Logo
image

নিদ্ৰাহীনতা? সতৰ্ক হওক

শৰীৰ সুস্থ ৰাখিবলৈ হ’লে পৰ্যাপ্ত টোপনিৰ প্ৰয়োজন৷ টোপনি ভাল নহ’লে বা সঘনাই টোপনি ভাঙিলে স্বাস্থ্যত ইয়াৰ বিৰূপ প্ৰভাৱ পৰে৷ ফলত, বিভিন্ন শাৰীৰিক সমস্যাই দেখা দিয়ে৷ বহুতৰে আকৌ ৰাতি সঘনাই টোপনি ভাঙে৷ ফলত পিছদিনা মূৰৰ বিষ আৰু শৰীৰ অৱশ লাগে৷ বৰ্তমান সময়ত প্ৰায়ভাগৰে অনিয়মীয়া জীৱন-যাপনৰ  প্ৰৱণতা বাঢ়িছে৷ বহুতেই সময়মতে খোৱা, শোৱা বা শাৰীৰিক কাৰ্যকলাপ কৰাত মন নিদিয়ে৷ এনেকুৱা হ’লে শৰীৰ অসুস্থ হোৱাৰ আশংকা বাঢ়ে৷ আচলতে, টোপনিৰ জৰিয়তে আমাৰ দেহৰ বিভিন্নধৰণৰ কাৰ্যকলাপ পৰিচালিত হয়৷ আপুনি যদি সময়মতে শুবলৈ নাযায় বা শোৱাৰ পৰিৱেশ সৃষ্টি কৰি ল’ব নোৱাৰে, তেন্তে টোপনিত ব্যাঘাত জন্মাটো স্বাভাৱিক৷ বহুতেই শুবলৈ যোৱাৰ আগমুহূৰ্তত কিছুমান ভুল কৰে৷ যাৰ বাবে ৰাতি বাৰে বাৰে টোপনি ভাঙে৷ উল্লেখ কৰা হ’ল ৰাতি সঘনাই টোপনি ভাঙিলে কি কৰিব–

বহুতেই ৰাতি খোৱাৰ পাছতে শুবলৈ যায়৷ এই অভ্যাস ভুল৷ ৰাতিৰ আহাৰ খোৱাৰ অন্ততঃ দুঘণ্টা পাছতহে শুবলৈ যোৱা উচিত৷ ভৰা পেটত শুবলৈ গ’লে দেহৰ মেটাব’লিক ৰেট কমি আহে৷ ফলত খাদ্য হজম হোৱাত সময় লাগে৷ যাৰ বাবে নিদ্ৰা বিঘ্নিত হয়৷ সেয়ে খোৱাৰ পাছতে শুবলৈ যোৱা অভ্যাস ত্যাগ কৰক৷

শুবলৈ যোৱাৰ আগমুহূৰ্তত বৈদ্যুতিক যন্ত্ৰ ব্যৱহাৰ নকৰিব৷ বহুতেই  শোৱাৰ আগমুহূৰ্তত বা শুই শুই ম’বাইলফোনটো ব্যৱহাৰ কৰে অথবা টিভি চাই থাকে৷ এনে অভ্যাস ত্যাগ কৰক৷ ইয়াৰ পৰিৱৰ্তে লঘু যোগাসন কৰাৰ অভ্যাস গঢ়ি তোলক৷ শ্বাস-প্ৰশ্বাসৰ ব্যায়াম অথবা কিছুসময় ধ্যান কৰিব পাৰে৷ টোপনি নাহিলে পছন্দৰ কিতাপ পঢ়া কৰক৷ এনে অভ্যাসে টোপনি গভীৰ কৰে৷ 

নিশা শুবলৈ যোৱাৰ পূৰ্বে নিজৰ বাবে কিছু সময় উলিয়াই লওক৷ যেনে ধৰক, মহিলা বা যুৱতীসকলে ৰূপচৰ্চা কৰিব পাৰে৷ লগতে কিছুসময় গৰমপানীত ভৰি দুখন তিয়াই ৰাখিব পাৰে৷ দহ-পোন্ধৰ মিনিটমান সময় নিজৰ বাবে এনেদৰে সময় উলিয়াই ল’লে দিনটোৰ সকলো ক্লান্তি আঁতৰে৷ ফলত টোপনি ভাল হয়৷

বহুতে শুবলৈ যোৱাৰ সময়ত বন্ধু-বান্ধৱ বা আত্মীয়ৰ সৈতে ম’বাইল ফোনত কথা পাতে৷ এনেকুৱা বাৰ্তালাপত বহুতে হতাশা, খং-ৰাগ অথবা দুখ প্ৰকাশ কৰে৷ এইধৰণৰ নেতিবাচক বাৰ্তালাপ বা চিন্তাধাৰাই টোপনি ব্যাঘাত কৰে৷ সেয়ে শুবলৈ যোৱাৰ আগমুহূৰ্তত  মনটোক শান্ত কৰি লওক আৰু ইতিবাচক চিন্তা কৰক৷ 

শোৱাৰ সময়ত আৰামদায়ক পোছাক পৰিধান কৰক৷ এতিয়া যিহেতু গৰমৰ দিন, সেয়েহে পাতল কপাহী কাপোৰ পৰিধান কৰি শুবলৈ যাওক৷ যুৱতী বা মহিলাসকলে শোৱাৰ সময়ত চুলিকোছা ঢিলাকৈ বান্ধি লোৱা কৰক৷ শোৱাৰ সময়ত চুলি টানকৈ বান্ধিলে পিছদিনা মূৰৰ বিষৰ সমস্যা হ’ব পাৰে আৰু পৰৱৰ্তী সময়ত চুলি সৰাৰ সমস্যাই দেখা দিব পাৰে৷