Logo
image

মোদীক অপমান! মালদ্বীপ বৰ্জনৰ নেতৃত্ব দিছে বলীউডে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৯ জানুৱাৰীঃ বিজেপি-ঘনিষ্ঠ বলীউডৰ অভিনেতা অক্ষয় কুমাৰ, কংগনা ৰানাৱটৰ উপৰি ছলমান খান, ৰণবীৰ কাপুৰ, শ্ৰদ্ধা কাপুৰ আৰু আনকি প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমৰ্থন কৰি লাক্ষাদ্বীপৰ পৰ্যটনৰ প্ৰচাৰ আৰু মালদ্বীপৰ তিনি মন্ত্ৰীৰ অপমানজনক মন্তব্যৰ নিন্দা কৰাৰ লগে লগে হাজাৰ হাজাৰ ভাৰতীয়ই মালদ্বীপ  ভ্ৰমণৰ বুকিং বাতিল কৰিছে৷ ইয়াৰ ফলত ভাৰতীয় পৰ্যটকৰ পৰা পাবলগীয়া ৰাজহৰ পৰা বঞ্চিত হৈ বিপদৰ ক্ষণ গণিছে মালদ্বীপৰ পৰ্যটনশিল্পই৷ স্মৰ্তব্য, ক’ভিড অতিমাৰীৰ সময়ত বিশ্বৰ অধিকাংশ দেশতে প্ৰৱেশ নিষিদ্ধ থাকোঁতে, বিমান চলাচল বন্ধ থাকোঁতে মালদ্বীপে পৰ্যটকৰ বাবে দুৱাৰ খুলি ৰাখিছিল আৰু বলীউডৰ অধিকাংশ চেলেব্ৰিটীয়ে মালদ্বীপ ভ্ৰমণ কৰি ভাৰতীয় পৰ্যটকৰ বাবে এখন বিশাল দুৱাৰ খুলি দিছিল৷ তেতিয়াৰ পৰা বিগত ২-৩ বছৰত বছৰি আঢ়ৈ-তিনি লাখ ভাৰতীয় পৰ্যটকে মালদ্বীপ ভ্ৰমণ কৰি আছে৷ প্ৰসংগতঃ মালদ্বীপৰ সমুদ্ৰ পৰ্যটন অতি ব্যয়বহুল, য’ত একোটা ‘ছি-ভিলা’ৰ এনিশাৰ গড় ব্যয় ভাৰতীয় মুদ্ৰাত ৰ লাখ টকাৰো অধিক৷ অৱশ্যে বীচ্ছ ভিলাৰ মূল্য আপেক্ষিকভাৱে কম৷

প্ৰসংগতঃ উল্লেখযোগ্য নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি মোহামেদ মুইঝু মন্ত্ৰীসভাৰ ৩জন মন্ত্ৰীয়ে দেওবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘বহুৱা’ আৰু ‘পুতলা’ বুলি আখ্যা দি উভয় দেশৰ মাজত চৰম কূটনৈতিক শত্ৰুতাৰ সৃষ্টি কৰিছিল৷ প্ৰথমে মালদ্বীপৰ চৰকাৰে তিনি মন্ত্ৰীৰ ছ’চিয়েল মিডিয়াত কৰা মন্তব্য চৰকাৰী ব্যাখ্যা নহয়, বৰং ব্যক্তিগত মন্তব্য বুলি বিষয়টোৰ পৰা ফালৰি কাটিছিল৷ কিন্তু সময় আগবঢ়াৰ লগে লগে বিষয়টোৱে পাৰষ্পৰিক কূটনৈতিক সম্পৰ্কৰ ক্ষেত্ৰত গুৰুতৰ পৰিস্থিতিৰ সৃষ্টি কৰে আৰু ভাৰতে আনুষ্ঠানিকভাৱে মালদ্বীপ চৰকাৰৰ ওচৰত আপত্তি উত্থাপন কৰে৷ তদুপৰি মালদ্বীপৰ দুজনকৈ প্ৰাক্তন ৰাষ্ট্ৰপ্ৰধানে ভাৰতৰ প্ৰধানমন্ত্ৰী সম্পৰ্কত অপমানজনক মন্তব্য কৰা মন্ত্ৰীৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰাৰ আহ৩ান জনায়৷ ঘটনাই কেইবাঘণ্টা অতিক্ৰম কৰাৰ পাছত, ভাৰতত ব্যাপক বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু মালদ্বীপ চৰকাৰে দেওবাৰেই তিনি মন্ত্ৰী ক্ৰমে মৰিয়ম শ্বিউনা, মালছা শ্বৰীফ আৰু আব্দুল্লা মাহজুম মজিদক মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰে৷ ইয়াৰে প্ৰথম দুয়োগৰাকীয়েই মুইঝু মন্ত্ৰীসভাৰ মহিলা মন্ত্ৰী৷ উল্লেখ্য, ঘটনাৰ সূত্ৰপাত ঘটিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া লাক্ষাদ্বীপ ভ্ৰমণৰ পাছৰ পৰা৷ প্ৰধানমন্ত্ৰী মোদীয়ে লাক্ষাদ্বীপৰ পৰ্যটনৰ প্ৰচাৰ কৰাৰ উদ্দেশ্য লৈ তেওঁৰ সাম্প্ৰতিক ভ্ৰমণৰ কেতবোৰ ফটো ছ’চিয়েল মিডিয়াত আপলোড কৰিছিল৷ মালদ্বীপৰ সৈতে সাদৃশ্য থকা লাক্ষাদ্বীপৰ লেগুন, বগা বালিৰ সমূদ্ৰ তট, প্ৰবাল দ্বীপ যে পৰ্যটকৰ উপভোগ্য লক্ষ্য হ’ব পাৰে তাকো কৈছিল মোদীয়ে৷ নতুন চৰকাৰে দায়িত্ব লোৱাৰ পাছত মালদ্বীপৰ নতুন ৰাষ্ট্ৰপতিয়ে কূটনৈতিক অৱস্থান সলনি কৰি তুৰস্ক আৰু চীন ভ্ৰমণ কৰাত নতুন দিল্লী কিছুপৰিমাণে ক্ষুব্ধ হৈ পৰিছিল৷ তাৰেই ফলশ্ৰুতিত মালদ্বীপৰ ক্ষেত্ৰত ভাৰতে অঘোষিতভাৱে কঢ়া অৱস্থান লোৱাৰ মনস্থ কৰিয়েই মোদীৰ এই শেহতীয়া পদক্ষেপ বুলি চৰ্চা হৈছিল৷ তাৰ পাছতে মালদ্বীপৰ এজন শাসকীয় দলৰ নেতা জাহিদ ৰামিজে মোদীৰ লাক্ষাদ্বীপ ভ্ৰমণ আৰু তেওঁৰ পৰ্যটনৰ প্ৰচাৰক লৈ কটাক্ষ কৰে৷ জাহিদ জামানে মোদীৰ লাক্ষাদ্বীপৰ ফটো শ্বেয়াৰ কৰি কয়, ভাৰতে ক্ষুদ্ৰ অৰ্থনীতিৰ ৰাষ্ট্ৰ শ্ৰীলংকাক ‘নকল’ কৰি ধন ঘটিব খুজিছে৷ তেওঁ ভাৰতৰ পৰ্যটন উদ্যোগক লৈ দাবী কৰে–‘মোদীৰ লাক্ষাদ্বীপৰ প্ৰচাৰ মালদ্বীপৰ বাবে ডাঙৰ সংকট৷ কিন্তু তেওঁলোকে আমাৰ সৈতে পৰ্যটনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব জানো? তেওঁলোকৰ পৰ্যটনস্থল পৰিষ্কাৰ হ’বনে? হোটেলৰ কোঠাৰ স্থায়ী দুৰ্গন্ধ যাবনে? আমি পৰ্যটকক যি ৰাজসিক সুবিধা দিওঁ, সেয়া তেওঁলোকে পাৰিব নে? মুইঝুৰ চৰকাৰ কাৰো পুতলা নহয়, চীনৰো নহয়, ভাৰতৰো নহয়৷’ ইয়াৰ পাছতে দেশখনৰ যুৱ সবলীকৰণ মন্ত্ৰী মৰিয়ম শ্বিউনাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘বহুৱা’ আৰু ‘পুতলা’ বুলি অভিহিত কৰে৷ তেওঁক সমৰ্থন জনায় সতীৰ্থ দুই মন্ত্ৰী মালছা শ্বৰীফ আৰু মাহজুম মজিদে৷ ঠিক তেতিয়াই নতুন দিল্লীয়ে কঠোৰ অৱস্থান লৈ মালদ্বীপৰ ওচৰত আপত্তি উত্থাপন কৰে৷ ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে দেওবাৰে দেশখনৰ চৰকাৰক কৈছিল–মালদ্বীপৰ তিনিজন মন্ত্ৰীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বিষয়ে অবাঞ্চিত আৰু অপমানজনক মন্তব্য কৰিছে, যি মন্তব্য ভাৰতৰ বাবে অনভিপ্ৰেত৷ আনহাতে দেশখন প্ৰাক্তন ৰাষ্ট্ৰপতি মহম্মদ নাছিদ আৰু ইব্ৰাহিম ছলিহে সেই মন্তব্য প্ৰত্যাহাৰ কৰি বন্ধুৰাষ্ট্ৰ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে মন্তব্য কৰা তিনি মন্ত্ৰীৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ দাবী কৰিছিল৷ ইয়াৰ পাছতে মালদ্বীপ চৰকাৰে দেওবাৰে তিনি মন্ত্ৰীক বৰ্খাস্ত কৰে৷

ইপিনে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি মালদ্বীপৰ তিনিগৰাকী মন্ত্ৰী আৰু এজন শাসনাধিষ্ঠিত দলৰ নেতাই অপমানজনক মন্তব্য কৰাৰ ফলত ভাৰত আৰু মালদ্বীপৰ কুটনৈতিক সম্পৰ্কৰ চৰম অৱনতি ঘটিছে৷ আজি নতুন দিল্লীৰ বৈদেশিক মন্ত্ৰণালয়ে ভাৰতত থকা মালদ্বীপৰ উচ্ছায়ুক্ত ইব্ৰাহিম ছাহিবক তলৱ কৰি ভাৰতৰ অসন্তুষ্টিৰ কথা আনুষ্ঠানিকভাৱে জনাই দিয়ে৷ আনহাতে, যি দেশৰ পৃষ্ঠপোষকতা আৰু সমৰ্থনত ক্ষুদ্ৰ দ্বীপৰাষ্ট্ৰ মালদ্বীপৰ কুটনৈতিক অৱস্থান সলনি হৈছে, সেই চীনো শেহতীয়াকৈ বিষয়টোত জড়িত হৈ পৰিছে৷ চীনে আজি স্পষ্টভাৱেই জনাই দিয়ে যে মালদ্বীপক ভাৰত বিৰোধিতাৰ বাবে তেওঁলোকে কোনো প্ৰৰোচনা কৰা নাই৷

প্ৰসংগতঃ, শেহতীয়া নিৰ্বাচনত মোহামেদ মুইঝুৱে দেশখনত থকা ভাৰতীয় সেনা, বিমান আৰু জাহাজ আঁতৰাই পঠিওৱাৰ দাবী তুলি ভাৰত বিৰোধী মেৰুকৰণ সৃষ্টি কৰি জয়লাভ কৰিছিল৷ যোৱা ১৭ নৱেম্বৰত শপতগ্ৰহণ কৰা ৰাষ্ট্ৰপতি মুইঝুৱে প্ৰথমে ভাৰত ভ্ৰমণ কৰাৰ পৰম্পৰা ত্যাগ কৰি ভাৰতৰ সৈতে কুটনৈতিক সম্পৰ্কত ঘূণ ধৰা তুৰস্ক ভ্ৰমণ কৰে আৰু সম্প্ৰতি ভাৰতৰ শত্ৰু চীন দেশ ভ্ৰমণ কৰি পুঁজিৰ প্ৰাৰ্থনাৰে দেশখনৰ কুটনৈতিক অৱস্থান সলনি কৰি চীন-নিৰ্ভৰ হোৱাটো স্পষ্ট কৰি দিছে৷