Logo
image

ৰাহুল গান্ধী এজন 'ৰাজনৈতিক পৰ্যটক' : সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা

ডিজিটেল সংবাদ, তেজপুৰঃ "কংগ্ৰেছ নেতা ৰাহুল গান্ধী এজন 'ৰাজনৈতিক পৰ্যটক'৷ নিৰ্বাচন আহিলেহে কংগ্ৰেছে অসমলৈ মনত পেলায়।”- এই মন্তব্য ৰাজ্যসভাৰ বিজেপি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ৷

তেজপুৰত এক অনুষ্ঠানত অংশ লোৱা সাংসদ মাৰ্ঘেৰিটাই সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত কয় যে অসমলৈ ৰাহুল গান্ধী আহিব, আমি তেওঁক স্বাগতম জনাম৷ কাৰণ গান্ধী পৰিয়ালে হওক বা কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই হওক নিৰ্বাচনৰ সময়ত বা অন্য ডাঙৰ ঘটনা হ'লে ৰাজনৈতিক পৰ্যটক হিচাপে অসমলৈ আহে। লগতে তেওঁ বৰ্তমান অসমত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পাঁচশ শতাংশ পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে বুলিও কয়।

ইয়াৰ উপৰি সাংসদ মাৰ্ঘেৰিটাই কয়, "ৰাহুল গান্ধীক আমিও সুধিম যে তেওঁ কোনটো ন্যায়ৰ কথা কৈছে৷ ১৯৭৯ ৰ পৰা ১৯৮৫ চনলৈ কংগ্ৰেছৰ নেতৃত্বত ৮৫৬ জন লোকক গুলীয়াই হত্যা কৰা হৈছিল, তাৰ ন্যায় লাগে৷ ভাৰতৰ অভিন্ন অংগ মিজোৰামত জাহাজৰে বোমা পেলোৱা হৈছিল, তাৰ ন্যায় লাগে নে বিটিএডিত কংগ্ৰেছৰ দিনত গোষ্টীগত সংঘৰ্ষ হোৱাৰ ন্যায় লাগে৷ ইয়াৰ উপৰি ৰাহুল গান্ধীৰ ককা জৱাহৰলাল নেহৰুয়ে চীনা আক্ৰমণৰ সময়ত অসমক যে এৰি দিছিল তাৰ ন্যায় লাগে৷  

তেওঁ পুনৰ কয় যে ৰাহুল গান্ধীয়ে অসমলৈ আহিবলৈ লাজ কৰিব লাগে, কাৰণ 'ভাৰত জোড়ো যাত্ৰা'ৰ বিষয়ে সামাজিক মাধ্যমত ৰাহুল গান্ধীয়ে কাশ্মীৰৰ পৰা কন্যাকুমাৰী লৈ আৰু গুজৰাটৰ পৰা পশ্চিম বংগলৈহে লিখিছিল৷ মাৰ্ঘেৰিটাই কয় যে পশ্চিম বংগৰ পিছত যে উত্তৰ পূৰ্বাঞ্চলৰ ৭ খন ৰাজ্য আছে সেই কথা ৰাহুল গান্ধীয়ে নাজানে৷ 

আনহাতে সাংসদ বদৰুদ্দিন আজমলৰ প্ৰসংগত ৰাজ্যসভাৰ সাংসদজনে কয় যে আজমলৰ কথা কোনো মুছলমান ধৰ্মৰ লোকে নুশুনে আৰু তেওঁৰ কথাত গুৰুত্ব দিয়াৰো প্ৰয়োজন নাই। অহা লোকসভা নিৰ্বাচনত বিজেপিয়ে ৰাজ্যৰ ১২ খন আসন লাভ কৰিব বুলিও তেওঁ মন্তব্য কৰে৷