Logo
image

ন্যায় পালে বিলকিছ বানুৱে; ১১ ধৰ্ষকক পুনৰ জে’ললৈ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৯ জানুৱাৰীঃ ২০০২ চনৰ গুজৰাটৰ অভিশপ্ত সাম্প্ৰদায়িক সংঘৰ্ষৰ বলি বিলকিছ বানুৰ ১১ ধৰ্ষণকাৰীক পুনৰ কাৰাগাৰলৈ নিক্ষেপ কৰিছে উচ্ছতম ন্যায়ালয়ে৷ সোমবাৰে উচ্ছতম ন্যায়ালয়ে এই বিতৰ্কিত ঘটনাৰ গোচৰৰ ৰায় দি কয় যে, গুজৰাট চৰকাৰে ২০২২ চনৰ ১৫ আগষ্টত বিলকিছ বানুৰ ১১ ধৰ্ষণকাৰীক জালিয়াতি কৰি কাৰাগাৰৰ পৰা মুক্তি দিছিল৷ গুজৰাট চৰকাৰে সেই ক্ষেত্ৰত যি পদক্ষেপ গ্ৰহণ কৰিছিল, সেয়া ৰাজ্য চৰকাৰখনৰ এক্তিয়াৰ বহিৰ্ভূত সিদ্ধান্ত৷ সেই সিদ্ধান্ত ৰদ কৰি উচ্ছতম ন্যায়ালয়ৰ দুজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে সোমবাৰে দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ গৃহৰাজ্যখনৰ বিজেপি চৰকাৰৰ প্ৰতি কঠোৰ মনোভাৱ পোষণ কৰে৷ এই তাৎপৰ্যপূৰ্ণ ৰায় প্ৰদান কৰে ন্যায়াধীশ বি ভি নাগৰত্ন আৰু উজ্জ্বল ভূঞাই৷ উল্লেখ্য, ন্যায়াধীশ উজ্জ্বল ভূঞা হৈছে অসম সন্তান৷ পূৰ্বে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কৰ্মৰত উজ্জ্বল ভূঞা সম্প্ৰতি দেশৰ সৰ্বোচ্ছ আদালতৰ ন্যায়াধীশ৷ এই দুই ন্যায়াধীশৰ বিচাৰপীঠে প্ৰদান কৰা নিৰ্দেশত কোৱা হয় যে অহা দুসপ্তাহৰ পাছত গুজৰাট চৰকাৰে মুক্তি প্ৰদান কৰা বিলকিছ বানুৰ ১১ ধৰ্ষণকাৰীয়েই কাৰাগাৰলৈ যাব লাগিব৷ বিচাৰপীঠে এটা গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰি কয় যে, যিহেতু বিলকিছ বানুৰ ধৰ্ষণৰ গোচৰ মহাৰাষ্ট˜ত হৈছিল, সেয়ে একমাত্ৰ মহাৰাষ্ট্ৰ চৰকাৰেই এই সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে৷ 

২০০২ চনত গোধৰা কাণ্ড সংঘটিত হোৱাৰ পাছত সমগ্ৰ গুজৰাটজুৰি সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছিল৷ সেই সাম্প্ৰদায়িক সংঘৰ্ষত সহস্ৰাধিক সংখ্যালঘু লোকক হত্যা কৰা হৈছিল আৰু ২০০০ৰো অধিক সংখ্যালঘু মহিলাক ধৰ্ষণ কৰা হৈছিল৷ বিলকিছ বানু আছিল সেই সাম্প্ৰদায়িক সংঘৰ্ষৰ অন্যতম বলি৷ ২০০২ চনৰ ৩ মে’ত গুজৰাটৰ দাহোড় জিলাৰ দেবগড় বাৰিয়া গাঁৱত দুষ্কৃতিকাৰীয়ে আক্ৰমণ চলাইছিল৷ সেই আক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে পলাই যাবলৈ চেষ্টা কৰা বিলকিছ বানুক এদল দুষ্কৃতিকাৰীয়ে ধৰি মুকলি স্থানতে  দলবদ্ধভাৱে ধৰ্ষণ কৰে৷ তেতিয়া বিলকিছ বানু পাঁচ মাহৰ অন্তঃসত্ত্বা আছিল৷ বিলকিছ বানুৰ চকুৰ সন্মুখতে তেওঁৰ তিনি বছৰীয়া কন্যা সন্তানটিক দুষ্কৃতিকাৰীয়ে শিলত আচাৰি  হত্যা কৰিছিল৷ সন্তানটিৰ ঘটনাস্থলীতে মৃত্যু হৈছিল৷ সেই ঘটনাত সংখ্যালঘু গাঁওখনৰ আন বহুতৰ লগতে বিলকিছ বানুৰ পৰিয়ালৰ কেইবাজনো সদস্যক হত্যা কৰা হয়৷ বিলকিছ বানুৱে তেওঁৰ ধৰ্ষণকাৰীক চিনাক্ত কৰিবলৈ সক্ষম হৈছিল কিয়নো ধৰ্ষণকাৰী আছিল তেওঁলোকৰ চুবুৰীয়া গাঁৱৰ৷ চি বি আয়ে তদন্ত কৰা এই গোচৰ চলিছিল মুম্বাইৰ চি বি আইৰ আদালতত৷ তাৰ পূৰ্বেই বিলকিছ বানুৱে তদন্তকালত ১২ ধৰ্ষণকাৰীক চিনাক্ত কৰিছিল৷ চি বি আইৰ আদালতে ২০০৮ চনৰ  ২১ জানুৱাৰীত ১১ ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি দিছিল৷ বিচাৰ চলি থকা সময়তে এক ধৰ্ষণকাৰীৰ মৃত্যু হৈছিল৷ 

