Logo
image

শিৱসাগৰমুখী বিমান চহৰে-নগৰে যান-জঁট

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৯ জানুৱাৰীঃ ৰাজপথত ব্যাপক যান-জঁটৰ সৃষ্টি কৰি গন্তব্যস্থান শিৱসাগৰৰ দিশে আগবাঢ়িছে উইংছ অৱ হাজৰিকা৷ শিৱসাগৰৰ যুৱ ব্যৱসায়ী হৰি প্ৰসন্ন হাজৰিকাই ৰেস্তোৰাঁ নিৰ্মাণৰ বাবে নিলামত ক্ৰয় কৰি এখন ট্ৰেইলাৰত স্থলপথেৰে কঢ়িয়াই এয়াৰ ইণ্ডিয়াৰ ম্যাদ উকলা বিমানখন শুকুৰবাৰে অসমত প্ৰৱেশ কৰিছিল৷ দেওবাৰে মাজনিশা গুৱাহাটীৰ ৰাজপথ পাৰ হৈ বিমান কঢ়িওৱা ট্ৰেইলাৰখনে সমগ্ৰ পথতে  যান-জঁটৰ সৃষ্টি কৰি শিৱসাগৰ অভিমুখে অগ্ৰসৰ হৈছে৷ অৱশ্যে চকুৰ সন্মুখত আকাশৰ বিশাল বিমানখন ৰাজপথত দেখি ৰাষ্ট্ৰীয় ঘাইপথত হাজাৰ হাজাৰ মানুহে ভিৰ কৰি মোবাইলত ফটো তথা ছেলফি তুলি অভিভূত হ’লেও বিমানখনে সৃষ্টি কৰা যান-জঁটৰ ফলত সৰ্বসাধাৰণে দুৰ্ভোগ ভূগিবলগীয়া হৈছে৷ বিহাৰ, পশ্চিমবংগৰ বিভিন্ন স্থানত পথৰ ওপৰৰ তোৰণ, উৰণ সেতু, ৰেলিঙত লাগি ধৰা এয়াৰ বাছখন পাৰ কৰাৰ বাবে ট্ৰেইলাৰৰ চকা খুলি ৰিঙত চলাই আনিবলগীয়া হৈছিল৷ বিহাৰ-পশ্চিমবংগৰ দৰেই অসমতো ৰাষ্ট্ৰীয় ঘাইপথত ঠায়ে ঠায়ে একে সমস্যাৰ সন্মুখীন হৈছে৷ শনিবাৰে শৰাইঘাট দলঙৰ ৰেলিঙত লাগি ধৰাত বহু সময় ধৰি ট্ৰেইলাৰখন আৱদ্ধ হৈ পৰে যদিও দেওবাৰে নিশা গুৱাহাটী পাৰ কৰাই নিয়া হয় বিমানখনক৷ কিন্তু দেওবাৰে নিশা প্ৰায় ১১ বজাত গড়চুকৰ পৰা যোৰাবাট পাৰ হওঁতে ৰাজপথত ব্যাপক যান-জঁটৰ সৃষ্টি কৰে৷ কোনোমতে যোৰাবাট পাৰ হোৱাৰ পাছত এইবাৰ জাগীৰোডৰ নিৰ্মীয়মান উৰণ সেতুত ট্ৰেইলাখনৰ সৈতে এখন মালবাহী এপে বাহনৰ সংঘৰ্ষ হয়৷ স্থানীয় লোকে এপেখন ঠেলি ঠেলি আঁতৰ কৰে যদিও ঠেক পথৰ বাবে প্ৰায় এঘণ্টা ধৰি উক্ত স্থানত যান-জঁটৰ সৃষ্টি হয়৷ এই যান-জঁটত এম্বুলেন্স পৰ্যন্ত বহু সময় ধৰি আৱদ্ধ হৈ পৰে৷ ইফালে সোমবাৰে পুৱা ৰহাৰ নিৰ্মীয়মান উৰণ সেতু পাৰ হোৱাৰ সময়তো বিমানখনৰ পাখি দুখন কঢ়িয়াই অনা আনখন ট্ৰেইলাৰ লাগি ধৰাত ৰহাতো ব্যাপক যান-জঁটৰ সৃষ্টি হয়৷ এই বাধা নেওচি বিমানখন কঢ়িয়াই লৈ যোৱা ১০০ ফুট দৈৰ্ঘ্যৰ ট্ৰেইলাৰখন শিৱসাগৰৰ দিশে অগ্ৰসৰ হ’লেও বাধা যেন আঁতৰ হোৱা নাই৷ কিয়নো জখলাবন্ধাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে পাৰ হৈ যোৱা ৰে’ল লাইনৰ গেটৰ ৰেলিঙৰ বাবে আগবাঢ়িব পৰা নাই ট্ৰেইলাৰখন৷ কিয়নো ৰে’ল কতৃৰ্পক্ষই ৰে’ল লাইন পাৰ হোৱাৰ বাবে বৰ্তমানলৈ অনুমতি নিদিয়াত বিমানসহ ট্ৰেইনলাৰখন আৱদ্ধ হৈ পৰিছে৷ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে যোৱা ৰে’ল লাইন পাৰ হ’বলৈ হ’লে ৰে’ল গেটখনৰ ৰেলিং খুলি আঁতৰ কৰিব লাগিব৷ ৰেলিঙৰ লগতে বিদ্যুতৰ তাঁৰ, মোবাইল কোম্পানীৰ কেবল আদিও আঁতৰ কৰিলেহে বিমানখন পাৰ কৰাই নিব পাৰিব৷ ৰে’লৱে কতৃৰ্পক্ষই ৰেলিং খোলাৰ অনুমতি দিব বুলি বিমানখনৰ বৰ্তমানৰ স্বত্বাধিকাৰী হৰি প্ৰসন্ন হাজৰিকাই জানিবলৈ দিছে৷ অৱশ্যে জখলাবন্ধাৰ এই বাধা অতিক্ৰম কৰাৰ পাচত কাজিৰঙাত বিমানখনে আন এক সংকটৰ মুখামুখি হোৱাৰ আশংকা কৰা হৈছে৷ কিয়নো কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাইপথত চেঞ্চৰ কেমেৰাৰ বাবে স্থাপন কৰা গেটত ট্ৰেইলাৰসহ বিমানখন লাদি ধৰাৰ আশংকা কৰা হৈছে৷ এই ক্ষেত্ৰতো ব্যৱসায়ী হৰি প্ৰসন্ন হাজৰিকাই ৰাষ্ট্ৰীয় উদ্যান কতৃৰ্পক্ষৰ সৈতে যোগাযোগ কৰা বুলি জানিব পৰা গৈছে৷ জখলাবন্ধা আৰু কাজিৰঙাৰ এই দুই বাধা অতিক্ৰম কৰিব পাৰিলেই যিকোনো মুহূৰ্ততে উইংছ অৱ হাজিৰাই গন্তব্যস্থান শিৱসাগৰত উপস্থিত হ’ব পাৰিব৷ শিৱসাগৰৰ ভটিয়াপাৰাত বিশাল ভূমিত ডুবাইৰ এটা প্ৰতিষ্ঠানে এয়াৰ ইণ্ডিয়া ৩২০ এয়াৰ বাছখনৰ সংস্থাপন কৰি ৰেস্তোৰাঁ নিৰ্মাণ কৰিব৷ ব’হাগ বিহুৰ সময়ত ৰেস্তোৰাঁখন গ্ৰাহকৰ বাবে মুকলি কৰাৰ আশা ব্যক্ত কৰিছে শিৱসাগৰৰ ভাস্কৰজ্যোতি চিনেমা হলৰ স্বত্বাধিকাৰী হৰি প্ৰসন্ন হাজৰিকাই৷

