাম শৰ্মা, বাসুদেব সত্ৰৰ দেবেন্দ্ৰ দেব গোস্বামী, গোমথা মহৰা সত্ৰৰ গৌতম গোস্বামী, বৰদোৱা নৰোৱা সত্ৰৰ দেৱানন্দ দেৱগোস্বামী, হৰিসত্ৰৰ ৰাজীব লোচন সন্ত, শদিয়াৰ কমলাবাৰী সত্ৰৰ গোপালদেব গোস্বামী, জামুগুৰিৰ চেচা সত্ৰৰ ভব গোস্বামী, শিয়ালমাৰী সত্ৰৰ অৰূপ গোস্বামী, ঘাৰমৰা সত্ৰৰ বিষ্ণুদেব গোস্বামী, বীৰবল সত্ৰৰ ৰাজেশ্বৰ মহাপাত্ৰ আদি৷ অসমসত্ৰ মহাসভাৰ সভাপতি জীতেন্দ্ৰ প্ৰধানী, সম্পাদক কুসুম মহন্ত শ্ৰীমন্ত শংকৰদেব সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকা আৰু সম্পাদক কুশল ঠাকুৰীয়া আদিও ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীলৈ বিশেষভাৱে আমন্ত্ৰিত হৈছে৷ আমন্ত্ৰিত লোকসকল ২১ জানুৱাৰীত অযোধ্যাত উপস্থিত হ’ব লাগিব৷ বিশেষভাৱে আমন্ত্ৰিত লোকসকলক অযোধ্যাত থকাৰ ব্যৱস্থা ষ্ট্ৰাষ্টৰ ফালৰ পৰা কৰা হৈছে৷ উল্লেখ্য যে আগন্তুক পুহ মাহৰ শুক্লা দ্বাদশী তিথি ২২ জানুৱাৰীৰ দিনটোত, ভগৱান শ্ৰী ৰামৰ শিশু ৰূপটো শ্ৰী ৰাম জন্মভূমিত নিৰ্মাণ কৰা নতুন মন্দিৰৰ গৰ্ভগৃহত বিৰাজিত কৰি প্ৰাণ প্ৰতিষ্ঠিত কৰা হ’ব৷ ইয়াৰ বাবে অযোধ্যা মহানগৰীখন সজাই-পৰাই তোলা হৈছে৷ ২২ জানুৱাৰীৰ দিনা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আনুষ্ঠানিকভাৱে মন্দিৰৰ দ্বাৰ মুকলি কৰিব৷ শ্ৰী ৰাম মন্দিৰৰ গৰ্ভগৃহত শ্ৰী ৰামৰ শিশু ৰূপটো প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ দেশ-বিদেশৰ কিছুসংখ্যক লোকক শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসে নিমন্ত্ৰণ কৰিছে৷ ২২ জানুৱাৰীৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিবলৈ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন পন্থৰ ধৰ্মগুৰু, সন্ত, সত্ৰাধিকাৰ, খেলুৱৈ, সাংস্কৃতিক কৰ্মী, কৰসেৱক সহ মুঠ ২১৪জন বিশেষ লোকলৈ শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ফালৰ পৰা ইতিমধ্যে বিশেষ নিমন্ত্ৰণী পত্ৰ প্ৰদান কৰি আমন্ত্ৰণ জনোৱা বুলি সদৰী কৰিছে বিশ্ব হিন্দু পৰিষদৰ অসম ক্ষেত্ৰৰ সংগঠন মন্ত্ৰী ড: দীনেশ তিৱাৰীয়ে৷ সেইমৰ্মে উত্তৰ অসম প্ৰান্তৰ পৰা ৬৩ গৰাকী বিশেষ ব্যক্তিয়ে বিশেষ নিমন্ত্ৰণী পত্ৰ লাভ কৰিছে৷ উত্তৰ অসম প্ৰান্তৰ [ব্ৰহ্মপুত্ৰ উপত্যকা, মেঘালয় আৰু ডিমাপুৰকে ধৰি নাগালেণ্ডৰ একাংশ] ৬৩জন লোকৰ ভিতৰত সন্ত, ধৰ্মীয় গুৰু, সত্ৰাধিকাৰ, কামাখ্যা মন্দিৰৰ পুৰোহিত, বিভিন্ন জনজাতি সমাজৰ গুৰু, অসমৰ বিশিষ্ট খেলুৱৈ, সাংস্কৃতিক কৰ্মীৰ উপৰি শ্ৰী ৰাম মন্দিৰ নিৰ্মাণৰ বাবে নিৰ্দিষ্ট পৰিমাণৰ ধন প্ৰদান কৰা লোকসকলেও নিমন্ত্ৰণ লাভ কৰিছে৷ বিশ্ব হিন্দু পৰিষদৰ ক্ষেত্ৰ সংগঠন মন্ত্ৰীজনে সদৰী কৰা অনুযায়ী, উত্তৰ অসম প্ৰান্তৰ ২৯জন সত্ৰাধিকাৰ আৰু তেওঁলোকৰ সংগী ২০জন, বিশিষ্ট খেলুৱৈ লাভলীনা বৰগোহাই, হীমা দাসকে ধৰি আন ৩৩জন লোকক নিমন্ত্ৰণ জনোৱা হৈছে৷ শ্ৰীৰাম মন্দিৰ নিৰ্মাণৰ বাবে নিৰ্দিষ্ট পৰিমাণৰ নিধি প্ৰদান কৰা আন ১৫জন বিশেষ লোককো অনুষ্ঠানত উপস্থিত থাকিবলৈ নিমন্ত্ৰণ জনোৱা হৈছে৷ আনহাতে,  ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ সংঘচালক ডা: উমেশ চক্ৰৱৰ্তী,  বিশ্ব হিন্দু পৰিষদ, অসমৰ সভাপতি পৰমেশ দত্তকো উক্ত অনুষ্ঠানত বিশেষ নিৰ্বাচিত ব্যক্তি হিচাপে উপস্থিত থাকিবলৈ নিমন্ত্ৰণ জনাইছে শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসে৷