গুজৰাট চৰকাৰে কোনো আইন-কানুন নমনাকৈ আৰু সকলো বিধি উলংঘা কৰি ২০২২ চনৰ ১৫ আগষ্টত এই ১১ ধৰ্ষণকাৰীক স্থায়ীভাৱে মুক্তি দিয়াত সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল৷ উচ্ছতম ন্যায়ালয়ৰ সোমবাৰৰ ৰায়ত গুজৰাট চৰকাৰৰ এই বিধিবহিৰ্ভূত সিদ্ধান্ত উন্মোচিত হৈ পৰিছে৷ উচ্ছতম ন্যায়ালয়ে গুজৰাট চৰকাৰৰ এই পদক্ষেপক স্পষ্টভাৱে জালিয়াতি বুলি মন্তব্য কৰিছে৷ উল্লেখ্য, মুক্তি পোৱাৰ পাছত এই ১১ ধৰ্ষণকাৰীক ফুলৰ মালা পিন্ধাই আদৰি অনা হৈছিল আৰু তেওঁলোকৰ কেইবাজনেও চৰকাৰী কাৰ্যসূচীত বিজেপি চৰকাৰৰ মন্ত্ৰীৰ সৈতে শাৰী পূৰাই মঞ্চত বহিছিল৷ সেই ঘটনা দেখি বিলকিছ বানুৰ পৰিয়াল আতংকিত হৈ  পৰিছিল৷ তেওঁলোকে সেই আতংকৰ ফলতে  উচ্ছতম ন্যায়ালয়ত গুজৰাট চৰকাৰৰ বিৰুদ্ধে আবেদন জনাইছিল৷ উচ্ছতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়ক বিলকিছ বানুৰ পৰিয়ালে আদৰণি জনালেও তেওঁলোকৰ শংকা এতিয়াও শেষ হোৱা নাই৷ বিলকিছ বানুৰ পৰিয়ালৰ এজন সদস্যই এই ৰায়ৰ পাছত সংবাদ মাধ্যমৰ আগত কয়– ‘উচ্ছতম ন্যায়ালয়ৰ এই নিৰ্দেশত আমি ন্যায়ব্যৱস্থাৰ ওপৰত থকা আস্থা পুনৰ ঘূৰাই পাইছো৷ ন্যায়ব্যৱস্থা যে এতিয়াও জীয়াই আছে, এই ৰায় তাৰেই নিদৰ্শন৷ কিন্তু আমি যে একেবাৰে বিজয়ী হৈছো সেই কথাও এতিয়া মানি ল’ব পৰা নাই৷ কিয়নো তেওঁলোকে চৰকাৰৰ ওচৰত মুক্তিৰ  বাবে পুনৰ আবেদন জনাব পাৰে৷ তদুপৰি মহাৰাষ্ট্ৰ চৰকাৰৰহে এইক্ষেত্ৰত অধিকাৰ থকা বুলি উচ্ছতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়ে ১১ ধৰ্ষণকাৰীক আন এটা সুযোগ দিবও পাৰে৷ সেয়ে আমাৰ মনৰ পৰা স্থায়ীভাৱে আশংকা দূৰ হোৱা নাই৷’