জখলাবন্ধা পালেহি বহুচৰ্চিত উৰাজাহাজ

‘আমাৰ অসম’ৰ কলিয়াবৰৰ প্ৰতিবেদকঃ কালি বিয়লি জখলাবন্ধাত ৰৈছেহি স্থল পথেৰে বিশাল কণ্টেইনাৰত অহা বহু চৰ্চিত বিশেষ উৰাজাহাজ খন৷ এক কথাত ক’বলৈ গ’লে আভিজাত্যৰ গৌৰৱেৰে আকাশত উৰি উৰি এদিন ভাগৰি পৰা এখন উৰাজাহাজ, এতিয়া ৰেষ্টেৰেণ্টৰ নাম ল’বলৈ এখন কণ্টেইনাৰৰ বোকোচাত উঠি ৰাজপথেৰে ধাৱমান হৈছে শিবসাগৰলৈ৷ কিন্তু এনিশাৰ বাবে অৱস্থান কৰিছেহি জখলাবন্ধাত৷ সুদুৰ মুম্বাইৰ পৰা স্থলপথেৰে বিভিন্ন বাধা নেওচি পাইছেহি জখলাবন্ধা৷ কিন্তু কলিয়াবৰ তিনি আলিৰ পৰা নুমলিগড়লৈকে চাৰিলেনযুক্ত পথ নোহোৱাৰ বাবেই কলিয়াবৰত যথেষ্ট যান-জঁটৰ সৃষ্টি হৈছে৷ যথেষ্ট ধীৰ গতিৰে আহি পালেহি জখলাবন্ধা চহৰ৷ কলিয়াবৰ তিনিআলিৰ পৰা ৩৭নং ৰাষ্ট্ৰীয় পথৰ দুয়ো পাৰে উৰাজাহাজখন এবাৰ চাবলৈ ভিৰ কৰিলেহি হাজাৰ হাজাৰ লোকে৷ বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েও ভিৰ কৰিলেহি ৰাষ্ট্ৰীয় পথৰ কাষত৷ জখলাবন্ধাৰ পৰা পুনৰ যাত্ৰা আৰম্ভ কৰিবলৈ হয়তো কিছু সময় লাগিব৷ কাৰণ জখলাবন্ধাত ৰে’ল বিভাগৰ লেভেল ক্ৰচিঙত থকা লোৰ ঢাম আৰু তাঁৰ আঁতৰাবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হ’ব বুলি জানিব পৰা গৈছে৷ হয়তো নিশা অথবা পুৱাৰ ভাগত পুনৰ যাত্ৰা আৰম্ভ কৰিব৷ জখলাবন্ধা চহৰৰ পথৰ দাঁতিত থকা খালি ঠাইত ৰখাই থোৱা হৈছে জাহাজ ভৰ্তি বিশাল ট্ৰাকখন৷ ইয়াৰ পাছতেই কাজিৰঙাত থকা চেনচৰ কেমেৰা থকা ঢাম কেইদালো হয়তো খুলিব লাগিব৷  বুঢ়াপাহাৰৰ ইউ সদৃশ টাৰ্নিং কেইটা পাৰ হওতেও চাগৈ যথেষ্ট যান-জঁটৰ সৃষ্টি হ’ব৷ কলিয়াবৰ আৰক্ষীয়েও এইক্ষেত্ৰত যান-জঁট আঁতৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে৷