Logo
image

দৈৰ সৈতে কেতিয়াও এইবোৰ খাদ্য নাখাব

দৈ স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়৷ ই পাছন শক্তিৰ লগতে শৰীৰৰ ৰোগ-প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ দৈত কেলছিয়াম থকাৰ বাবে হাড় শক্তিশালী কৰে৷ দৈ ভিটামিন বি-২, ভিটামিন বি-১২, মেগনেছিয়াম, পটাছিয়াম আৰু প্ৰ’টিনসমৃদ্ধ৷ যাৰ বাবে দৈক ছুপাৰ ফু.ডৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হয়৷ এই বাবে দৈ দৈনিক খাবলৈ পৰামৰ্শ দিয়া হয়৷ কিন্তু স্বাস্থ্যৰ বাবে পৰম উপকাৰী দৈৰ সৈতে কিছুমান বস্তু খালে শৰীৰৰ প্ৰচুৰ ক্ষতি কৰে৷ গৰমৰ দিনকেইটাত খোৱা-বোৱাৰ লগতে শৰীৰ চৰ্চাৰ বিষয়ত বিশেষ গুৰুত্ব দিয়া উচিত৷ 

দৈৰ সৈতে পিঁয়াজঃ গ্ৰীষ্মৰ দিনবোৰত স্বাদ বৃদ্ধিৰ বাবে বহুতেই দৈত পিঁয়াজ যোগ দিয়ে৷ কিন্তু ই স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক৷ দুয়োটা একেলগে ব্যৱহাৰ কৰিলে এলাৰ্জি হ’ব পাৰে৷ তদুপৰি গেছ, এচিডিটিৰ উপৰি কেতিয়াবা বমিও হ’ব পাৰে৷

দৈৰ সৈতে গুড়ঃ দৈৰ সৈতে বহুতৰে চেনিৰ সলনি গুড় খোৱাটো অভ্যাস৷ দৈৰ সৈতে গুড় খালে চৰ্দি-কাহ, জ্বৰত আক্ৰান্ত হোৱাৰ আশংকা থাকে৷ তদুপৰি দৈয়ে ওজন বৃদ্ধিত সহায় কৰে৷ সেই বাবে পৰাপক্ষত দৈৰ সৈতে গুড় নোখোৱাটোৱেই ভাল৷ 

গাখীৰ-দৈ একেলগে ব্যৱহাৰঃ দৈৰ সৈতে একে সময়তে গাখীৰ খালে পেটৰ সমস্যাত ভুগিব পাৰে৷ বিশেষজ্ঞসকলৰ মতে দৈ আৰু গৰম গাখীৰ একেলগে খালে ডায়েৰিয়া, পেটৰ বিষ, বদহজমৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ 

আমৰ সৈতে দৈঃ  আম আৰু দৈ একেলগে মিহলাই খাব নালাগে৷ গ্ৰীষ্মকালত আমলাচি খাবলৈ ভাল যদিও ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷ এনেদৰে খালে বদহজম, এচিডিটিৰ সমস্যাত ভুগিব পাৰে৷ তদুপৰি ই শৰীৰত বিষাক্ত পদাৰ্থ বৃদ্ধি কৰে৷ 

দৈৰ সৈতে মাছঃ দৈ আৰু মাছ একেলগে খোৱা উচিত নহয়৷ এই দুয়োটাতে প্ৰ’টিন উপলব্ধ৷ দৈৰ সৈতে মাছ খালে স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰে৷ যাৰ বাবে বদহজমৰ দৰে সমস্যাত ভুগিব পাৰে৷ সেয়েহে দৈৰ সৈতে এনেবোৰ দ্ৰব্য খোৱাৰ পৰা বিৰত থাকিব লাগে৷ 

ৰহৰ দাইলৰ সৈতে দৈঃ দৈৰ সৈতে ৰহৰ দাইল খালে এচিডিটিত ভুগিব পাৰে৷ সেয়েহে দৈ আৰু ৰহৰ দাইল একেলগে খাব নালাগে৷